• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিএনবি কেলেংকাৰীত ভাৰতৰ ডাঙৰ জয়, মেহুল চোকছিৰ প্ৰত্যাৰ্পণক সমৰ্থন বেলজিয়ামৰ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 10, 2025 7:41 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক জয়। পিএনবিৰ ডিফল্টৰ আৰু পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছিক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ আইনী জটিলতা কাৰ্যতঃ নাইকিয়া হৈছে। ইতিমধ্যে বেলজিয়ামৰ নিম্ন আদালতে তেওঁৰ ভাৰতক প্ৰত্যাৰ্পণৰ অনুৰোধত সন্মতি প্ৰকাশ কৰিছিল। সেই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত চোকচিৰ আবেদনো খাৰিজ কৰা হয়। অৰ্থাৎ মেহুল চোকসীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত আৰু কোনো বাধা নাই।

গুজৰাটৰ ৬৫ বছৰীয়া হীৰা ব্যৱসায়ী মেহুল চোকসীয়ে পিএনবিৰ পৰা ১৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটৰ এই হীৰা ব্যৱসায়ীজনে ২০১৮ চনত দেশ এৰি পলায়ন কৰিছিল।সেই সময়ত আন এজন ডিফল্টকাৰী তেওঁৰ ভতিজা নীৰৱ মোডীয়েও দেশ এৰি থৈ গৈছিল। প্ৰথমতে তেওঁ দ্বীপ ৰাষ্ট্ৰ এন্টিগুয়াত লুকাই আছিল। চোকচিয়ে বাৰে বাৰে আদালতত কয় যে তেওঁ এতিয়া ভাৰতীয় নহয়, এন্টিগুয়াৰ নাগৰিক। কিন্তু তেওঁ এই দেশৰ নাগৰিকত্ব ত্যাগ কৰা নাছিল। ফলত নতুন দিল্লীয়ে নিয়ম অনুসৰি তেওঁক বহিঃৰাজ্যৰ পৰা প্ৰত্যাৰ্পণৰ ব্যৱস্থা গ্ৰহণ কৰে। ২০২৪ চনত চিবিআইয়ে গম পালে যে চোকচি বেলজিয়ামত আত্মগোপন কৰি গৈছে। তেতিয়াই বেলজিয়াম চৰকাৰক প্ৰত্যাৰ্পণৰ অনুৰোধ কৰা হৈছিল। তাত থকা আদালতৰ নিৰ্দেশত এপ্ৰিল মাহত চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰৱঞ্চনামূলক হীৰা ব্যৱসায়ীজনক।

Apply Now

অক্টোবৰ মাহত বেলজিয়ামৰ আদালতে চোকছিক ভাৰতক প্ৰত্যাৰ্পণ কৰিবলৈ অনুমতি দিছিল। তেওঁক ভাৰতক গতাই দিবলৈ নতুন দিল্লীৰ আবেদন বৈধ ঘোষণা কৰে ন্যায়াধীশে। অৱশ্যে চোকচিয়ে সেই আদেশক প্ৰত্যাহ্বান জনাই তাতেই উচ্চতম ন্যায়ালয়ত আবেদন জনায়। তেওঁ যুক্তি দিছিল যে যদি ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয় তেন্তে তেওঁক অত্যাচাৰ কৰা হ’ব পাৰে। তদুপৰি ভাৰতীয় কাৰাগাৰ এখন তেওঁৰ বসবাসৰ বাবে উপযুক্ত নহয়।চোক্সীৰ দ্বৈত দাবীক ভাৰত চৰকাৰে প্ৰত্যাহ্বান জনায়। ভাৰতৰ পৰা বেলজিয়ামলৈ প্ৰেৰণ কৰা হৈছিল জেলৰ ছবি। আইনৰ বাহিৰত একো কৰা নহ’ব বুলি আশ্বাস দিয়া হৈছিল। নতুন দিল্লীৰ যুক্তি মানি ল’লে বেলজিয়ামৰ উচ্চতম ন্যায়ালয়ে। আৰু খাৰিজ কৰে চোকচিৰ আবেদন।

চোকচিৰ আবেদন খাৰিজ কৰাৰ অৰ্থ হ’ল চোকচিক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত আৰু কোনো বাধা নাই। এতিয়া ভাৰতীয় সংস্থাসমূহে প্ৰত্যাৰ্পণৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। এই কাম সম্পূৰ্ণ হ’লে পলাতক ডিফল্টকাৰীক দেশলৈ ঘূৰাই পঠিওৱা হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd