• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Beltola couple murder case: মুখ খোলা নাই আকাশ চৌধুৰীয়ে, আকাশৰ পত্নী পুতু দাসক থানালৈ আনি পুনৰ জেৰা আৰক্ষীৰ

মৰণোত্তৰ পৰীক্ষাৰ পিছত চন্দন নগৰৰ ঘৰলৈ অনা হৈছে বৰুৱা দম্পতীৰ মৃতদেহ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2021 10:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেলতলাৰ বৃদ্ধ দম্পতীৰ লোমহৰ্ষক হত্যাকাণ্ড এতিয়াও ৰহস্যৰ মাজতে আছে।

আৰক্ষীৰ জিম্মাত থকা কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে এতিয়ালৈকে স্বীকাৰ কৰা নাই হত্যাকাণ্ডটোত জৰিত থকাৰ কথা।

আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পিছতো আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাই। এনে পৰিস্থিতিত ছায়েণ্টিফিক ইভিডেন্সৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে।

আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট বৰুৱা দম্পতীৰ কোঠাৰ খিৰিকী-দুৱাৰ আদিত পোৱা ফিংগাৰপ্ৰিণ্টৰ হৈছে মিলি গৈছে।

Apply Now

ইপিনে চিচিটিভিত ধৰা পৰা লোক দুজনকো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আকাশ চৌধুৰীয়ে বাৰে বাৰে হত্যাকাণ্ডত জৰিত থকাৰ কথা অস্বীকাৰ কৰি থকাৰ মাজতে আজি আৰক্ষীয়ে আকাশৰ পত্নী পুতু দাসক দিছপুৰ থানালৈ লৈ আহিছে।

পত্নী পুতু দাসৰ মুখৰ পৰাই আৰক্ষীয়ে হত্যাকাণ্ডটো সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য উলিয়াবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য আকাশ আৰু আকাশৰ পত্নী পুতু দাসে আৰক্ষীক দিয়া ভাষ্যত যথেষ্ট বিসংগতি থকালৈ চাই ঘটনাটোত যে আকাশ চৌধুৰী জৰিত আছে সেই বিষয়ত আৰক্ষী নিশ্চিত হৈছে।

এই মুহূৰ্তত পাণবজাৰ থানালৈ নিয়া হৈছে পুতু দাসক । পাণবজাৰ মহিলা থানাতেই আৰক্ষীয়ে পুতু দাসক জেৰা চলাব বুলি জানিব পৰা গৈছে। খুব কম সময়ৰ ভিতৰতে হয়তো এই হত্যাকাণ্ডত জৰিত সকলৰ কথা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

উল্লেখ্য বেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীৰ।

ঘটনাস্থলীত উদ্ধাৰ আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট। আকাশে গ্ৰীল ভঙা বুলি কোৱা গ্ৰীলখনতে আকাশৰ ফিঙগাৰ প্ৰিন্ট লাভ কৰিছে ফৰেণ্সিক দলে।

ফৰেণ্সিক দল, CID আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই নিছে বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ।

ইতিমধ্যে, দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আকাশ চৌধুৰীক।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু হৈছে গোচৰ

আৰক্ষীৰ মাৰাথান জেৰাৰ পাছতো এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নহয় বুলিয়েই কৈ আছে। সংবাদ মাধ্যমকো তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছিল।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এতিয়ালৈ ৪ জন লোকক আটক কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে পৰহি নিশা আন দুজন লোকক মহানগৰ আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোকদুজন বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ এজন অটোচালক।

দুয়োজনে আকাশ চৌধুৰীৰ সৈতে সেইনিশা সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে।

মহানগৰ আৰক্ষীয়ে সত্যন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ দুজন লোকক আটক কৰিছিল।

আকাশ চৌধুৰীৰ কল ডিটেইলচৰ আধাৰত এই লোকদুজনক আৰক্ষীয়ে আটক কৰিছিল।

ইপিনে কালি আৰক্ষীয়ে অভিযুক্ত আকাশ চৌধুৰীক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।
আদালতে আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

 ইপিনে আজি দিনৰ প্ৰায় ১১ বজাত মৰণোত্তৰ পৰীক্ষাৰ পিছত বৰুৱা দম্পতীৰ মৃতদেহ চন্দন নগৰৰ ঘৰলৈ অনা হৈছে। মৃতদেহ আহি পোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক গোমা পৰিবেশে বিৰাজ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd