• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Beltola couple murder case: মুখ খোলা নাই আকাশ চৌধুৰীয়ে, আকাশৰ পত্নী পুতু দাসক থানালৈ আনি পুনৰ জেৰা আৰক্ষীৰ

মৰণোত্তৰ পৰীক্ষাৰ পিছত চন্দন নগৰৰ ঘৰলৈ অনা হৈছে বৰুৱা দম্পতীৰ মৃতদেহ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2021 10:50 am
417
VIEWS
Share on FacebookShare on Twitter

বেলতলাৰ বৃদ্ধ দম্পতীৰ লোমহৰ্ষক হত্যাকাণ্ড এতিয়াও ৰহস্যৰ মাজতে আছে।

আৰক্ষীৰ জিম্মাত থকা কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে এতিয়ালৈকে স্বীকাৰ কৰা নাই হত্যাকাণ্ডটোত জৰিত থকাৰ কথা।

আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পিছতো আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাই। এনে পৰিস্থিতিত ছায়েণ্টিফিক ইভিডেন্সৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে।

আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট বৰুৱা দম্পতীৰ কোঠাৰ খিৰিকী-দুৱাৰ আদিত পোৱা ফিংগাৰপ্ৰিণ্টৰ হৈছে মিলি গৈছে।

ইপিনে চিচিটিভিত ধৰা পৰা লোক দুজনকো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আকাশ চৌধুৰীয়ে বাৰে বাৰে হত্যাকাণ্ডত জৰিত থকাৰ কথা অস্বীকাৰ কৰি থকাৰ মাজতে আজি আৰক্ষীয়ে আকাশৰ পত্নী পুতু দাসক দিছপুৰ থানালৈ লৈ আহিছে।

পত্নী পুতু দাসৰ মুখৰ পৰাই আৰক্ষীয়ে হত্যাকাণ্ডটো সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য উলিয়াবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য আকাশ আৰু আকাশৰ পত্নী পুতু দাসে আৰক্ষীক দিয়া ভাষ্যত যথেষ্ট বিসংগতি থকালৈ চাই ঘটনাটোত যে আকাশ চৌধুৰী জৰিত আছে সেই বিষয়ত আৰক্ষী নিশ্চিত হৈছে।

এই মুহূৰ্তত পাণবজাৰ থানালৈ নিয়া হৈছে পুতু দাসক । পাণবজাৰ মহিলা থানাতেই আৰক্ষীয়ে পুতু দাসক জেৰা চলাব বুলি জানিব পৰা গৈছে। খুব কম সময়ৰ ভিতৰতে হয়তো এই হত্যাকাণ্ডত জৰিত সকলৰ কথা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

উল্লেখ্য বেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীৰ।

ঘটনাস্থলীত উদ্ধাৰ আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট। আকাশে গ্ৰীল ভঙা বুলি কোৱা গ্ৰীলখনতে আকাশৰ ফিঙগাৰ প্ৰিন্ট লাভ কৰিছে ফৰেণ্সিক দলে।

ফৰেণ্সিক দল, CID আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই নিছে বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ।

ইতিমধ্যে, দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আকাশ চৌধুৰীক।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু হৈছে গোচৰ

আৰক্ষীৰ মাৰাথান জেৰাৰ পাছতো এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নহয় বুলিয়েই কৈ আছে। সংবাদ মাধ্যমকো তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছিল।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এতিয়ালৈ ৪ জন লোকক আটক কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে পৰহি নিশা আন দুজন লোকক মহানগৰ আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোকদুজন বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ এজন অটোচালক।

দুয়োজনে আকাশ চৌধুৰীৰ সৈতে সেইনিশা সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে।

মহানগৰ আৰক্ষীয়ে সত্যন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ দুজন লোকক আটক কৰিছিল।

আকাশ চৌধুৰীৰ কল ডিটেইলচৰ আধাৰত এই লোকদুজনক আৰক্ষীয়ে আটক কৰিছিল।

ইপিনে কালি আৰক্ষীয়ে অভিযুক্ত আকাশ চৌধুৰীক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।
আদালতে আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

 ইপিনে আজি দিনৰ প্ৰায় ১১ বজাত মৰণোত্তৰ পৰীক্ষাৰ পিছত বৰুৱা দম্পতীৰ মৃতদেহ চন্দন নগৰৰ ঘৰলৈ অনা হৈছে। মৃতদেহ আহি পোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক গোমা পৰিবেশে বিৰাজ কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd