• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Beltola couple murder case:কেনেকৈ অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বেলতলাৰ বৃদ্ধ দম্পতীক?

বেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য,আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 27, 2021 3:46 pm
3.3k
VIEWS
Share on FacebookShare on Twitter

বেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীৰ।

ঘটনাস্থলীত উদ্ধাৰ আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট। আকাশে গ্ৰীল ভঙা বুলি কোৱা গ্ৰীলখনতে আকাশৰ ফিঙগাৰ প্ৰিন্ট লাভ কৰিছে ফৰেণ্সিক দলে।

ফৰেণ্সিক দল, CID আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই নিছে বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ।

ইতিমধ্যে, দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আকাশ চৌধুৰীক।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু হৈছে গোচৰ

কিন্তু অধিক ৰহস্যঘন হৈ পৰিছে গুৱাহাটীৰ চন্দন নগৰৰ হত্যাকাণ্ড।

আৰক্ষীৰ মাৰাথান জেৰাৰ পাছতো এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নহয় বুলিয়েই কৈ আছে। সংবাদ মাধ্যমকো তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছিল।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এতিয়ালৈ ৪ জন লোকক আটক কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে।

কালি গ্ৰেপ্তাৰ হৈছিল বৃদ্ধ দম্পতিৰ কেয়াৰটেকাৰ আকাশ চৌধুৰী। লগতে আৰক্ষীয়ে আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো সোধা-পোচা অব্যাহত ৰাখিছে।

ইপিনে কালি নিশা আন দুজন লোকক মহানগৰ আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোকদুজন বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ এজন অটোচালক।

দুয়োজনে আকাশ চৌধুৰীৰ সৈতে সেইনিশা সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে।

কালিও মহানগৰ আৰক্ষীয়ে সত্যন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ দুজন লোকক আটক কৰিছিল।

আকাশ চৌধুৰীৰ কল ডিটেইলচৰ আধাৰত এই লোকদুজনক আৰক্ষীয়ে আটক কৰিছিল।

ইপিনে আজি আৰক্ষীয়ে অভিযুক্ত আকাশ চৌধুৰীক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।

আদালতে আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd