ইংলেণ্ড ক্ৰিকেট দলৰ ষ্টাৰ অলৰাউণ্ডাৰ তথা ৰাজস্থান ৰয়েলছ দলৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰ বেন ষ্টোকছক আই পি এলৰ আৰম্ভণিৰ কেইখনমান মেচত দেখা পোৱা নাযাব।
পাকিস্তানৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলা আধাতে এৰি ঘৰলৈ উভতিছিল বেন ষ্টোকছ। অলৰাউণ্ডাৰ গৰাকী বৰ্তমান পৰিয়ালৰ সৈতে নিউজিলেণ্ডত আছে।
জানিব পৰা মতে, ষ্টোকছৰ পিতৃ বৰ্তমান অসুস্থ, যাৰ বাবে তেওঁ আই পি এলৰ প্ৰথম কেইখনমান মেচত অংশ লোৱাৰ বিপৰীতে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ যে বেন ষ্টোকছৰ পিতৃ ব্ৰেইন কেন্সাৰত আক্ৰান্ত।
ইফালে ষ্টোকছৰ এই সিদ্ধান্তক ৰাজস্থান ৰয়েলছে ইতিবাচক আখ্যা দিয়াৰ লগতে কঠিন সময়ত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সিদ্ধান্তক আদৰণি জনায়।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰাজস্থান ৰয়েলছৰ টিম মেনেজমেণ্টে বেন ষ্টোকছৰ সৈতে ফোনতো কথা নপতাৰ সিদ্ধান্ত লৈছে।
ষ্টাৰ অলৰাউণ্ডাৰ গৰাকীয়ে আই পি এলত অংশ লোৱা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ অপেক্ষাত আছে ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষ।