DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বীৰ লাচিত সেনাৰ তৎপৰতাত বঙালীৰ ঠাইত পুনৰ অসমীয়া ভাষাৰ জাননী আঁৰিবলৈ বাধ্য হ’ল বেংক কৰ্তৃপক্ষ

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
June 15, 2020 7:19 pm
শিৱসাগৰৰ বেংকত লাচিত সেনা

শিৱসাগৰৰ বেংকত লাচিত সেনা

7.7k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ৰাষ্ট্ৰীয়কৃত এটা বেংকত বঙালী ভাষাৰ বেনাৰ পেষ্টাৰ অঁৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

কৰ্পোৰেচন বেংকৰ শিৱসাগৰ শাখাত এনেধৰণৰ বাঙালী ভাষাৰ জাননী অঁৰাক লৈ আজি বেংক কৰ্তৃপক্ষক জবাবদিহি কৰিলে বীৰ লাচিত সেনাই।

উল্লেখ যোগ্য যে, বেংকৰ কেতবোৰ নীতি নিয়ম সম্বলিত বাঙালী ভাষাৰ এখন জাননী পত্ৰ বেংকৰ দেৱালত আঁৰি থোৱাৰ কথা বীৰ লাচিত সেনাৰ কৰ্মী সকলে অৱগত হোৱাৰ পিছতে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নেতৃত্বত সংগঠনটোৰ কিছু সংখ্যক সদস্য শিৱসাগৰৰ এএছটিচি বাছ আস্থানৰ বিপৰীত দিশত থকা কৰ্পোৰেচন বেংকত উপস্থিত হয় আৰু বেংক কৰ্তৃপক্ষক জবাবদিহি কৰে।

বেংকটোৰ সঞ্চালক গৰাকীয়ে বীৰ লাচিত সেনাৰ সদস্য সকলৰ প্ৰশ্নৰ কোনোধৰণৰ উত্তৰ দিব নোৱাৰিলে।

বীৰ লাচিত সেনাৰ কৰ্মী সকলে বেংকৰ মেনেজাৰ জনক বাঙালী ভাষাত লিখা জাননী পত্ৰ খন আঁতৰাই তাৰ ঠাইত অসমীয়া ভাষাৰ জাননী পত্ৰ আঁৰাৰ বাবে নিৰ্দেশ দিয়ে।

বীৰ লাচিত সেনাৰ কৰ্মী সকলৰ দাবী মানি অৱশ্যে বেংকৰ কৰ্তৃপক্ষটোৱে প্ৰায় ১৫ মিনিটৰ ভিতৰত বাঙালী ভাষাত লিখা জাননী পত্ৰখন আঁতৰাই সেই স্থানত অসমীয়া ভাষাৰ জাননী পত্ৰ আঁৰিবলৈ বাধ্য হয়।

এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হোৱাৰ লগে লগে অসমত এচাম বহিঃৰাজ্যৰ বাঙালী লোকৰ অতপালি বাঢ়ি গৈছে বুলি উল্লেখ কৰে।

অসমত থকা নানা ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মৰত বহিঃৰাজ্যৰ কৰ্মচাৰীসকলে অসমীয়া ভাষাক এলাগী কৰি সম্পূৰ্ণ ৰূপে বাংলা ভাষা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলিও লগতে উল্লেখ কৰে।

‘’অসমীয়া ভাষাক ধ্বংস কৰাৰ যি যড়যন্ত্ৰ তাক ওফৰাই দিয়া হ’ব। অসমত থাকিলে বা ব্যৱসায় কৰিলে বা চাকৰি কৰিলেও অসমীয়া ভাষা কবই লাগিব, লিখিবই লাগিব আৰু নাজানিলে শিকিব লাগিব। অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে কোনো প্ৰতিষ্ঠানকো শান্তিত থাকিবলৈ দিয়া নহ’ব’’বীৰ লাচিন সেনাৰ সদস্য সকলে হুংকাৰ দিয়ে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd