• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালী সংগঠনৰ সমাৱেশ বিজেপি চৰকাৰৰ ‘কৌশল’, দাবী উপমন্যু হাজৰিকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 30, 2018 11:15 pm
There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘চৰকাৰে পৰিকল্পিতভাৱে এটা সংঘাতৰ সৃষ্টি কৰি অসমৰ ৰাইজক নিৰাপত্তাহীনতাৰ দিশলৈ ঠেলি দি মূল সমস্যা তথা বিষয়সমূহৰ পৰা অসমৰ জনসাধাৰণক আঁতৰাই ৰাখিলে,” ৰাজ্যৰ ২৬টা বাঙালী সংগঠন আহ্বায়িত সমাবেশ চৰকাৰ তথা বাঙালী সংগঠনসমূহৰ ‘কৌশল’ বুলি উল্লেখ কৰি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই এইদৰে কয়।

তেওঁ লগতে কয়, ‘‘বাঙালী সংগঠনসমূহৰ নেতৃবৃন্দই নানাধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰীয়ে বাঙালী সংগঠনসমূহক সমাবেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ বুলি সংবাদমাধ্যমৰ আগত কৈছিল।’‘

Apply Now

চৰকাৰে এনে ধৰণৰ বিতৰ্কসমূহ আগন্তুক নিৰ্বাচনলৈকে চলাই ৰাখিব বুলিও সংবাদমেলত উপমন্যু হাজৰিকাই দাবী কৰে।

তেওঁ কয়, ‘‘চৰকাৰখনে ৰাইজৰ সমস্যাসমূহৰ সমাধান নকৰে। বৰঞ্চ ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ লাভসমূহ পূৰণ কৰি থাকিব।’‘

হাজৰিকাই সংবাদ মেলত জানিবলৈ দিয়ে যে প্ৰব্ৰজনবিৰোধী মঞ্চৰ তৰফৰ পৰা অহা ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন সমাবেশ অনুষ্ঠিত কৰিবলৈ যোৱা ২৪ অক্টোবৰৰ দিনা অনুমতি বিচৰা হৈছিল, কিন্তু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত দিনটোত আৰু তাৰ আশে-পাশে দিনকেইটা উক্ত খেলপথাৰখন মহাবিদ্যালয় সপ্তাহৰ বাবে সংৰক্ষিত বাবে মঞ্চক অনুমতি প্ৰদান নকৰিলে।

তেওঁৰ মতে, ‘‘কোনো এখন সভা অনুষ্ঠিত কৰিবৰ বাবে সভাৰ স্থান অনুমতি লৈ নিশ্চিত কৰাৰ পাছতহে সভাৰ কাৰ্য্যসূচী ৰাজহুৱা কৰে।”

আনহাতে, স্থান নিৰূপণ নকৰাকৈ ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বাঙালী সংগঠনসমূহৰ সমাবেশ অনুষ্ঠিত কৰা হ’ব বুলি প্ৰচাৰ চলোৱা হৈছিল বুলি তেওঁ কয়।

আনহাতে, উক্ত সংবাদমেলতে হাজৰিকাই কোনোধৰণৰ প্ৰব্ৰজনকাৰী নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বা অন্যপ্ৰকাৰে সংস্থাপিত নকৰিবৰ বাবে চৰকাৰক দাবী জনায়।

ইয়াৰোপৰি ১৯৫১ চনৰ ভিত্তিত চৰকাৰী চাকৰি, ভূমি সংৰক্ষণ, বেপাৰ বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই তেওঁ কয়, ‘‘যিদৰে মণিপুৰ বিধানসভাই কিছুদিন পূৰ্বে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ বিধেয়ক গৃহীত কৰিলে।”

আনহাতে, বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰকৃতাৰ্থত বাংলাদেশীহে উপকৃত হ’ল বুলি দাবী কৰি তেওঁ কয়, ‘‘এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰি সকলো বিসংগতি দূৰ কৰি বিদেশীৰ নাম কৰ্তন কৰিব লাগে।’‘

উপৰোক্ত তিনিটা দাবী অহা বৰ্ষৰ ৩১ জানুৱাৰিৰ ভিতৰত পূৰণ কৰিবৰ বাবে হাজৰিকাই উক্ত সংবাদমেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd