ৰোগৰ ভাণ্ডাৰ পৃথিৱী। বিশ্বত কিমান ধৰণৰ যে ৰোগ নাই। এনে ৰোগ বোৰৰ ভিতৰৰে বহু ৰোগ চিকিৎসাৰ জৰিয়তে দূৰ কৰিব পাৰি যদিও বহু ৰোগৰ আকৌ কোনো ফলপ্ৰসূ চিকিৎসা নাই। এনে জটিল আৰু বিৰল ৰোগ সমূহৰ মাজৰে এটি হৈছে BENTA।
বিশ্বৰ মাত্ৰ ১৪ জন লোককহে আক্ৰান্ত কৰা এই বিৰল ৰোগ বিধৰ নাম বেণ্টা। জেনেটিক ৰোগ বেণ্টাত আক্ৰান্ত বিশ্বৰ ১৪ জন লোকৰ ভিতৰতে আছে বাংগালুৰুৰ এটি ৭ মহীয়া কেঁচুৱাও। কেচঁচুৱাটিৰ নাম বিজেয়ন্দ্ৰ।
ইমিউনোডেফিচিয়েন্সি জনিত ৰোগত আক্ৰান্ত এই শিশুটিক বচাই ৰখাৰ একমাত্ৰ উপায় হৈছে তেওঁৰ তেজৰ ষ্টেম কোষ সংৰোপণ কৰা। যিকাম অতি কষ্টসাধ্য হোৱাৰ লগতে ব্যয়বহুলো। এই ৰোগত আক্ৰান্ত জন কৰ্কট ৰোগত আক্ৰান্ত হৈ পৰে।
ডিকেএমএছ বিএমএছটি ফাউণ্ডেচন ইণ্ডিয়াই কেঁচুৱাটিৰ তেজৰ ষ্টেম কোষৰ সৈতে মিল থকা দাতাৰ সন্ধান কৰি আছে।
বিজয়েন্দ্ৰক প্ৰদান কৰি থকা চিকিৎসা পৰীক্ষামূলক ভাবে চিকিৎসা চলাই থকা হৈছে।ষ
বৰ্তমান কেঁচুৱাটিক বাংগালুৰুৰ এষ্টাৰ চিএমআই চিকিৎসালয়ত পেডিয়াট্ৰিক হিমাটোলজী, অংক’লজীৰ বিশেষজ্ঞ চিকিৎসকৰ অধীনত ৰাখি চিকিৎসা কৰি থকা হৈছে।