• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নী-শাহুৰ নিৰ্যাতনত চৰম সিদ্ধান্ত! অতুলৰ পত্নী-শাহু-খুলশালীয়েকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2024 12:20 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বাসিন্দা অতুল সুভাষে মাত্ৰ ৩৪ বছৰতে পত্নী আৰু পত্নীৰ আত্মীয়ৰ নিৰ্যাতনত চৰম সিদ্ধান্ত লৈছিল। ২৪ পৃষ্ঠাৰ আত্মহত্যাৰ টোকা লিখি থৈ গৈছে। ইয়াৰে ৪টা পৃষ্ঠা হাতেৰে লিখা আৰু বাকী ২০ পৃষ্ঠা টাইপ কৰা। অতুলৰ কাহিনী শুনি কঁপি উঠে গোটেই দেশ।

সমগ্ৰ দেশতে অতুলৰ গোচৰটোক লৈ তোলপাৰ সৃষ্টি হোৱাৰ সময়তে যোৱা ১০ ডিচেম্বৰত বোৱাৰী নিৰ্যাতনৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কয় যে বোৱাৰী নিৰ্যাতন বিৰোধী আইনৰ ৪৯৮ নং ধাৰাক বিবাহিত সম্পৰ্কত কিবা সমস্যা হলেই ব্যক্তিগত শত্ৰুতা বা প্ৰতিশোধ পূৰণৰ ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।

Apply Now

দেওবাৰে এই ঘটনাত অতুলৰ প্ৰাক্তন পত্নী নিকিতা, শাহুৱেক নিশা আৰু খুলশালীয়েক অনুৰাগ সিংহানিয়াক গ্ৰেপ্তাৰ কৰা হয়।

বেংগালুৰু আৰক্ষীয়ে হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা নিকিতা আৰু উত্তৰ প্ৰদেশৰ এলাহাবাদৰ পৰা তেওঁৰ মাতৃ নিশা আৰু খুলশালীয়েক  অনুৰাগক গ্ৰেপ্তাৰ কৰে। অতুলৰ মৃত্যুৰ পিছত বুধবাৰে তেওঁৰ প্ৰাক্তন শাহুৱেক নিশা আৰু খুলশালীয়েক অনুৰাগে জৌনপুৰৰ ঘৰ এৰি গুচি গৈছিল।

নিকিতা পেছাত এগৰাকী অভিযন্তা। এটা সুনামধন্য বহুজাতিক কোম্পানীত এআই অভিযান্ত্ৰিক বিভাগত পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। অভিযোগ অনুসৰি অতুলৰ বিৰুদ্ধে দাখিল কৰা ঘৰুৱা হিংসাৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ তিনি কোটি টকা দাবী কৰিছিল। ইয়াৰ উপৰিও অতুলৰ পৰা পুত্ৰক লগ কৰিবলৈ ৩০ লাখ টকা বিচৰা হৈছিল বুলিও অভিযোগ উঠিছে।

অতুল কৰ্মসূত্ৰে বেংগালুৰুত থাকে, তাৰেই ঘৰৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অতুল এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। তেওঁৰ মৃতদেহৰ পৰা ২৪ পৃষ্ঠাৰ চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। তাত তেওঁ পত্নী আৰু পত্নীৰ আত্মীয়ই হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। সেই টোকাটোৰ আৰম্ভণিতে লিখা আছে ‘জাষ্টিছ ইন ডিউ’ যাৰ অৰ্থ হ’ল বিচাৰ এতিয়াও বাকী। তাত তেওঁ স্পষ্টভাৱে পত্নীক দোষাৰোপ কৰিছে। ঘৰত দৈনন্দিন কাজিয়াৰ বাবে শাহুৱেক, খুলশালীয়েক আৰু পত্নীৰ এগৰাকী খুডাকৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ তুলিছে। সেই টোকাটোত তেওঁ নিজৰ নিৰীহ চাৰি বছৰীয়া পুত্ৰৰ কথাও উল্লেখ কৰিছে।

পুত্ৰৰ সন্দৰ্ভত অতুলে লিখিছে, ‘শিশুৰ প্ৰতি আমাৰ আবেগ আৰু প্ৰেম ইমান কলুষিত হ’ব নোৱাৰে আৰু তেওঁলোক পুৰুষৰ পৰা মহিলালৈ ধন হস্তান্তৰৰ (বা তথাকথিত সামাজিক ন্যায়)ৰ আহিলা হ’ব নোৱাৰে।’ আত্মহত্যাৰ পূৰ্বে অতুলে ইমেইল আৰু মেছেজৰ জৰিয়তে কেইবাজনো লোকলৈ এই ছুইচাইড নোট প্ৰেৰণ কৰিছিল। আনকি মৃত্যুৰ আগৰ চাৰি মিনিটৰ ভিডিঅ’ও বনাইছিল অতুলে। য’ত তেওঁৰ লগত হোৱা মানসিক নিৰ্যাতনৰ কথা কয়। লগতে তেওঁ আৰু তেওঁৰ বৃদ্ধ পিতৃ-মাতৃৰ বাবে ন্যায়ৰ দাবী জনায়। ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজহুৱাভাৱে শেষ ইচ্ছাও উল্লেখ কৰে। অভিযুক্তক শাস্তি নোপোৱালৈকে তেওঁৰ অস্থি বিসৰ্জন কৰিব নালাগে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে যদি তেওঁ ন্যায় নাপায় তেন্তে তেওঁৰ অস্থি আদালতৰ বাহিৰৰ নলাত উটুৱাই দিব লাগে।

পিছত অতুলে পত্নী আৰু পৰিয়ালৰ লোকক মৃতদেহৰ ওচৰত নাথাকিবলৈ অনুৰোধ জনায়। মৃত্যুৰ পিছত তেওঁ মিছা গোচৰৰ পৰা মুক্তি পাবলৈ পৰিয়ালৰ ওচৰত আবেদন জনায়। লগতে কেমেৰা অথবা সাক্ষাৎকাৰৰ প্ৰমাণ অবিহনে পত্নী বা পৰিয়ালৰ কোনো লোকক লগ নকৰিবলৈ পৰিয়ালৰ লোকক অনুৰোধ জনায়। অতুলৰ মৃত্যুৰ পিছত নেটিজেনসকলে ‘অতুলৰ বাবে ন্যায়’ শ্লোগান উত্থাপন কৰি ন্যায়ৰ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd