NORTHEAST NOW (Assamese)

ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বেঞ্জামিন নেতান্যহুৱে

December 30, 2022 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

বেঞ্জামিন নেতান্যহুৱে বৃহস্পতিবাৰে ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ইজৰাইলৰ সংসদ নেছেটৰ সদস্য নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁ শপত গ্ৰহণ কৰিছে।

ইজৰাইলত যোৱা ১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত সোঁপন্থী লিকুড দলে ১২০ খন আসনৰ ভিতৰত ৩২ খন আসন লাভ কৰিছিল। য়াইৰ লাপিদৰ দল য়েশ আতিদে ২৪ খন আসন লাভ কৰিছিল। অন্যান্য সোঁপন্থী আৰু মধ্যমপন্থী দলসমূহে নেতান্যহুক সমৰ্থন কৰিছিল।

লগতে পঢ়ক: খালি ভৰিৰে মাতৃক কান্ধত তুলি শ্মশানলৈ নিলে প্ৰধানমন্ত্ৰী মোডীয়ে; কৰিলে মুখাগ্নি

বৃহস্পতিবাৰে, নেছেটৰ ৬৩ জন সদস্যই তেওঁৰ চৰকাৰক সমৰ্থন কৰে। ইয়াৰ পিছতে নেতান্যহুৱে শপত গ্ৰহণ কৰে।

১২ বছৰ শাসনত থকাৰ পিছত ২০২১ চনৰ জুন মাহত বেঞ্জামিন নেতান্যহুৰ ঠাইত এখন নতুন চৰকাৰ ক্ষমতালৈ আহে। য়াইৰ লাপিদ প্ৰধানমন্ত্ৰী হয়। কিন্তু ডেৰ বছৰৰ ভিতৰতে শাসনাধিষ্ঠিত মধ্যমপন্থী মিত্ৰজোঁটৰ অন্তৰ্দ্বন্দ্বৰ বাবে ইজৰাইলত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

উল্লেখ্য যে বিগত চাৰি বছৰত দেশখনে ৰাজনৈতিক অস্থিৰতাৰ বাবে পাঁচবাৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।

Related News