দেশত ইখনৰ পাছত সিখনকৈ ভুৱা আৰু অনুমোদনহীন বিশ্ববিদ্যালয় গঢ়ি উঠিছে। এইবাৰ এইবোৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) মুঠ ৩২খন ভুৱা বিশ্ববিদ্যালয় বন্ধ কৰিবলৈ নিৰ্দেশ দিছে আৰু ইতিমধ্যে ইয়াৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকো এই শিক্ষানুষ্ঠানসমূহ তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
শেহতীয়াকৈ ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে জনায় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে ইউ জি চিয়ে এই স্বঘোষিত আৰু ভুৱা প্ৰতিষ্ঠানসমূহৰ এখন তালিকা প্ৰকাশ কৰিছিল। কেন্দ্ৰই প্ৰকাশ কৰা এই তালিকা অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত এই অবৈধ প্ৰতিষ্ঠানসমূহ বিয়পি আছে। ইয়াৰ ভিতৰত দিল্লীত সৰ্বাধিক ১২খন, উত্তৰ প্ৰদেশত ৪খন, অন্ধ্ৰপ্ৰদেশত ২খন, মহাৰাষ্ট্ৰত ২খন, পশ্চিমবংগত ২খন, কৰ্ণাটকত ২খন, কেৰালাত ২খন, পুডুচেৰীত ২খন, হাৰিয়ানাত ১খন, ঝাৰখণ্ডত ১খন, ৰাজস্থানত ১খন আৰু অৰুণাচল প্ৰদেশত ১খন এনে বিশ্ববিদ্যালয় আছে।
ইউ জি চিৰ নিৰ্দেশ মৰ্মে, যিবোৰ প্ৰতিষ্ঠানে আইন উলংঘা কৰি ভুৱা ডিগ্ৰী প্ৰদান কৰি আছে, সেইবোৰলৈ কাৰণ দৰ্শোৱাৰ জাননী আৰু সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহৰ মুখ্য সচিব, শিক্ষা সচিব আৰু প্ৰধান সচিবসকললৈও পত্ৰ প্ৰেৰণ কৰিছে। ইউ জি চি আইন ১৯৫৬ উলংঘা কৰা এই সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰি এফ আই আৰ ৰুজু কৰাৰ লগতে সেইবোৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
লগতে ইউ জি চিয়ে জানিবলৈ দিছে যে কোনো আইনী স্বীকৃতি নোহোৱাকৈ কোনো প্ৰতিষ্ঠানে নিজৰ নামৰ কাষত ‘বিশ্ববিদ্যালয়’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা এনে প্ৰতাৰণা চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্যসমূহত ইউ জি চিৰ তালিকাভুক্ত নোহোৱা আন কোনো ভুৱা প্ৰতিষ্ঠান চলি আছে নেকি, সেই বিষয়েও তৎকালীনভাৱে অৱগত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক কোৱা হৈছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক ইউ জি চিৰ ৱেবছাইটৰ পৰা অনুমোদিত বিশ্ববিদ্যালয়ৰ তালিকাখন ভালদৰে পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰ লগতে কেন্দ্ৰই জনাইছে যে কিছুমান এডটেক সংস্থাই স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ সৈতে মিলি অনলাইন আৰু অ’পেন এণ্ড ডিচটেন্স লাৰ্নিং মাধ্যমৰ জৰিয়তেও পাঠ্যক্ৰম বা ডিগ্ৰী প্ৰদান কৰি আছে। ইউ জি চিৰ মতে এনে ধৰণৰ কাৰ্যকলাপ নিয়মৰ পৰিপন্থী। সেয়েহে এনে অংশীদাৰিত্বৰ জৰিয়তে অৰ্জন কৰা কোনো ডিগ্ৰীয়েই আইনী স্বীকৃতি নাপাব। নিয়ম ভংগকাৰী বিশ্ববিদ্যালয় আৰু এডটেক সংস্থা দুয়োটাৰে বিৰুদ্ধে ইউ জি চিয়ে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব।





