• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বন্ধৰ প্ৰভাৱ : অসমত স্তব্ধ জনজীৱন, ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 10:22 am
97548a77-f9e7-47c9-8067-ce02d1763b66

ফটো : নৰ্থইষ্ট নাও

191
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে ৰাফেল যুঁজাৰু বিমান কেলংকাৰি বিৰুদ্ধে আজি কংগ্ৰেছে আহ্বান কৰা ভাৰত বন্ধত ৰাজ্যখনত ব্যাপক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। কংগ্ৰেছে আহ্বান জনোৱা এই বন্ধক কেইবাটাও দল সংগঠনে সমৰ্থন জনাইছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত মোদী চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰধান বিৰোধী দল কংগ্ৰেছে এই বন্ধৰ জৰিয়তে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। বন্ধৰ ফলত যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে।

41390229_893243434399773_1128853349693652992_n
বন্ধৰ সময়ছোৱাত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ।

গুৱাহাটী মহানগৰীতো ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। মহানগৰীৰ নুনমাটি, নাৰেংগী, বীৰকুছি, পাথৰকুৱেৰী আৰু মঠঘৰীয়াত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰে। মহানগৰীত পুৱাৰে পৰা স্বাভাৱিক জনজীৱন ব্যহত হৈ পৰিছে। শিক্ষানুষ্ঠানসমূহ, দোকান পোহাৰৰ বন্ধ থকাৰ লগতে চিটীবাছসমূহৰ চলাচল বন্ধ আছে।

তেজপুৰত বন্ধ বিফল কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলোৱাৰ মাজতে আৰক্ষীৰ সৈতে বন্ধ সমৰ্থকৰ খণ্ডযুদ্ধ সংঘটিত হয়। একাংশ বন্ধ সমৰ্থকে ট্ৰাক চালকক প্ৰহাৰ কৰে। তদুপৰি, তেজপুৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে জিলা কংগ্ৰেছৰ সম্পাদকসহ ৫জন প্ৰতিবাদকাৰীক আটক কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, খুমটাইত নিখিল বাৰত মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা প্ৰাক্তন মন্ত্ৰী বিস্ম‍িতা গগৈ‍য়ে খুমটাইৰ কংগ্ৰেছ কর্মীৰ সহযোগত ধোদৰ আলি অৱৰোধ কৰাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে খুমটাই সমষ্টিৰ কেইবা স্থানত প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইপিনে তিনিচুকীয়া, গোলাঘাট আৰু শিৱসাগৰতো ৰাজপথত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, আজি বন্ধৰ ফলত অ’ এন জি চিৰ খনন তথা উৎপাদন বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। দেৰগাঁৱত বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd