• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰমিকৰ বোনাছ : দুটা নহয় এটা কিস্তিত ২০ শতাংশ বোনাছ আদায়ৰ দাবী ভাৰতীয় চাহ মজদুৰ সংঘৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 27, 2018 9:56 pm

2 min read

IMG-20180927-WA0054
359
VIEWS
Share on FacebookShare on Twitter

চাহ বাগিচাৰ বোনাছৰ ক্ষেত্ৰত অসম চাহ মজদুৰ সংঘই গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘই ৷ অসম চাহ মজদুৰ সংঘৰ স্থিতিৰ প্ৰতিবাদ জনাই ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই আজি বোকাখাতৰ মহকুমাধিপতিৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷

স্মাৰক পত্ৰৰ মতে চেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে গুৱাহাটী আৱৰ্ত্ত ভৱনত শ্রম মন্ত্রীৰ উপস্থিতিত সমুহ শ্ৰমিক আৰু চাহ বাগিচাৰ সংঘৰ প্ৰতিনিধিৰে হোৱা আলোচনাত অসমৰ চাহ বাগিচা সমুহক ২০ শতাংশ বোনাছ এটা কিস্তিতে শ্ৰমিক সকলক আদায় দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ  কৰিছিল ৷

এই ক্ষেত্ৰত মন্ত্রী পল্লৱ লোচন দাসে এইবাৰ দুর্গা পূজাত শ্ৰমিকসকলক এটা কিস্তিতে ২০ শতাংশ বোনাছ শ্ৰমিকক আদায় দিবলৈ বাগিচাৰ মালিক সংস্থাক নির্দেশ দিয়ে । উক্ত বৈঠকত ভাৰতীয় চাহ মজদুৰ সংঘয়ো  ২০ শতাংশ বোনাছ এটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল।

ইয়াৰ পাছতে যোৱা ইং ২০ চেপ্টেম্বৰত অসম চাহ মজদুৰ সংঘই  মেকলইড ৰাছেল কোম্পানীৰ সৈতে অতি সংগোপনেৰে কৰা একপক্ষীয় চুক্তিত দুটা কিস্তিত বোনাছ আদায় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভাৰতীয় চাহ মজদুৰ সংঘই অভিযোগ উত্থাপন কৰে ৷

ভাৰতীয় চাহ মজদূৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক মনোজ কৰ্মকাৰে কয় যে “অসম চাহ মজদুৰ সংঘৰ এনে শ্ৰমিক বিৰোধী কাৰ্য্যক আমি কঠোৰভাৱে ধিক্কাৰ দিয়াৰ লগতে বোকাখাত মহকুমাৰ অন্তৰ্গত সকলো বাগিচাত ২০ শতাংশ বোনাছ এক কিস্তিত আদায় দিয়াৰ বাবে দাবী জনাইছো । অন্যথা চাহ শ্ৰমিকৰ স্বাৰ্থত তীব্র আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ’ম।” স্মাৰক পত্ৰৰ যোগেদি বোকাখাতৰ মহকুমাধিপতিৰ আগত এই দাবী জনায় শ্ৰমিক সংগঠনটোৱে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd