• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

উত্তৰ পূব কয়লা ক্ষেত্র খোলাৰ আহ্বান ভাৰতীয় মজদূৰ সংঘৰ প্ৰতিনিধি দলৰ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘিৰটা , January 22, 2021 6:44 am

2 min read

IMG-20210121-WA0033

ফটো: নৰ্থইষ্ট নাও।

222
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰুপ উত্তৰ পূব কয়লা ক্ষেত্রৰ উৎপাদন যোৱা বছৰ তিনি জুনৰ পৰা বন্ধ হৈ আছে।

তদুপৰি, উদ্যোগটোৰ শ্রমিক-কৰ্মচাৰী আৰু বিষয়া সকলক দেশৰ অন্য প্ৰান্তৰ ক’ল ইণ্ডিয়াৰ ক্ষেত্ৰ সমূহলৈ বদলিকৰণ কৰি অহাৰ পৰিপ্রেক্ষিতত কয়লা উদ্যোগটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ  সম্ভাৱনা প্রকট হৈ পৰিছে।

উত্তৰ পূবকয়লা ক্ষেত্রৰ শেহতীয়া পৰিস্থিতিৰ ক্ষেত্র ভিত্তিক অধ্যয়ন কৰাৰ উদেশ্য দুদিনীয়া ভ্রমণ সূচীৰে ক’ল প্ৰভাৰি লক্ষণ ৰেড্ডী, অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ সভাপতি নৰেন্দ্ৰ কুমাৰ সিং আৰু অখিল ভাৰতীয় খাদান মজদুৰ সংঘ সম্পাদক ৰাজীৱ ৰঞ্জন সিং মাৰ্ঘেৰিটা মহকুমালৈ আহি টিপং, টিৰাপ আৰু টিকক কয়লা ক্ষেত্র পৰিদৰ্শন কৰে।

প্রতিনিধি দলটোৱে উত্তৰ পূব কয়লা ক্ষেত্রৰ মহাপ্রবন্ধক সৌন্দয্য প্রসাদ দত্ত, বিষয়াসকল আৰু শ্রমিক সংগঠনৰ নেতা সকলৰ লগতো পৃথকে পৃথকে  আলোচনাত মিলিত হয়।

বৃহস্পতিবাৰে সন্ধিয়া দিহিং গেষ্ট হাউচত এক সংবাদ মেলত প্রতিনিধি দলটোৱে কয় যে উত্তৰ পূব কয়লা ক্ষেত্রৰ কয়লা অতি উচ্চ মানদণ্ডৰ আৰু এই কয়লাৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ আৰু কাষৰীয় ৰাজ্যৰ বহু উদ্যোগ চলি আছে ,তেনে ক্ষেত্রত ইয়াৰ উৎপাদন বন্ধ কৰি দিয়াত সেই উদ্যোগবোৰলৈও বিপদ মাতি আনিব।

এতিয়াও বহু বছৰৰ বাবে এই অঞ্চলৰ ভূগৰ্ভত কয়লা মজুত আছে। ইয়াক বন্ধ কৰি ৰাখিলে ৰাষ্ট্রীয় সম্পদৰ অপচয় হে হ’ব বুলি মন্তব্য কৰি এই ক্ষেত্রত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।

সংবাদ মেলত অহা পাঁচ ফেব্রুৱাৰীত উত্তৰ পূব কয়লা ক্ষেত্রৰ উৎপাদন পুনৰ আৰম্ভ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত দেশ জুৰি ধৰ্ণা কায্যসূচীকে ধৰি এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্রহণ কৰাৰ কথা অবগত কৰাৰ লগতে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো অসমৰ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ নকৰাতো চূড়ান্তভাৱে দুৰ্ভাগ্যজনক বুলি সংবাদমেলত নেতাসকলে ক্ষোভ প্ৰকাশ কৰে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd