• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পত্নীৰ ৰঙাচকু! ছুটী নাপালে ঘৈনীয়ে অশান্তি কৰিব বুলি আবেদনত লিখি শাস্তিৰ সন্মুখীন আৰক্ষী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 9:51 am

2 min read

representation image

প্ৰতিনিধিত্বমূলক ফটো।

23.6k
VIEWS
Share on FacebookShare on Twitter

চাকৰিত ছুটী পোৱাৰ বাবে বহুতেই নানা অজুহাত দাঙি ধৰে। কোনোৱে যদি পৰিয়ালৰ লোকৰ অসুস্থতা, আন কোনোৱে আকৌ নিজৰেই বেমাৰৰ অজুহাত দেখুৱায়। কিন্তু এয়া আকৌ কি?

মধ্য প্ৰদেশৰ এগৰাকী ট্ৰেফিক আৰক্ষীয়ে তেওঁৰ খুলশালীয়েকৰ বিয়াত যোৱাৰ ছুটী বিচাৰি দেখুৱালে এক অদ্ভূত কাৰণ। সেয়া দেখি শীৰ্ষ বিষয়াই ওলোটাই তেওঁক শাস্তিহে বিহিলে।

বাতৰি অনুসৰি, যোৱা ৭ডিচেম্বৰত নিজৰ উচ্চ পদস্থ বিষয়াৰ ওচৰত দিলীপ কুমাৰ আহিৰৱাৰ নামৰ ট্ৰেফিক আৰক্ষীগৰাকীয়ে ছুটীৰ আবেদন দাখিল কৰে।

আবেদনত তেওঁ জনালে যে খুলশালীয়েকৰ বিয়াত যাবলৈ তেওঁক পাঁচদিনৰ ছুটী লাগে। এই আবেদনৰ শেষত এটা সৰু শাৰী লিখিলে যে এই ছুটী নাপালে পত্নীয়ে  কাজিয়া কৰিব। সংসাৰত অশান্তি হ’ব।

দিলীপ কুমাৰৰ ভাষাত,’’মোৰ পত্নীয়ে মোক কৈ দিছে, তেওঁৰ ভায়েকৰ বিয়াত মই নগ’লে ইয়াৰ পৰিণতি বেয়া হ’ব।‘’

এনে কাৰণ দেখুওৱাৰ বাবেই শীৰ্ষ বিষয়াই ট্ৰেফিক আৰক্ষীগৰাকীৰ ওপৰত ক্ষিব্ধ হৈ পৰে। এনেদৰে ছুটীৰ আবেদন জনোৱাৰ বাবেই তেওঁক শাস্তি হিচাপে আৰক্ষী লাইনলৈ বদলি কৰা হয়।

আনহাতে, এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে আচলতে সেই চিঠিৰ বাবে নহয়, দিলীপ কুমাৰ নামৰ ট্ৰেফিক আৰক্ষীগৰাকীৰ কৰ্তব্যৰ প্ৰতি একেবাৰে অনীহা। তেওঁ অলপতে ৫৫দিনৰ ছুটী লৈ যোৱা ২৮ নৱেম্বৰত কৰ্তব্যত যোগদান কৰিছিলহে। তদুপৰি, ইয়াৰ কিছুদিন পূৰ্বেও তেওঁ সাতদিনৰ ছুটী লৈছিল।

এইবাৰ আকৌ নতুনকৈ ছুটী বিচাৰি আবেদন। বাৰে বাৰে ছুটী বিচাৰি আবেদন কৰি শৃংখলা ভংগ কৰাৰ বাবেহে তেওঁক শাস্তি বিহা হৈছে।

দিলীপ কুমাৰৰ এই ছুটীৰ আবেদনৰ কপি ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। বহুতেই ইয়াক লৈ সৰস চৰ্চাও চলাইছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd