NORTHEAST NOW (Assamese)

ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাবে নিযুক্তি

July 24, 2021 7:26 pm · এন ই নাও নিউজ

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে দলটোৰ জ্যেষ্ঠ নেতা ভূপেন বৰাক। আদি নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে এক নিৰ্দেশনাৰ জৰিয়তে কংগ্ৰেছৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে নিযুক্তি দিয়ে।

উল্লেখ্য ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছে শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ পিছতে ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পদত্যাগ কৰিছিল।

কিন্তু কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই নতুন এগৰাকী সভাপতি নিযুক্তি নিদিয়া পৰ্যন্ত বৰাক দায়িত্ব পালন কৰি যাবলৈ কৈছিল।

আজি নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে নিযুক্তি দিয়াৰ লগতে ৰাণা গোস্বামী, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থক অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিয়ে।

নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে স্বাক্ষৰ কৰা পত্ৰত প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাক তেওঁৰ কাৰ্যকালত আগবড়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

Related News