টীম ইণ্ডিয়াৰ তাৰকা ফাষ্ট বলাৰ ভূৱনেশ্বৰ কুমাৰক আইচিচিয়ে মাৰ্চ মাহৰ আটাইতকৈ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ ( ICC Men’s Player of the Month for March 2021) হিচাপে বিবেচিত কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোত অনবদ্য প্ৰদৰ্শনৰ ভিত্তিতে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।
শৃংখলাটোত ৫ খন টি-২০ত তেওঁ ৪ টা উইকেট লাভ কৰাৰ বিপৰীতে ৩খন এদিনীয়াত ৬ টাকৈ উইকেট লাভ কৰিছিল।
তদুপৰি টি-২০ শৃংখলাৰ পঞ্চম তথা নিৰ্ণায়ক মেচখনত ভাৰতক ৩৬ ৰাণৰ ব্যৱধানত জয়ী কৰোৱাৰ অন্যতম কাণ্ডাৰী আছিল ফাষ্ট বলাৰগৰাকী।
তেওঁ মেচখনত ১৭টাকৈ ডট বল দি বিপক্ষৰ ৰাণ ৰেট স্তিমিত কৰি ৰাখিছিল।
উল্লেখযোগ্য যে ফাষ্ট বলাৰজনে আঘাতজনিত সমস্যাৰ বাবে এবছৰৰো অধিক সময় খেলপথাৰৰ পৰা আঁতৰি আছিল।
প্ৰত্যাৱৰ্তন ঘটায়েই তেওঁ আগবঢ়ায় অনবদ্য প্ৰদৰ্শন।
আইচিচি ভোটিং একাডেমী আৰু অনুৰাগীসকলৰ বাচনিৰ ভিত্তিত তেওঁক মাৰ্চ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়।
এই সন্মান লাভ কৰি ফাষ্ট বলাৰজন আহ্লাদিত হৈ পৰিছে।
আনহাতে, মাৰ্চ মাহৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ শিতানত (ICC Women’s Player of the Month for March 2021) নিৰ্বাচিত হয় দক্ষিণ আফ্ৰিকাৰ লিজেল্লে লী।
শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা ৪ খনীয়া এদিনীয়া শৃংখলাটোত তেওঁ এটা শতক আৰু দুটা অৰ্ধ শতক অৰ্জন কৰিছিল।
তদুপৰি এই প্ৰদৰ্শেনেৰে তেওঁ আইচিচিৰ মহিলাৰ এদিনীয়া ৰেংকিঙতো শীৰ্ষস্থান দখল কৰিছিল।