• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পষ্টীকৰণ, বৃদ্ধি হোৱা নাই শিক্ষাৰ্থীৰ মাচুল, ওলোটাকৈ হ্ৰাসহে কৰা হ’ব ধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 9:55 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মাচুল বৃদ্ধিৰ বাতৰি খণ্ডন কৰি এক স্পষ্টীকৰণ জাৰি কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে যে কোনো ধৰণৰ পাঠ্যক্ৰমতে মাচুল বৃদ্ধি কৰা হোৱা নাই। বৰঞ্চ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ আৰ্থিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিশ্ববিদ্যালয়খনে কেইবাটাও গুৰুত্বপূৰ্ণ তথা শিক্ষাৰ্থী অনুকূল সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ আধাৰত চলি থকা পাঠ্যক্ৰমসমূহৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তই ৰাজ্যৰ শিক্ষাৰ্থীসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম চমুকৈ এফৱাইআইএমপি হ’ল এক সময়োপযোগী পদক্ষেপ, য’ত শিক্ষাৰ্থীয়ে কোনো সুকীয়া প্ৰৱেশ পৰীক্ষা নিদিয়াকৈয়ে স্নাতকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ পঢ়িব পাৰে। এই পাঠ্যক্ৰমটো স্ব-অৰ্থায়িত ব্যৱস্থাৰ অধীনত আৰম্ভ কৰা হৈছিল কিয়নো ইয়াৰ বাবে কোনো সুকীয়া চৰকাৰী অনুদান বা অতিৰিক্ত জনবল পোৱা নাছিল। বিশ্ববিদ্যালয়ৰ নিজা সীমিত সম্পদ ব্যৱহাৰ কৰিয়েই এটা পুৰণি ছাত্ৰাবাসক শ্ৰেণীকক্ষলৈ ৰূপান্তৰ কৰা হৈছিল আৰু নতুন একাডেমিক ব্লকৰ নিৰ্মাণ কাৰ্যও দ্ৰুতগতিত চলি আছে। এই আন্তঃগাঁথনি উন্নয়নৰ কোনো খৰচ শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া হোৱা নাই। অসমৰ অন্যান্য বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পাঠ্যক্ৰমৰ মাচুল যথেষ্ট কম।

Apply Now

বিশ্ববিদ্যালয়ে জনোৱা মতে, ২০২৩-২৪ শিক্ষাবৰ্ষত এই পাঠ্যক্ৰমৰ বিজ্ঞান শাখাৰ বাবে ১৬,৫০০ টকা আৰু কলা শাখাৰ বাবে ১৪,৫০০ টকা নিৰ্ধাৰণ কৰা হৈছিল। বৰ্তমানৰ আৰ্থিক চাপৰ পিছতো শিক্ষাৰ্থীসকলৰ বোজা কম কৰিবলৈ ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা যোৰ ষান্মাসিক আৰু পৰৱৰ্তী ষান্মাসিকসমূহৰ মাচুল ২,০০০ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰ্থাৎ বিপিএল শ্ৰেণীৰ যোগ্য শিক্ষাৰ্থীসকলক মাচুল ৰেহাই দিয়া হ’ব। এই পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ সমমৰ্যাদা পাব আৰু সেই অনুসৰি নিয়মীয়া কম মাচুলহে প্ৰযোজ্য হ’ব।

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভতো প্ৰশাসনে স্থিতি স্পষ্ট কৰিছে। অসম কলেজ অধ্যক্ষ পৰিষদে কৰা মাচুল প্ৰায় চাৰিগুণ বৃদ্ধিৰ দাবীটো সম্পূৰ্ণ অসত্য বুলি বিশ্ববিদ্যালয়ে জানিবলৈ দিছে। নতুন চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ বাবে যি এককালীন অনুমতি মাচুল ধাৰ্য কৰা হৈছে, সেয়া কোনো নতুন নিয়ম নহয়। ২০১৮ চনৰ পুৰণি নীতি অনুসৰিয়েই প্ৰতিটো নতুন বৰ্ষ বা পৰ্যায় আৰম্ভ কৰাৰ বাবে এই এককালীন মাচুল লোৱা হয়। তদুপৰি চতুৰ্থ বৰ্ষৰ বাবে মহাবিদ্যালয়সমূহে কোনো অতিৰিক্ত সংলগ্ন বা এফিলিয়েচন মাচুল পৰিশোধ কৰিব নালাগে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসারে দীৰ্ঘ সাত বছৰৰ মূৰতহে বিত্ত সমিতিৰ পৰামৰ্শৰ ভিত্তিত মহাবিদ্যালয়সমূহৰ সংলগ্ন আৰু অনুমতি মাচুল সংশোধন কৰা হৈছে। ২০১৮ চনৰ পিছত কৰা এই সংশোধিত মাচুলত মাত্ৰ প্ৰায় পোন্ধৰ শতাংশহে বৃদ্ধি হৈছে, যিটো কোনো কাৰণতে চাৰিগুণ বৃদ্ধি নহয়। গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি সফল কৰিবলৈ সকলো মহাবিদ্যালয়ৰ সৈতে সু-সমন্বয় বৰ্তাই ৰাখি কাম কৰি আছে। প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজ আৰু সংবাদ মাধ্যমক অনুৰোধ জানাইছে যাতে যিকোনো তথ্য প্ৰচাৰ কৰাৰ পূৰ্বে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ইয়াৰ সত্যতা নিশ্চিত কৰি লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd