• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পানীকেঁচুৱাৰ গাৰ কাপোৰ খোলা ঘটনা গাপ দিবলৈ গৈ মুখ থেকেচা খালে বিজেপিয়ে

ঘৰত আবদ্ধ কৰি লৈ কেমেৰাৰ সন্মুখত মিছা ভাষ্য দিবলৈ বিজেপিৰ নেতাই বাধ্য কৰোৱা বুলি স্বীকাৰ কেঁচুৱাটোৰ মাকৰ

NE NOW NEWS এন ই নাও নিউজ
বিশ্বনাথ , January 30, 2019 9:12 am

2 min read

Black Clothes

ভুক্তভোগী শিশুটি আৰু মাক। ২৯ জানুৱাৰিত।

1.5k
VIEWS
Share on FacebookShare on Twitter

ৰঞ্জিত দত্তৰ সমষ্টি বিহালীত মুখ্য মন্ত্ৰীৰ সভাত পানীকেঁচুৱাৰো গাৰ কাপোৰো খুলিবলৈ বাধ্য কৰোৱা ঘটনাটোক লৈ দ্বিতীয়বাৰৰ বাবে মুখ থেকেচা খালে বিজেপিয়ে।

২৯ জানুৱাৰিৰ ঘটনাটোৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হোৱা দেখি মহিলাগৰাকীক বিজেপিৰ কৰ্মীসকলে হেঁচা প্ৰয়োগ কৰি কেঁচুৱাটোৰ কাপোৰ গৰমৰ বাবে নিজে খোলা বুলি কেমেৰাৰ আগত ক’বলৈ বাধ্য কৰিছিল। তাৰ পিছত সেই ভাষ্যৰ ভিডিঅ’ বিভিন্ন নেটৱৰ্কৰ জৰিয়তে বিয়পাই দি সংবাদ মাধ্যমে হালধীয়া সাংবাদিকতা কৰা বুলি অপবাদ জাপিবৰ চেষ্টা কৰিছিল বিজেপিৰ কৰ্মী-সমৰ্থকে।

কিন্তু তাৰ কিছু সময়ৰ পিছতে মহিলাগৰাকীয়ে পুনৰ সংবাদ মাধ্যমৰ আগত আচল সত্যটো প্ৰকাশ কৰে। ব্যক্তিগত খণ্ডৰ এটা টিভি চেনেলৰ আগত মহিলাগৰাকীয়ে কয় যে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি লৈ তেওঁক বিজেপিৰ নেতা-কৰ্মীয়ে কেঁচুৱাটোৰ কাপোৰ নিজে খোলা বুলি ক’বলৈ বাধ্য কৰিছিল। সেইটো নোকোৱা পৰ্য্যন্ত তেওঁক তাৰ পৰা ওলাই আহিবলৈকে নিদিছিল।

“মোক সিহঁতৰ ঘৰৰ পৰা ওলাই আহিবলৈ নিদিয়ে। দুই-তিনিজন মানুহে মোক জবৰদস্তি কৰি আছে। দুৱাৰ বন্ধ কৰি ৰাখিছে আৰু ঘৰত যাম বুলি কোৱা সত্ত্বেও তাৰ পৰা ওলাবলৈ নিদিয়ে। ‘পোৱালিটোৰ কাপোৰ নিজে খুলিছো বুলি ক’ বুলি কৈছে আৰু মই ভয়তে তেনেকৈ কৈ দিছো।” মহিলাগৰাকীয়ে পিছত সাংবাদিকৰ আগত পৰিস্থিতিটোৰ বৰ্ণনা দি কয়।

স্থানীয় লোকে অভিযোগ কৰা মতে, বিহালী মণ্ডল বিজেপিৰ সভাপতি উত্পল বৰা ওৰফে পাল বৰাই মহিলাগৰাকীক এইদৰে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি লৈ মিছা মাতিবলৈ বাধ্য কৰাইছিল।

উল্লেখযোগ্য যে বিহালীৰ বৰগাঙত ২৯ জানুৱাৰিত অনুষ্ঠিত এখন সভাত মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আৰক্ষীয়ে পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰোৱা উক্ত ঘটনাটোৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাৰ পিছতে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থকে ইয়াক সংবাদ মাধ্যমৰহে সৃষ্টি বুলি প্ৰতিপন্ন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁলোকে ভুক্তভোগী মহিলাগৰাকীক কেমেৰাৰ সন্মুখত মিছা কথা ক’বলৈ বাধ্য কৰাই সেই ভিডিঅ’টোৰ বহুল প্ৰচাৰ কৰি সংবাদ মাধ্যমক হালধীয়া সাংবাদিকতা কৰাৰ অপবাদ দিছিল। কিন্তু ই হিতে বিপৰীত হয় তেতিয়া, যেতিয়া মহিলাগৰাকীয়ে মুক্ত মনে তেওঁলোকৰ এই অপচেষ্টাৰ কথা নিজ মুখে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি দিয়ে। ইপিনে চৰকাৰেও এই পানীকেঁচুৱাৰ কাপোৰ খোলা ঘটনাৰ তদন্ত দিছে।

Recent News

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd