NORTHEAST NOW (Assamese)

পানীকেঁচুৱাৰ গাৰ কাপোৰ খোলা ঘটনা গাপ দিবলৈ গৈ মুখ থেকেচা খালে বিজেপিয়ে

January 30, 2019 9:12 am · এন ই নাও নিউজ
ভুক্তভোগী শিশুটি আৰু মাক। ২৯ জানুৱাৰিত।

ৰঞ্জিত দত্তৰ সমষ্টি বিহালীত মুখ্য মন্ত্ৰীৰ সভাত পানীকেঁচুৱাৰো গাৰ কাপোৰো খুলিবলৈ বাধ্য কৰোৱা ঘটনাটোক লৈ দ্বিতীয়বাৰৰ বাবে মুখ থেকেচা খালে বিজেপিয়ে।

২৯ জানুৱাৰিৰ ঘটনাটোৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হোৱা দেখি মহিলাগৰাকীক বিজেপিৰ কৰ্মীসকলে হেঁচা প্ৰয়োগ কৰি কেঁচুৱাটোৰ কাপোৰ গৰমৰ বাবে নিজে খোলা বুলি কেমেৰাৰ আগত ক’বলৈ বাধ্য কৰিছিল। তাৰ পিছত সেই ভাষ্যৰ ভিডিঅ’ বিভিন্ন নেটৱৰ্কৰ জৰিয়তে বিয়পাই দি সংবাদ মাধ্যমে হালধীয়া সাংবাদিকতা কৰা বুলি অপবাদ জাপিবৰ চেষ্টা কৰিছিল বিজেপিৰ কৰ্মী-সমৰ্থকে।

কিন্তু তাৰ কিছু সময়ৰ পিছতে মহিলাগৰাকীয়ে পুনৰ সংবাদ মাধ্যমৰ আগত আচল সত্যটো প্ৰকাশ কৰে। ব্যক্তিগত খণ্ডৰ এটা টিভি চেনেলৰ আগত মহিলাগৰাকীয়ে কয় যে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি লৈ তেওঁক বিজেপিৰ নেতা-কৰ্মীয়ে কেঁচুৱাটোৰ কাপোৰ নিজে খোলা বুলি ক’বলৈ বাধ্য কৰিছিল। সেইটো নোকোৱা পৰ্য্যন্ত তেওঁক তাৰ পৰা ওলাই আহিবলৈকে নিদিছিল।

“মোক সিহঁতৰ ঘৰৰ পৰা ওলাই আহিবলৈ নিদিয়ে। দুই-তিনিজন মানুহে মোক জবৰদস্তি কৰি আছে। দুৱাৰ বন্ধ কৰি ৰাখিছে আৰু ঘৰত যাম বুলি কোৱা সত্ত্বেও তাৰ পৰা ওলাবলৈ নিদিয়ে। ‘পোৱালিটোৰ কাপোৰ নিজে খুলিছো বুলি ক’ বুলি কৈছে আৰু মই ভয়তে তেনেকৈ কৈ দিছো।” মহিলাগৰাকীয়ে পিছত সাংবাদিকৰ আগত পৰিস্থিতিটোৰ বৰ্ণনা দি কয়।

স্থানীয় লোকে অভিযোগ কৰা মতে, বিহালী মণ্ডল বিজেপিৰ সভাপতি উত্পল বৰা ওৰফে পাল বৰাই মহিলাগৰাকীক এইদৰে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি লৈ মিছা মাতিবলৈ বাধ্য কৰাইছিল।

উল্লেখযোগ্য যে বিহালীৰ বৰগাঙত ২৯ জানুৱাৰিত অনুষ্ঠিত এখন সভাত মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আৰক্ষীয়ে পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰোৱা উক্ত ঘটনাটোৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাৰ পিছতে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থকে ইয়াক সংবাদ মাধ্যমৰহে সৃষ্টি বুলি প্ৰতিপন্ন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁলোকে ভুক্তভোগী মহিলাগৰাকীক কেমেৰাৰ সন্মুখত মিছা কথা ক’বলৈ বাধ্য কৰাই সেই ভিডিঅ’টোৰ বহুল প্ৰচাৰ কৰি সংবাদ মাধ্যমক হালধীয়া সাংবাদিকতা কৰাৰ অপবাদ দিছিল। কিন্তু ই হিতে বিপৰীত হয় তেতিয়া, যেতিয়া মহিলাগৰাকীয়ে মুক্ত মনে তেওঁলোকৰ এই অপচেষ্টাৰ কথা নিজ মুখে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি দিয়ে। ইপিনে চৰকাৰেও এই পানীকেঁচুৱাৰ কাপোৰ খোলা ঘটনাৰ তদন্ত দিছে।

Related News