‘তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্ট’: নীতিশ কুমাৰ

Nitish Kumar says that there is no scope for a third front কোনো তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ হ’লে সমগ্ৰ দেশতে মাত্ৰ এটা ফ্ৰণ্ট লাগে। পুনৰ স্পষ্ট কৰি দিলে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে। নীতিশে স্পষ্ট কৰি দি কয় যে তেওঁ বিচাৰে সমগ্ৰ দেশতে মাত্ৰ এটা ফ্ৰন্ট গঠন হ’ব লাগে। বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ তেওঁ যি যি কৰিব লাগে সেয়া তেওঁ কৰিব।

কেইমাহমান পূৰ্বে জেডি(ইউ)ৰ মুৰব্বী নেতাগৰাকীয়ে বিজেপি সংগ ত্যাগ কৰি  বিৰোধী শিবিৰত যোগদান কৰিছিল। বৰ্তমান তেওঁৰ দল জেডি(ইউ) আৰজেডি আৰু কংগ্ৰেছৰ সৈতে বিৰোধী মহাজোঁটৰ অংশ।

লগতে পঢ়ক: ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’

দৰাচলতে, নীতিশ কুমাৰে আনুষ্ঠানিকভাৱে ইউপিএত যোগদান কৰিছে। বিজেপিৰ সংগ এৰাৰ পিছত তেওঁ গেৰুৱা শিবিৰৰ বিৰুদ্ধেও মাত মাতি আহিছে। বৰ্তমান তেওঁৰ লক্ষ্য হৈছে ২০২৪ চনত বিজেপিক কেন্দ্ৰৰ পৰা উৎখাত কৰা।

ৰাজনৈতিক মহলৰ মতে, বিহাৰৰ মুখ্যমন্ত্ৰীৰো প্ৰধানমন্ত্ৰী হোৱাৰ গোপন ইচ্ছা আছে। সেইটো ৰাজহুৱাভাৱে প্ৰকাশ নকৰিলেও নীতিশে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ বিৰোধী মিত্ৰজোঁট গঠন কৰিবলৈ দৃঢ়ভাৱে আগ্ৰহী।

তেওঁ ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীক লগ কৰিছে। তেওঁ কে চন্দ্ৰশেখৰ ৰাও আৰু মমতা বেনাৰ্জীৰ দৰে হেভিৱেট আঞ্চলিক নেতাসকলৰ সৈতেও যোগাযোগত আছে বুলি জনা যায়।

লগতে পঢ়ক: গতানুগতিক জীৱনত লাগিল বিৰক্তি: বিৰক্তিৰ অৱসান ঘটাবলৈ দুখনকৈ দোকানত চলালে ডকাইতি

ইপিনে, কেচিআৰ বা অৰবিন্দ কেজৰিৱালে সদায়ে এক অ-কংগ্ৰেছী, অ-বিজেপি ফ্ৰণ্টৰ বাবে ওকালতি কৰি আহিছে। কিন্তু নীতিশ কুমাৰ এনে ফ্ৰন্টৰ পক্ষত নাই। তেওঁ স্পষ্টকৈ কৈছে যে কোনো তৃতীয় ফ্ৰন্ট নহয়। বিজেপিক পৰাস্ত কৰিবলৈ মাত্ৰ এটাই মুখ্য ফ্ৰন্ট গঠন হ’ব।

নীতিশে কৈছে যে তেওঁ নিজেই সমমনস্ক দলবোৰক এখন মঞ্চৰ মাজলৈ অনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। নীতিশে দাবী কৰে যে বিজেপিয়ে তেওঁৰ দলক পিছফালৰ পৰা চুৰিৰে আঘাত কৰিছে। দলটোৰ শীৰ্ষ নেতাগৰাকীয়ে অভিযোগ কৰে যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত জেডি(ইউ)ৰ আসন সংখ্যা হ্ৰাস হোৱাৰ বাবেও বিজেপি দায়ী আছিল।

লগতে পঢ়ক: কিয় গ্ৰেপ্তাৰ কৰা হৈছে ইউৰোপীয় পাৰ্লিয়ামেন্টৰ ভাইচ প্ৰেছিডেন্টক?

দৰাচলতে, তৃতীয় ফ্ৰণ্ট সৃষ্টি কৰি ভাৰতীয় ৰাজনীতিত সফলতাৰ বিশেষ উদাহৰণ নাই। জেডি(ইউ)ৰ নেতাজনে অনুভৱ কৰে যে বৰ্তমান পৰিস্থিতিতও কংগ্ৰেছ আৰু বিজেপিৰ অবিহনে চৰকাৰ গঠনৰ ধাৰণাটো প্ৰাসংগিক নহয়।