• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 11:18 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পুৱতি নিশা বিহাৰৰ এখন চিকিৎসালয়ত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ সময়ত ৰোগীসকলক সংকটজনক অৱস্থাত এৰি চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে পলায়ন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পুৱতি নিশা প্ৰায় ৩:৫৫ বজাত চিকিৎসালয়খনৰ ষষ্ঠ মহলাত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত এগৰাকী ৰোগীৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে বিশগৰাকীতকৈ অধিক ৰোগী গুৰুতৰভাৱে আহত হৈছে।

হঠাৎ চিকিৎসালয়খনৰ ষষ্ঠ মহলাৰ পৰা জুইৰ লেলিহান শিখা আৰু ক’লা ধোঁৱা নিৰ্গত হোৱা দেখি ৰোগীৰ আত্মীয় আৰু স্থানীয় লোকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে জুই চৌদিশে বিয়পি পৰে আৰু সমগ্ৰ চিকিৎসালয়খন ক’লা ধোঁৱাৰে আবৃত হৈ পৰে। এনে পৰিস্থিতিত নিজৰ আত্মীয়ক বচাবলৈ ৰোগীৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে প্ৰাণৰ মমতাক নেওচি চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰে। কিন্তু তেতিয়ালৈকে ষষ্ঠ মহলাৰ এক বৃহৎ অংশলৈ জুই সম্পূৰ্ণৰূপে বিয়পি পৰিছিল।

Apply Now

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, চিকিৎসালয়খনৰ ষষ্ঠ মহলাত থকা আই চি ইউ কক্ষটোত প্ৰথমতে জুই লাগে আৰু সেই সময়ত তাত ১৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল। ৰোগীৰ আত্মীয়সকলে অভিযোগ কৰা অনুসৰি, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে চিকিৎসালয়খনৰ চিকিৎসক বা আন কোনো কৰ্মচাৰীক সেই স্থানত বিচাৰি পোৱা নগ’ল। ৰোগীসকলক ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দি চিকিৎসালয়ৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাণ ৰক্ষাৰ্থে সেই স্থানৰ পৰা পলায়ন কৰে। এগৰাকী যুৱকে সংবাদ মাধ্যমৰ আগত শোকাকুল হৈ প্ৰকাশ কৰে যে তেওঁৰ পিতৃ আই চি ইউত ভৰ্তি হৈ আছিল আৰু এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ তেওঁৰ পিতৃৰ কৰুণ মৃত্যু ঘটে।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, তেওঁলোক উপস্থিত হোৱাৰ সময়লৈকে চিকিৎসালয়খনৰ অধিকাংশ কৰ্মচাৰীয়েই পলায়ন কৰিছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰকাৰী দলে আই চি ইউ আৰু ইয়াৰ কাষৰ কোঠাসমূহৰ খিৰিকী ভাঙি আৱদ্ধ হৈ থকা ৰোগীসকলক বাহিৰলৈ উলিয়াই আনে। বৰ্তমান এই ঘটনাত আহত বিশগৰাকীতকৈ অধিক ৰোগী চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd