NORTHEAST NOW (Assamese)

বিহাৰৰ মন্ত্ৰী বিনোদ কুমাৰ সিঙৰ ৫৪ বছৰ বয়সত দেহাৱসান

October 12, 2020 5:10 pm · এন ই নাও নিউজ
বিনোদ কুমাৰ সিং

পিছপৰা শ্ৰেণী আৰু অতি পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ বিহাৰৰ মন্ত্ৰী বিনোদ কুমাৰ সিঙে আজি ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

বিহাৰৰ মন্ত্ৰী গৰাকীৰ মৃত্যুৰ পাছতে বিহাৰৰ ৰাজনীতিৰ জগতত শোকৰ ছাঁ পৰে।

বিনোদ কুমাৰ সিঙে মগজুৰ পক্ষাঘাটত আক্ৰান্ত হৈ বিগত এমাহ ধৰি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

ইয়াৰ পূৰ্বে, বিনোদ কুমাৰ সিং আৰু তেওঁৰ পত্নী নিশা সিঙৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

চিকিৎসাৰ অন্তত দুয়ো ক’ৰ’না মুক্ত হয় যদিও মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বিনোদ কুমাৰ সিঙে আজি নিয়তিৰ ওচৰত হাৰ মানে।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ লগতে ৰাজ্যখনৰ অন্যান্য ৰাজনৈতিক নেতা সকলে বিনোদ কুমাৰ সিঙৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল।

অতি কম সময়ৰ ভিতৰত বিহাৰ ৰাজনীতিৰ দুগৰাকী প্ৰভাৱশালী নেতাৰ মৃত্যুই জনসাধাৰণক আশাহত কৰি তুলিছে।

Related News