NORTHEAST NOW (Assamese)

পাটনাত পৰীক্ষাৰ্থীক আৰক্ষীৰ লাঠিচালনা, চলালে পানীৰ কামান; প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে ৰুজু গোচৰ

December 30, 2024 11:10 am · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে দেওবাৰে নিশা  ৰণক্ষেত্ৰলৈ পৰিণত হয় পাটনা। এই ঘটনাৰ লগত জড়িত হৈ পৰিছে প্ৰশান্ত কিশোৰৰ নাম। দেওবাৰে তেওঁৰ লগতে তেওঁৰ দল জন সুৰজ পাৰ্টিৰ একাংশ নেতাৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰা হয়।

প্ৰশান্ত কিশোৰ আৰু তেওঁৰ দলটোৱে অনুমতি অবিহনে একত্ৰিত হৈ ইচ্ছাকৃতভাৱে ৰাজ্যৰ আইন-শৃংখলা ধ্বংস কৰাৰ চেষ্টা কৰিছে। এই অভিযোগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ৭০০ প্ৰতিবাদকাৰীৰ লগতে একাংশ কোচিং চেণ্টাৰকো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে।

লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰি চলিত বৰ্ষৰ ১৩ ডিচেম্বৰৰ পৰা বিহাৰত বিপিএছচি পৰীক্ষাৰ্থীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। কিন্তু অভিযোগ কৰা হৈছে যে নীতিশ কুমাৰ চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল।

ইয়াৰ পিছত দেওবাৰে জন সুৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে হাজাৰৰো অধিক বিক্ষুব্ধ প্ৰাৰ্থীৰ সৈতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ পদযাত্ৰাৰ আহ্বান জনায়। গান্ধী ময়দানৰ পৰা ওলায় প্ৰতিবাদকাৰীসকল। বিহাৰ আৰক্ষীও তেওঁলোকক বাধা দিবলৈ পথত বেৰিকেড স্থাপন কৰি সাজু আছিল।

যেতিয়া তেওঁলোকে জে পি গলম্বত প্ৰতিবাদ কৰিছিল, হঠাতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠি-চাৰ্জ কৰে। ছত্ৰভংগ দিবলৈও পানীৰ কামানো নিক্ষেপ কৰা হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি কোনো অনুমতি অবিহনে জন সুৰজ পাৰ্টিয়ে অঞ্চলটোত সমবেত হৈছিল। যি গান্ধী ময়দানলৈকে বিস্তৃত হৈছিল। পিছত ৰণক্ষেত্ৰৰ ৰূপ লয়। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ লাউডস্পীকাৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে। দণ্ডাধীশ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগত তেওঁলোক সংঘাতত জড়িত হৈ পৰে।

এগৰাকী বিষয়াই কয় যে, বাৰে বাৰে আবেদন জনোৱাৰ পিছতো প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশ অৱজ্ঞা কৰি নিয়ম উলংঘা কৰে। অৱশ্যে এই পৰ্যন্ত প্ৰশান্ত কিশোৰ বা তেওঁৰ দলৰ পৰা কোনো সঁহাৰি পোৱা হোৱা নাই।

Related News