গুৱাহাটী মহানগৰীৰৰ মাজমজিয়া গণেশগুৰিত গিজগিজাই থকা স্মাৰ্ট পুলিচৰ সন্মুখৰ পৰাই আজি দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা ১৩ লাখ টকা লুট কৰি নিয়ে।
ঘটনাৰ বিৱৰণি মতে বিউটি চহৰীয়া নামৰ মহিলাগৰাকীয়ে গণেশগুৰিৰৰ উৰণীয়া সেতুঁৰ তলত নিজৰ চাৰিচকীয়া এল্ট’ বাহনখন ৰাখিছিল। আৰু গাড়ীখনৰ পিছৰ আসনত নগদ ১৩ লাখ টকা ৰাখিছিল।
উক্ত সময়তে হঠাৎ বাইকত অহা দুজন দুৰ্বৃত্তই ৰখাই থোৱা গাড়ীখনৰ দৰ্জা খুলি ১৩ লাখ টকা লৈ গণেশ মন্দিৰৰ ফালে পলায়ন কৰে।
এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে হঠাই তীব্ৰ বেগত অহা দুজন যুৱকে মহিলাগৰাকীয়ে ৰখাই থোৱা গাড়ীখনৰ দৰ্জা খুলি টকাখিনি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লগতে দুৰ্বৃত্ত দুজনে এখন নতুন পালচাৰ বাইকত আহিছিল আৰু বাইকখনৰ নাম্বাৰ প্লেট নাছিল।
বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। ইফালে গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত আৰক্ষীৰ লোক থকা অৱস্থাতে এনেদৰে দিন-দুপৰতে বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে ডকাইতি কৰা ঘটনাই স্থানীয় লোকক চিন্তিত কৰি তুলিছে।