NORTHEAST NOW (Assamese)

ভাৰতৰ ফাৰ্মা উদ্যোগ সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম : বিল গেটছ

July 16, 2020 6:04 pm · এন ই নাও নিউজ
Updated: July 16, 2020 6:06 pm
বিল গেটছ, উৎস-ইণ্টাৰনেট

মাইক্ৰ’ছফ্টৰ মুখ্য কাৰ্য্যবাহী বিল গেটছে বৃহস্পতিবাৰে ভাৰতৰ ফাৰ্মা উদ্যোগ সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন নিৰ্মাণ কৰি উলিয়াব পৰাকৈ সক্ষম বুলি উল্লেখ কৰে।

”ভাৰতৰ ফাৰ্মা উদ্যোগৰ কেবল মাত্ৰ দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰিব পৰাৰ সক্ষমতা আছে,” ভাৰতৰ ফাৰ্মা উদ্যোগক প্ৰশংসা কৰি গেটছে কয়।

বিল গেটছ আৰু মেলিন্দা গেটছে ফাউণ্ডেশ্যনে চৰকাৰৰ সৈতে বিশেষকৈ আই চি এম আৰৰ সৈতে সহযোগিতাৰে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে।

ইয়াৰ পূৰ্বেও ক’ৰ’নাৰ প্ৰাৰম্ভিক সংক্ৰমণৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিল গেটছে আলোচনাত অংশগ্ৰহণ কৰিছিল আৰু ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ কাৰ্য্যব্যৱস্থাক প্ৰশংসা কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো ভাৰতৰ ফাৰ্মা উদ্যোগক সমগ্ৰ বিশ্বৰ বাবে আশীৰ্বাদ হিচাপে অভিহিত কৰিছিল।

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ সময়ত ভাৰতে বহু কেইখন দেশলৈ জীৱন দায়িনী ঔষধৰ যোগান ধৰিছিল।

Related News