• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৮২ বছৰ বয়সত স্নাতক ডিগ্ৰী! মহাবিদ্যালয় এৰাৰ ৬০ বছৰৰ পাছত ইতিহাস ৰচিলে টেনিছ তাৰকা বিলি জিন কিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 2:49 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেছাদাৰী টেনিছ জগতত নিজৰ কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যেৰে মহাবিদ্যালয় ত্যাগ কৰাৰ ছটাতকৈও অধিক দশকৰ পাছত অৱশেষত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে কিংবদন্তি টেনিছ তাৰকা বিলি জিন কিঙে। সোমবাৰে ৮২ বছৰীয়া এই বিশ্ববিশ্ৰুত খেলুৱৈগৰাকীয়ে কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটি, লছ এঞ্জেলছৰ পৰা ইতিহাস বিষয়ত সন্মানীয় স্নাতক ডিগ্ৰী লাভ কৰে। এই বিশেষ দিনটোত খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যম ‘এক্স’ (X) যোগে প্ৰকাশ কৰে যে কোনো এটা আৰম্ভ কৰা কাম শেষ কৰিবলৈ কেতিয়াও পলম নহয়।

আমেৰিকা যুক্তৰাষ্ট্ৰত মহিলা ক্ৰীড়া আৰু এলজিবিটিকিউ প্লাছ (LGBTQ+) অধিকাৰৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কিঙৰ বাবে এই মুহূৰ্তটো অত্যন্ত তাৎপৰ্যপূৰ্ণ আছিল। তেওঁ নিজৰ অন্তিম ষাণ্মাসিকত টাইটেল নাইন (Title IX) আৰু সম-অধিকাৰ আন্দোলনৰ দৰে বিষয়সমূহৰ ওপৰত অধ্যয়ন আৰু গৱেষণা কৰিছিল, যিবোৰ আন্দোলনত তেওঁ নিজেই এসময়ত নেতৃত্ব দিছিল। উল্লেখযোগ্য যে, কিঙে প্ৰথমে ১৯৬১ চনত সেই সময়ৰ লছ এঞ্জেলছ ষ্টেট কলেজত নামভৰ্তি কৰিছিল যদিও টেনিছত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাৰ উদ্দেশ্যে ১৯৬৪ চনত পঢ়া-শুনা আধাতে সামৰে। মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই তেওঁ নিজৰ প্ৰথমটো উইম্বলডন ডাবলছ খিতাপ দখল কৰি ক্ৰীড়া জগতত খোপনি পুতিবলৈ সক্ষম হৈছিল

Apply Now

পৰৱৰ্তী সময়ত তেওঁ ক্ৰীড়া ইতিহাসৰ অন্যতম প্ৰভাৱশালী কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়। কিঙে নিজৰ খেলুৱৈ জীৱনত ১২টা ছিংগলছ, ১৬টা মহিলা ডাবলছ আৰু ১১টা মিক্সড ডাবলছ খিতাপসহ মুঠ ৩৯টা গ্ৰেণ্ড শ্লাম খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও তেওঁ মহিলা টেনিছ সন্থা (Women’s Tennis Association) প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে ক্ৰীড়াক্ষেত্ৰত মহিলাসকলৰ বাবে সমান সুযোগ আৰু সম-দৰমহাৰ দাবীত নিৰন্তৰ সংগ্ৰাম চলাই গৈছিল। তেওঁৰ এই সক্ৰিয়তা আৰু অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মান যেনে প্ৰেছিডেন্সিয়েল মেডেল অৱ ফ্ৰিডম, কংগ্ৰেছনেল গ’ল্ড মেডেল আৰু হলিউড ৱাক অৱ ফেমত তাৰকা সন্মানেৰে বিভূষিত কৰা হৈছে।

প্ৰায় এবছৰৰ পূৰ্বে কিঙে জানিব পাৰে যে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ তেওঁক মাত্ৰ এটা বছৰৰ প্ৰয়োজন। ইয়াৰ পাছতেই তেওঁৰ মনত পুনৰ বিশ্ববিদ্যালয়লৈ উভতি যোৱাৰ ইচ্ছা জাগ্ৰত হয়। যোৱা বছৰৰ পৰা তেওঁ বুৰঞ্জীমূলক গৱেষণা আৰু ইতিহাস ৰচনাৰ দৰে বিষয়ত অনলাইন ক্লাছৰ জৰিয়তে পুনৰ পঢ়া-শুনা আৰম্ভ কৰে।

লছ এঞ্জেলছত অনুষ্ঠিত হোৱা এই দীক্ষান্ত সমাৰোহত কিঙে “ষ্টুডেণ্ট এথলিট” আৰু “গোট” (G.O.A.T.) লিখা থকা এখন সোণালী ৰঙৰ উত্তৰীয় পৰিধান কৰিছিল। বিশ্ববিদ্যালয়ৰ অধ্যক্ষা বেৰেনিচিয়া জনছন ইনছৰ হাতৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ পাছত তেওঁ মঞ্চৰ পৰা সতীৰ্থ স্নাতকসকলৰ মাজলৈ টেনিছ বল মাৰি এই বিশেষ ক্ষণটো উদযাপন কৰে। বৰ্তমান ৮২ বছৰ বয়সতো তেওঁৰ এই শৈক্ষিক সফলতাই সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমী তথা সাধাৰণ জনতাৰ মাজত এক নতুন প্ৰেৰণাৰ সঞ্চাৰ কৰিছে আৰু এক ইতিবাচক বাৰ্তা প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd