• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰলৈ “বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ”, প্ৰদৰ্শিত হ’ব অসমৰ সমকালীন নামকৰা ছবি

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
August 2, 2019 11:20 pm
Biswanath Film Festival to showcase contemporary Assamese cinema
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেয়া আছিল ১৯৩৩ চনৰ কথা। বৰ্তমানৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতেই এজন মহামনিষীয়ে ৰোপন কৰিছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথমটো বীজৰ।

চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি এই ভোলাগুৰি চাহ বাগিচাৰ পৰাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণৰ কাম।

Apply Now

সেই গৌৰৱময় ইতিহাসৰ ৰোমণ্ঠনেৰে পূৰ্বৰ দৰং, পৰৱৰ্তী কালৰ শোণিতপুৰ আৰু বৰ্তমানৰ নৱগঠিত বিশ্বনাথ জিলাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে জিলাখনৰ কেইগৰাকীমান চিনেমা প্ৰেমিকৰ ঐকান্তিক প্ৰচেষ্টাত অহা ৮ আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱৰ।

সমাৰোহৰ ছবিসমূহ প্ৰদৰ্শিত হ’ব বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজ (সতৰূপা কমপ্লেক্স)ত।

বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শুকুৰবাৰে আয়োজিত এক সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

সংবাদমেল সম্বোধন কৰি বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিত শইকীয়া, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া ৰাজীৱ কৈৰী আৰু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা তথা বিশ্বনাথৰ সন্তান ৰীমা বৰাই বিশ্বনাথত প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা এই মহোৎসৱৰ প্ৰতি জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰে।

সংবাদমেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য আৰু পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ লগতে আয়োজক সমিতিৰ বহুকেইগৰাকী সদস্য উপস্থিত থাকে।

জনসংযোগ, বিশ্বনাথৰ যুটীয়া উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত চিনেক্লাৱ “টকীঘৰ”ৰ দ্বাৰা আয়োজিত এই সমাৰোহত মুঠ দহখনকৈ উচ্চমানৰ অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

৮ আগষ্টৰ বিয়লি দুই বজাত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত অংশগ্ৰহণ কৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানৰ পিছতেই মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হ’ব ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “ মাজ ৰাতি কেতেকী”।

সমাৰোহত প্ৰদৰ্শিত হ’বলগীয়া আন আন ছবিসমূহ হৈছে–

অনুপম কৌশিক বৰাৰ বৰনদী ভটিয়ায়,

ভাস্কৰ হাজৰিকাৰ কথানদী,

কংকন ডেকাৰ বিউটিফুল লাইভছ,

দীপ চৌধুৰীৰ আলিফা ,

জয়চেং জয় দহোটীয়াৰ হান্দুক ,

মঞ্জুল বৰুৱাৰ কানীন,

হিমজ্যোতি তালুকদাৰৰ কেলেণ্ডাৰ ,

বিশ্বজিত বৰাৰ ফেহুঁজালি আৰু

ৰীমা বৰাৰ বকুল।

উল্লেখযোগ্য যে প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱৰ অংশ হ’বলগীয়া এই প্ৰায়কেইখন ছবিয়েই দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হৈছে।

প্ৰায়কেইখন ছবিৰেই প্ৰদৰ্শনৰ সময়ত পৰিচালক আৰু কলা-কুশলীসকল উপস্থিত থাকিব আৰু দৰ্শনী শেষ হোৱাৰ পিছতেই আগ্ৰহী দৰ্শকৰ সৈতে এক কথোপকথন অনুষ্ঠানত ভাগ ল’ব।

মহোৎসৱৰ ছবিসমূহ উপভোগ কৰিবৰ বাবে আগ্ৰহী দৰ্শকক এক বিশেষ ফটো পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে তেওঁলোকে এক নিৰ্দিষ্ট পঞ্জীয়ন মাছুল জমা দি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ প্ৰ-পত্ৰসমূহ জিলাখনৰ বিভিন্ন স্থানত উপলব্ধ কৰা হৈছে।

এই স্থানসমূহ হৈছে বিশ্বনাথ চাৰিআলিৰ স্বস্তিকা প্ৰিণ্টাৰ্ছ, জুচ বক্স, য়াম্মী কিটচেন, গ্ৰীণ চিলী ৰেষ্টুৰেণ্ট, ভোডাফোন, ৰয়েল পেলেচ আৰু পাপু ৰিফিলছ, বৰগাঙৰ শুভম হোটেল, গহপুৰৰ বিশাল হোটেল, কলাবাৰীৰ শইকীয়া বুক ষ্টল, চতিয়াৰ বক্সি হোটেল আৰু জামুগুৰিহাটৰ জয় হিন্দ পি চি অ’।

পঞ্জীয়ন পত্ৰ বিশ্বনাথ চাৰিআলিৰ জনসংযোগ কাৰ্যালয় তথা চক্ৰ বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হ’ব।

শনিবাৰৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া অনলাইনযোগেও আৰম্ভ কৰা হ’ব।

মহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে।

ছবি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ – এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হ’ব সম্পূৰ্ণ বিনামূলীয়া।

মহোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় উদীয়মান ফটোগ্ৰাফাৰসকলৰ এক চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।

বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে এই মহোৎসৱলৈ সকলোধৰণে সহযোগিতা আগবঢ়াইছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়েও।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd