• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৪০ শতাংশ বিধায়ক বিজেপিৰ; কংগ্ৰেছকে ধৰি আন দলবোৰৰ জনপ্ৰতিনিধিৰ সংখ্যা কিমান?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 8, 2026 11:37 am
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। ফলাফলত দেখা গৈছে যে তিনিখন ৰাজ্যত এন ডি এ চৰকাৰ গঠন হ’বলৈ গৈ আছে। ইয়াৰে দুখন ৰাজ্যত পোনপটীয়াকৈ ক্ষমতাত আহিছে বিজেপি। বিজেপিৰ মিত্ৰদল এন আৰ কংগ্ৰেছে কেন্দ্ৰীয় শাসিত অঞ্চলটোত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছে আন এখন ৰাজ্যত চৰকাৰ গঠন কৰাৰ আৰু থালাপতি বিজয়ৰ টিভিকেই এখন ৰাজ্যত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে।

এই পাঁচটা বিধানসভা নির্বাচনৰ পাছত ৰাষ্ট্ৰীয় ৰাজনীতিৰ সমীকৰণ বহু পৰিবর্তন হোৱাৰ সম্ভাৱনা আছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত গেৰুৱা শিবিৰৰ শক্তি বৃদ্ধি পাইছে। কংগ্ৰেছেও কিছু শক্তি লাভ কৰিছে। কিন্তু চিপিএম আৰু বাওঁপন্থীকে ধৰি কেইবাটাও আঞ্চলিক দল পতনৰ পথত। ইয়াৰ প্ৰভাৱ পৰৱৰ্তী ৰাজ্যসভা নিৰ্বাচনতো পৰিব।

Apply Now

ইতিমধ্যে বিজেপিয়ে নিজৰ সদস্য সংখ্যাৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰে। অন্ততঃ সদস্যৰ সংখ্যাৰ ক্ষেত্ৰত। যদিও সেই দাবীক লৈ বহুতে সন্দেহ প্ৰকাশ কৰে। কিন্তু এই মুহূৰ্তত তেওঁলোক যে ভাৰতৰ সৰ্ববৃহৎ দল তাত সন্দেহৰ অৱকাশ নাই। এই মুহূৰ্তত ২২খন ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। যিটো একপ্ৰকাৰ অভূতপূৰ্ব। শ্ৰেষ্ঠ সময়খিনিতো কংগ্ৰেছৰ হাতত ইমান ক্ষমতা নাছিল।

এই মুহূৰ্তত সমগ্ৰ দেশতে বিজেপিৰ ১৬৫৪ জন বিধায়ক আছে। সমগ্ৰ দেশৰ মুঠ বিধায়কৰ ৪০ শতাংশ গেৰুৱা শিৱিৰৰ। তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী শিবিৰৰ বিধায়কৰ মুঠ সংখ্যা বিজেপিৰ সমান হ’বনে নাই তাত সন্দেহ আছে। দৰাচলতে ২০১৪ চনৰ পৰা সমগ্ৰ দেশতে গেৰুৱা শিবিৰৰ শক্তি বৃদ্ধি হৈ আহিছে।

বিজেপিৰ বাহিৰেও কংগ্ৰেছ হৈছে দেশৰ একমাত্ৰ প্ৰকৃত অৰ্থত সৰ্বভাৰতীয় দল। বৰ্তমান ৪ খন ৰাজ্যত (কেৰালাকে ধৰি) কংগ্ৰেছৰ নিজা চৰকাৰ আছে। এখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ। কংগ্ৰেছত বৰ্তমান ৬৬৪ জন বিধায়ক আছে। যিটো বিজেপিৰ আধাতকৈ বহু কম।

অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দলটো বিধায়কৰ সংখ্যাৰ হিচাপত দেশৰ ভিতৰতে তৃতীয় বৃহত্তম দল। চন্দ্ৰবাবু নাইডুৰ দলত বৰ্তমান ১৩৫ জন বিধায়ক আছে। তাৎপৰ্যপূৰ্ণভাৱে টিডিপিও বিজেপিৰ মিত্ৰ। য’ত বিজেপিৰ উপস্থিতি কম তেনে এখন ৰাজ্য অন্ধ্ৰ প্ৰদেশ।

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলসমূহৰ ভিতৰত তৃতীয় সৰ্বাধিক বিধায়ক আছিল তৃণমূলৰ। কিন্তু এইবাৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যৰ বিদায়ী শাসকীয় দলটোৰ শক্তিৰ বৃহৎ ক্ষতি হৈছে। তৃণমূলত বৰ্তমান দুখন ৰাজ্যৰ মিলি ৮১ জন বিধায়ক আছে। বংগত ৮০ জন আৰু অসমত ১ জন। এইবাৰ অসমতো এখন আসন লাভ কৰিছে তৃণমূলে।

এই মুহূৰ্তত কংগ্ৰেছৰ বাহিৰে বিৰোধী শিবিৰৰ সৰ্ববৃহৎ দলটো হৈছে আম আদমী পাৰ্টি। অৰবিন্দ কেজৰিৱালৰ দল এখন ৰাজ্যৰ শাসক দল। এখন ৰাজ্যৰ প্ৰধান বিৰোধী দল। আৰু আন এখন ৰাজ্যতো বিধায়ক আছে। আপৰ মুঠ বিধায়কৰ সংখ্যা ১২১ জন।

তামিল ৰাজনীতিত উল্কাপিণ্ডৰ দৰে গতিৰে উত্থান ঘটিছে থালাপতি বিজয়ৰ। তেওঁৰ দল টিভিকেই অকলে ১০৮খন আসন লাভ কৰিছে। যদিও সংখ্যাগৰিষ্ঠতা নাপালে, বিজয়ৰ বিধায়কৰ সংখ্যা আকৰ্ষণীয়। তামিলনাডুৰ পূৰ্বৰ শাসকীয় দল ডি এম কেত বৰ্তমান ৬১ জন বিধায়ক আছে।

আন এটা আঞ্চলিক দলত এশজনৰো অধিক বিধায়ক আছে। সেইটোৱেই হৈছে সমাজবাদী পাৰ্টি। অখিলেশ যাদৱৰ দলত আছে ১০৩ জন বিধায়ক। উত্তৰ প্ৰদেশৰ নিৰ্বাচন অহা বছৰ। অখিলেশে বিধায়কৰ সেই সংখ্যা বৃদ্ধিৰে ৰাজ্যৰ ক্ষমতা দখলৰ যুঁজত অৱতীৰ্ণ হ’ব।

এটা সময়ত সমগ্ৰ দেশতে বাওঁপন্থী দলসমূহৰ কম বেছি পৰিমাণে অস্তিত্ব আছিল। দীৰ্ঘদিন ধৰি পশ্চিমবংগ আৰু ত্ৰিপুৰাত বাওপন্থী ক্ষমতাত আছিল। দীৰ্ঘদিন ধৰি কেৰালাতো বাওঁপন্থীয়ে ক্ষমতাত আছিল। এই মুহূৰ্তত সমগ্ৰ দেশতে বাওঁপন্থীৰ মুঠ ৭৯ জন বিধায়ক আছে।

আন বিৰোধী সৰ্বভাৰতীয় দলসমূহৰ ভিতৰত বহুজন সমাজ পাৰ্টিৰ অৱস্থা আটাইতকৈ বেয়া। মুঠতে মায়াৱতীৰ দলত মাত্ৰ ৫ জন বিধায়ক আছে। সেইটোও একাধিক ৰাজ্যত। ২০২২ চনত মায়াৱতীয়ে নিজৰ ৰাজ্য উত্তৰ প্ৰদেশত মাত্ৰ দুজন বিধায়কহে লাভ কৰে। তাৰ তুলনাত কনৰাড চাংমাৰ এন পি পিৰ অৱস্থা ভাল। এই ৰাষ্ট্ৰীয় দলটোত ৫০ জন বিধায়ক আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd