• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মিত্ৰজোঁটে অসমৰ ১৩ খন আসনতে জয়লাভ কৰিব : ৰঞ্জিত দাস

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 22, 2019 9:48 am
Ranjeet-Kr-Dass-750x375

ধুবুৰীত দেওবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে দৃঢ়তা প্ৰকাশ কৰি কয় যে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে অসমৰ ১৪খন আসনৰ ভিতৰত ১৩ খনতে জয়লাভ কৰিব। দাসে দাবী কৰে যে অসমত এতিয়াও এক ‘বিজেপি ঢৌ’ আছে আৰু দলটোৱে ইয়াৰ মিত্ৰজোঁটৰ সৈতে ‘’ৰাজ্যখনৰ ১৪খনৰ ভিতৰত ১৩খন আসনেই লাভ কৰিব।‘’

অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ১০ খনত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ইয়াৰ মিত্ৰ দল অসম গণ পৰিষদক ৩খন আৰু আনটো মিত্ৰ দল বড়োলেণ্ড পিপুলছ ফ্ৰন্টক ১খন আসন এৰি দিছে।

Apply Now

‘’মোৰ সমীকৰণত ২০১৪ৰ তুলনাত আমি ভাল ফল লাভ কৰিম আৰু অগপ তথা বিপিএফৰ সৈতে আমাৰ প্ৰাক্ নিৰ্বাচনী বুজাবুজিৰ বাবে আমাৰ পক্ষত ভোটৰ হাৰ বৃদ্ধি পাব,’’- দাসে সদৰী কৰে।

ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ সপক্ষে সমগ্ৰ দেশতে এক বতাহ বলিছে দেশৰ জনসাধাৰণে মোদীক দেশৰ প্ৰধান মন্ত্ৰী হিচাপে আকৌ এবাৰ ক্ষমতা প্ৰদানৰ সিদ্ধান্ত ইতিমধ্যে লৈছে।

‘’এই মোদী চৰকাৰখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ লৈছে আৰু দেশক এক শক্তিশালী নেতৃত্ব প্ৰদান কৰিছে। নৰেন্দ্ৰ মোদীয়ে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বিকাশৰ বাবে উজ্জলা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত আৰু কিষান সমৃদ্ধি যোজনাকে ধৰি বহু সংখ্যক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে। সাধাৰণ ৰাইজে ইয়াৰ পৰা উপকৃত হৈছে,’’-দাসে কয়।

ৰঞ্জিত দাসে দেওবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰৰ মহামায়া খেলপথাৰত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা অগপ প্ৰাৰ্থী জাৱেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিছিল।

দাসে কয় যে তেওঁ ৰাজ্যখনৰ বেছিভাগ লোকসভা সমষ্টিতে ভ্ৰমণ কৰিছে আৰু দেখা পাইছে যে ২০১৪ৰ লোকসভা নিৰ্বাচনৰ তুলনাত,’’ ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ মৰম বৃদ্ধি পাইছে।‘’

‘’গোটেই দেশতে আমি ৩০০ তকৈয়ো অধিক লোকসভা আসনত জয়লাভ কৰিম,’’-তেওঁ লগতে দাবী কৰে।

দাসে দাবী কৰি কয়, ‘’ অসমৰ ৰাইজে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত হোৱা গোপন বুজাবুজিৰ কথা জানিব পাৰিছে যিটোৱে প্ৰত্যক্ষভাৱে বিজেপিক উপকৃত কৰিব।‘’

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় যে বিগত ১০ বছৰ ধৰি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে থকাৰ পাছতো এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে সমষ্টিটোৰ বাবে একো নকৰিলে যাৰ বাবে ধুবুৰী জিলাখন আটাইতকৈ পিছ পৰি আছে।

তেওঁ লগতে অসমৰ পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনকো সমালোচনা কৰি কয় যে বিগত ১৫ বছৰ শাসন কৰা চৰকাৰখনে সাধাৰণ ৰাইজৰ বুনিয়াদী প্ৰয়োজন পূৰণ কৰাত ব্যৰ্থ হৈছে।

দেওবাৰৰ সভাখনত ৰঞ্জিত দাসৰ উপৰি ভাষণ ৰাখে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত দত্ত, গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ তথা বিপিএফৰ প্ৰাক্তন বিধায়ক বলেন্দ্ৰ মোছাহাৰীয়ে।

Tags: নিৰ্বাচন ২০১৯
মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd