DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপক পুনৰ মিত্ৰতালৈ মাতিলে লোকসভাৰ নিৰ্বাচনক লৈ শংকিত বিজেপিয়ে

নেতৃত্বৰ সন্মুখত অগ্নি পৰীক্ষা! ৰাইজৰ ওচৰত নে বিজেপিৰ ওচৰত থাকিব আঞ্চলিক দলটো?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 17, 2019 3:12 pm
RamMadhab Pressmeet

অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ। ১৭ জানুৱাৰিত।

3k
VIEWS
Share on FacebookShare on Twitter

২০১৯ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মান মাহ বাকী থকাৰ সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনা বাবেই অগপই মিত্ৰতা ছেদ কৰাত শংকিত হৈ পৰিছে অসম বিজেপি। কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাৱীত ৰাজ্যখনত বিজেপি-বিৰোধী আন্দোলনে ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

গতিকে এতিয়া ৰাজ্যত দেখা দিয়া প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অগপৰ সংগ নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাহস গোটাব পৰা নাই বিজেপিয়ে।

এই শংকাতে আজি দলটোৰ হেঙেৰাবাৰীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱে অগপক সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনায়।

ৰামমাধৱে কয়, “আমি মিত্ৰজোঁট হিচাপে বিগত নিৰ্বাচনত ৰাইজৰ ওচৰলৈ গৈছিলো। ৰাইজে আমাক শাসনৰ দায়িত্ব দিছিল। গতিকে অগপই এই মিত্ৰতা ত্যাগ কৰিছে যদিও তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিচাৰ কৰাৰ বাবে আমি অনুৰোধ জনাওঁ। তেওঁলোকে পুনৰ বিচাৰ কৰি উভতি আহিলে আমি পাঁচ বছৰৰ চৰকাৰখন একেলগে সম্পূৰ্ণ কৰিব পাৰিম”।

ৰামমাধৱৰ এই কথাতেই অগপই মিত্ৰতালৈ পুনৰ উভতি অহাটো যে বিজেপিয়ে মনে-প্ৰাণে বিচাৰি আছে সেই কথাটো প্ৰমাণ হয়।

উল্লেখ্য যে, ৭ জানুৱাৰিত কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কখনত অনুমোদন জনোৱাৰ পিছ মুহূৰ্ততে পূৰ্বে কৰা সংকল্প মতে বিজেপিৰ সংগ ত্যাগ কৰিছিল অগপই।

ইয়াৰোপৰি সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ সকলো খিলঞ্জীয়া জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু অসমৰ ৰাইজে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিৰ বাবে যি কঠিন পৰিস্থিতিৰ আনিছে তাত অগপয়ো হাত উজান দিয়াৰ বাবে ইতিমধ্যে কাৰ্য্যসূচী ঘোষণা কৰিছে।

ইপিনে আজিৰ সংবাদমেলত বিধেয়ক বিৰোধী আন্দোলন কিছুমানে সঁচাকৈয়ে শংকিত হৈ কৰিছে যদিও বেছিভাগেই ৰাজনৈতিক ইছ্যু হিচাপেহে ইয়াৰ বিৰোধিতা কৰা বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে।

ইয়াৰ ভিতৰত অগপই প্ৰকৃততে শংকিত হৈছে বুলি মন্তব্য কৰি দলটোৰ শংকা দূৰীকৰণৰ বাবে তেওঁলোকৰ লগত বিজেপিয়ে আলোচনা কৰাৰো ইচ্ছা প্ৰকাশ কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অগপৰ তিনি মন্ত্ৰীয়ে যোৱা ১০ জানুৱাৰিতেই মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিছিল যদিও সেই পদত্যাগ এতিয়াও গৃহীত হোৱা নাই বুলি কালি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে প্ৰকাশ কৰিছিল।

এই সন্দৰ্ভত ৰামমাধৱে কয়, “হয়তো মুখ্য মন্ত্ৰীয়ে অগপই নিজৰ সিদ্ধান্ত পুনৰ বিচাৰ কৰিব বুলি আশা কৰিয়েই তেওঁলোকৰ পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা নাই”।

যদি সেয়ে হয় তেনেহ’লে এই কথা স্পষ্ট যে অগপ আঁতৰি যোৱাটো অসমত বিজেপিৰ কাৰণে চৰম শংকাৰ কাৰণ। দ্বিতীয়তে পঞ্চায়ত নিৰ্বাচনত শাসক দল হিচাপে ভাল ফল দেখুৱাব নোৱৰা বিজেপিয়ে এতিয়া ৰাজ্যৰ নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী আন্দোলনৰ সময়ত অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো যে অনুকুল নহ’ব সেই কথা উপলব্ধি কৰিছে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd