• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত দলৰ দুজনকৈ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বুলি বিজেপিৰ ঘোষণা; অস্বীকাৰ নিৰ্বাচন আয়োগৰ

"জয়ৰ ধাৰা অৰুণাচলৰ পৰাই আৰম্ভ হ'ল", ৰাম মাধৱৰ টুইট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2019 7:19 pm
Er Taba Tedir and Kento Jimi

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি বিজেপিয়ে দাবী কৰা এৰ টেবা টাডিৰ (বাওঁফালে) আৰু কেন্তো জিমি। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত হ’ব লগীয়া অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ বিজেপিৰ দুজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বুলি আজি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে আগতীয়াকৈ ঘোষণা কৰে।

৩১ নং আলং পূব সমষ্টিত কেন্তো জিনি আৰু ১৬ নং য়াচুলি সমষ্টিত এৰ টেবা টাডিৰ (Er Taba Tedir) বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা বুলি জানিবলৈ দি দলটোৰ ৰাম মাধৱে টুইট কৰে।

Apply Now

“অৰুণাচলৰ পৰাই বিজয়ৰ যাত্ৰা আৰম্ভ”, নিজ দলৰ প্ৰাৰ্থী দুজনৰ জয়ক “আৰম্ভণি” বুলি চিহ্নিত কৰি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে টুইটটোত কয়।

“Victory March of BJP starts from Arunachal Pradesh: Sir Kento Jini has won (uncontested) from Alo East constituency”

নৰ্থ ইষ্ট নাও-ৰ তৰফৰ পৰা যোগাযোগ কৰাত য়াচুলি জিলা নিৰ্বাচনী বিষয়া চি টাকাৰে বিজেপিৰ এই দাবীক “অসত্য” বুলি কয়। সমষ্টিটোৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ সীমা ২৭ মাৰ্চৰ ১০ বজালৈকে বৃদ্ধি কৰা হৈছে বুলি জনায় বিষয়াজনে।

“এতিয়ালৈকে দুজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দিছে। এজন বিজেপিৰ আৰু আনজন জে ডি (য়ু)ৰ। মনোনয়ন পত্ৰ পৰীক্ষাৰ সময় কাইলৈ ১০ বজালৈকে বৃদ্ধি কৰা হৈছে। গতিকে চূড়ান্ত সিদ্ধান্ত কাইলৈহে লোৱা হ’ব”, টাকাৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

একেদৰে ৩১ নং আলং ইষ্ট বিধানসভা সমষ্টিটোৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়া স্বতিকা ছাচনে নৰ্থ-ইষ্ট নাওক কয় যে সমষ্টিটোৰ বাবে এতিয়ালৈকে কেৱল এখনহে বৈধ মনোনয়ন পত্ৰ পোৱা গৈছে, যিখন কেন্তো জিনিৰ। কিন্তু আমি এইটো কেৱল ২৮ মাৰ্চৰ ৩ বজাতহে ঘোষণা কৰিব পাৰিম”, বিষয়াগৰাকীয়ে কয়।

জানিব পৰা মতে, আলং পূব সমষ্টিত কংগ্ৰেছৰ মিনকিৰ ললেনেও মনোনয়ন পত্ৰ দাখিল কৰিছিল। আনপিনে,  ১৬ নং য়াচুলি সমষ্টিৰ পৰা জে ডি য়ুৰ প্ৰাৰ্থী টকো য়াৰামেও মনোনয় পত্ৰ দাখিল কৰিছিল।

প্ৰাৰ্থী দুজন নিৰ্বাচিত হোৱা বুলি ক’বলৈ যদিও নিৰ্বাচন আয়োগে অস্বীকাৰ কৰিছে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে জয়ী হোৱা বুলি আগতীয়া ঘোষণা কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ য়াচুলি সমষ্টিৰ মনোনয়ন পত্ৰ ২৭ মাৰ্চৰ ১০ বজালৈকে বৃদ্ধি কৰা সত্ত্বেও শাসকীয় ৰাষ্ট্ৰীয় দলটোৰ দায়িত্বশীল নেতাজনে আগতীয়া ঘোষণা কৰাটো বিভ্ৰান্তিকৰ।

Victory March of BJP starts from Arunachal Pradesh:
Sir Kento Jini has won (uncontested) from Alo East constituency.

— Ram Madhav (@rammadhav_) March 26, 2019

ৰাজ্যখনৰ ২০০৯ চনৰ বিধানসভা নিৰ্বাচনতো মুখ্য মন্ত্ৰী দৰ্জী খাণ্ডু আৰু আন ২জন বিধায়ক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd