• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভেন্সাৰ’ নিৰাময়ত বিফল চৰকাৰ; প্ৰাণ ত্যাগ অসমৰ ইজনৰ পিছত সিজন শিক্ষকৰ!

২২ বছৰে সেৱা আগবঢ়াই দৰমহাৰ নামত এটা টকাও চুবলৈ নোপোৱাকৈ শনিবাৰে নিশা প্ৰাণ ত্যাগ কৰিছে বৰপেটা জিলাৰ ইছবপুৰ আদৰ্শ এম ই বিদ্যালয়ৰ হিন্দী শিক্ষক ছাহেদ আলীয়ে। যোৱা মাৰ্চ মাহত বাস্কাত আন এজন শিক্ষকে হৃদৰোগত প্ৰাণ হেৰুওৱাৰ বিপৰীতে সৌ সিদিনা ২৬ ছেপ্তেম্বৰত শোণিতপুৰত আত্মহত্যা কৰিছিল আন এজন শিক্ষকে।

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 2, 2018 4:36 pm
প্ৰাণ ত্যাগ কৰা শিক্ষক আলী। ছবি- নৰ্থ ইষ্ট নাও।

প্ৰাণ ত্যাগ কৰা শিক্ষক আলী। ছবি- নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা ‘ভেন্সাৰ’ শিক্ষানুষ্ঠানক ‘চিৰবিদায়’ৰ আশ্বাস দি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰাৰ অভিযোগত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই গান্ধী জয়ন্তীৰ দিনাই দিচপুৰত প্ৰতিবাদৰ বাবে যো-জা চলাই থকাৰ মাজতে পুনৰ বৰপেটাত প্ৰাণ ত্যাগ কৰিছে আন এগৰাকী শিক্ষকে।

২২ বছৰে সেৱা আগবঢ়াই দৰমহাৰ নামত এটা টকাও চুবলৈ নোপোৱাকৈ শনিবাৰে নিশা প্ৰাণ ত্যাগ কৰিছে বৰপেটা জিলাৰ ইছবপুৰ আদৰ্শ এম ই বিদ্যালয়ৰ হিন্দী শিক্ষক ছাহেদ আলীয়ে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হোৱা বুলি জনাইছে পৰিয়ালৰ লোকে।

Apply Now

কলগাছিয়াৰ সমীপৰ ইছবপুৰত ১৯৯৬ চনৰ পৰা সেৱা আগবঢ়াই অহা এই ৪৯ বছৰীয়া ছাদেক আলীয়েই কিন্তু একমাত্ৰ দুৰ্ভগীয়া শিক্ষক নহয়। যোৱা মাৰ্চ মাহত বাস্কাত আন এজন শিক্ষকে হৃদৰোগত প্ৰাণ হেৰুওৱাৰ বিপৰীতে সৌ সিদিনা ২৬ ছেপ্তেম্বৰত শোণিতপুৰত আত্মহত্যা কৰিছিল এজন শিক্ষকে।

লগতে পঢ়ক– দৰমহাৰ মুখ নেদেখাকৈ ৰাজ্যত পুনৰ চিকিৎসাৰ অভাৱত শিক্ষকৰ মৃত্যু

২৬ বছৰে সেৱা আগবঢ়াই শোণিতপুৰৰ গাভৰু শিক্ষাখণ্ডৰ বিষ্ণুৰাভা মে’মৰিয়েল এম ই স্কুলৰ হিন্দী শিক্ষক দেৱেশ্বৰ ৰাজোৱাৰে বাচি লৈছিল আত্মহননৰ পথ৷ আৰু হাতত ধন নথকা বাবে সময়ত উন্নত চিকিৎসাৰ অভাৱত অকালমৃত্যুক আকোৱালি লৈছিল বাক্সাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দেউলকুছি আদৰ্শ এম ই স্কুলৰ সহকাৰী শিক্ষক ৫০ বছৰীয়া  মোহন চন্দ্ৰ দাসে।

শিক্ষককেইজনৰ ধৰ্ম বেলেগ, অৱস্থা একেই; একেদৰেই বিনা দৰমহাত আটাইকেইজন শিক্ষকে সেৱা আগবঢ়াই গৈছে ২০ বছৰৰো অধিক কাল। ২০১১ চনৰ পৰা এতিয়ালৈকে আত্মহত্যা কৰা এনে ভেন্সাৰ শিক্ষকৰ সংখ্যা ১৫৬ গৰাকী; দাবী প্ৰাদেশিককৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি অহা শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ।

লগতে পঢ়ক– ‘ভেন্সাৰ’ক বিদায়ৰ আশা দি ‘পলায়ন’ শিক্ষা মন্ত্ৰীৰ, যুদ্ধংদেহি ৰূপ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

‘‘২০১১ চনৰ পৰা ২০১৮ চনলৈ চৰকাৰী তথ্য অনুসৰি ১৫৬ গৰাকী বেতন বঞ্চিত শিক্ষকে আত্মহত্যা কৰিছে আৰু ৩০০০ গৰাকী শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে,’’ নৰ্থ ইষ্ট নাও-ক জনালে মঞ্চৰ সভাপতি আনোৱাৰ হুছেইন চৌধুৰীয়ে।

এইদৰে দৰমহাৰ মুখ নেদেখাকৈয়ে ইজনৰ পিছত সিজন শিক্ষকে কৰুণ মৃত্যুক সাবটিব লগা হোৱাত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰিছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

“কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ লোকৰ জীৱনলৈ ‘পৰিৱৰ্তন’ অনা বুলি যি প্ৰচাৰ চলাই আছে, সেয়া বাস্তৱত পৰিলক্ষিত হোৱা নাই৷ আৰ্থিক দীনতাত ভুগি বিগত সপ্তাহটোত ৰাজ্যৰ দুগৰাকী ভেন্সাৰ শিক্ষকে আত্মহনন কৰিছে৷ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ বাবে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই শিক্ষক-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি ল’বলৈ বাধ্য হৈছে,” শিক্ষক আলীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি এই চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু বৰপেটা সমিতিৰ মুখ্য সম্পাদক আমিৰুল ইছলাম আৰু যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে।

সংগঠনটোৰ সভাপতি আনোৱাৰ হুছেইন চৌধুৰীয়েও শিক্ষা মন্ত্ৰীয়ে আশ্বাস দি কথা নৰখা বুলি যোৱা ২৭ ছেপ্তেম্বৰত নৰ্থ ইষ্ট নাও-ত ক্ষোভ প্ৰকাশ কৰিছিল।

অসমত বৰ্তমান ৯০০০ ভেন্সাৰ বিদ্যালয় আৰু প্ৰায় ৬০ হাজাৰ শিক্ষক-কৰ্মচাৰী আছে বুলি দাবী কৰিছে মঞ্চই। মঞ্চৰ সভাপতি চৌধুৰীয়ে জনোৱা মতে ৬০ হাজাৰৰ ভিতৰত আছে প্ৰায় ৫০ হাজাৰ গৰাকী শিক্ষক।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd