• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনোৱে বিচাৰে বিশেষ পেকেজ, কোনোৱে অধিক মন্ত্ৰিত্ব; মিত্ৰতাৰ সমীকৰণত বিৰাট চাপত মোডী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 6, 2024 2:06 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীলৈ অহাৰ পাছত এন ডি এ মিত্ৰজোঁটৰ দুই গুৰুত্বপূৰ্ণ অংশীদাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে চৰকাৰক সমৰ্থন কৰাৰ বিনিময়ত নৰেন্দ্ৰ মোডীৰ ওচৰত এলানি দাবী উত্থাপন কৰিছে।

নিজৰ ৰাজ্যৰ বাবে বিশেষ পেকেজৰ উপৰিও নীতিশৰ দলে চাৰিটা পূৰ্ণ মন্ত্ৰী আৰু এটা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী জনাইছে আৰু চন্দ্ৰবাবুৱে তিনিটা সম্পূৰ্ণ মন্ত্ৰী আৰু দুটা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী জনাইছে বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, চন্দ্ৰবাবুৱে অধ্যক্ষ পদো হেনো বিচাৰিছে।

বিজেপিৰ সমস্যা বৃদ্ধি কৰি বিহাৰৰ চিৰাগ পাছোৱানৰ এলজেপি, জিতনৰাম মঞ্জিৰ হাম, উত্তৰ প্ৰদেশৰ আপনা দল, মহাৰাষ্ট্ৰৰ একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই নিজৰ প্ৰাপ্য লাভৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে। লক্ষ্য হৈছে বিজেপিক হেঁচা প্ৰয়োগ কৰি অধিক মন্ত্ৰালয় লাভ কৰা।

Apply Now

লগতে পঢ়কঃ বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু নীতিশৰ মাজত হোৱা চুক্তিত এনডিএ ক্ষমতালৈ আহিলে তিনিটা সম্পূৰ্ণ মন্ত্ৰী পদৰ আশ্বাস দিছিল নীতিশক। কিন্তু পৰিস্থিতি বুজি নীতিশে সংখ্যাগৰিষ্ঠতাৰ অভাৱত হাত মেলি ৰোৱা বিজেপিৰ পৰা চাৰিটা পূৰ্ণ মন্ত্ৰী পদ বিচাৰিছে।

সূত্ৰ অনুসৰি নীতিশৰ গুৰুত্ব মূলতঃ আন্তঃগাঁথনি সম্পৰ্কীয় মন্ত্ৰালয়ৰ ওপৰত। যাৰ ভিতৰত আছে ৰেলৱে, গ্ৰামোন্নয়ন, জলসম্পদ আদি মন্ত্ৰালয়।

বাতৰি অনুসৰি, বিশেষ আৰ্থিক পেকেজৰ উপৰিও নীতিশে আৰ্থ-সামাজিক সমীক্ষাৰ অন্তত ২০২৩ চনত বিহাৰৰ প্ৰায় ৯৫ লাখ পিছপৰা পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। অহা বছৰ বিহাৰত নিৰ্বাচন। সেয়ে নীতিশে সেই পাঁচ বছৰীয়া প্ৰকল্পটোত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰই নিজৰ অংশ বৃদ্ধি কৰিবলৈ দাবী জনায়। সূত্ৰ অনুসৰি তেওঁ ইউ পি এৰ শৈলীত অন্ততঃ এক একেধৰণৰ কাৰ্যসূচী আনিবলৈ দাবী জনায়।

আনহাতে, চন্দ্ৰবাবুৱে তিনিটা পূৰ্ণ মন্ত্ৰী আৰু দুটা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী জনায়। নীতিশৰ দৰেই চন্দ্ৰবাবুৱেও জলসম্পদ, গ্ৰামোন্নয়ন মন্ত্ৰালয়ত নিজৰ সাংসদক চাব বিচাৰে। এই তালিকাত আছে পথ পৰিবহণ মন্ত্ৰালয়ো। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বিভাজনৰ ফলত ৰাজ্যখনৰ আৰ্থিক চাপ চম্ভালিবলৈ প্ৰায় এটা দশক ধৰি বিশেষ বিত্তীয় পেকেজৰ দাবী জনাই সৰৱ হৈ আহিছে নাইডুৱে। সূত্ৰ অনুসৰি এই মুহূৰ্তত ৰাজ্যখনৰ ঋণ আছে চাৰে তিনি লাখ কোটি টকা। এই ঘাটি পূৰণৰ বাবে নাইডুৱে বিশেষ আৰ্থিক পেকেজৰ দাবী জনায়।

লগতে পঢ়কঃ বিজেপিৰ পতনৰ দায়িত্ব স্বীকাৰ! পদত্যাগৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ

সৰু সৰু দলৰ ভিতৰত চিৰাগ পাছৱানে বিহাৰত ৫ খন আসন লাভ কৰে। তেওঁলোকৰ দাবী এটা কেবিনেট আৰু এটা ৰাজ্যিক মন্ত্ৰী পদ। ৰাজ্যখনত জিতনৰাম মঞ্জিৰ হামে এখন আসন পাইছে। তেওঁৱো লগতে এজন কেবিনেট মন্ত্ৰী পদৰ দাবীদাৰ। একনাথ সিন্দেৰ শিৱসেনাই মহাৰাষ্ট্ৰত ৭খন আসন লাভ কৰে। তেওঁলোকে এজন কেবিনেট আৰু এজন ৰাজ্যিক মন্ত্ৰীৰ দাবী উত্থাপন কৰে। উত্তৰ প্ৰদেশৰ আৰ এল ডি দলৰ জয়ন্ত চৌধুৰী, এ পি এ দলৰ অনুপ্ৰিয়া পেটেল, জে ডি এছৰ এইচ ডি কুমাৰস্বামীও মন্ত্ৰী পদ লাভ কৰিবলৈ আগ্ৰহী।

পূৰ্বতে মোডী চৰকাৰ সংখ্যাগৰিষ্ঠতাত থকাৰ সময়ত বিজেপিয়ে এই সৰু সৰু দলবোৰক গুৰুত্ব দিয়া দেখা নগ’ল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি নেতৃত্বই অনুভৱ কৰিছে যে সৰু সৰু দলৰ দাবী মানি লোৱাৰ বাহিৰে আন কোনো উপায় নাই। চাহিদা পূৰণ নকৰিলে চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ আশংকা আছে।

বিজেপি এজন নেতাৰ ভাষাত, ‘নীতিশ বা নাইডুৰ এজনো যদি গুচি যায়, চৰকাৰ পতনৰ কোনো সম্ভাৱনা নাই। কিন্তু যদি দুয়োজনে এন ডি এ পৰিত্যাগ কৰে তেন্তে সমস্যা হ’ব।‘

লগতে পঢ়কঃ ট্ৰায়েল হিচাপে প্ৰথমবাৰৰ বাবে কেইবা হাজাৰ ৰোগীক কৰ্কট ৰোগৰ প্ৰতিষেধক দিব ব্ৰিটেইনে

এতিয়া প্ৰশ্ন হৈছে প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু তাৰপিছত দহ বছৰ একনায়কত্ববাদী ধৰণেৰে দেশ চলোৱাৰ পিছত মিত্ৰজোঁটৰ চাপ চম্ভালিব পাৰিবনে নৰেন্দ্ৰ মোদীয়ে?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd