বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আৰু তেওঁৰ মাতৃ মাধবী ৰাজে সিন্ধিয়া ক’ৰ’নাত আক্ৰান্ত হৈছে।
মাতৃ আৰু পুত্ৰ দুয়োগৰাকীকে বৰ্তমান দক্ষিণ দিল্লীৰ ম্যেক্স হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ শৰীৰত ক’ৰ’নাৰ লক্ষণ দেখা গলেও তেওঁৰ মাতৃৰ শৰীৰত বৰ্তমানলৈ কোনোধৰণৰ লক্ষণ ধৰা পৰা নায়।
ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ ক’ৰ’নাত আক্ৰান্ত হৈ গুৰগাঁৱৰ মেদান্ত হাস্পাতালত চিকিৎসাধীন হৈ আছিল।
আনহাতে, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালো জ্বৰ আৰু চৰ্দিত ভূগি আছে। আজি কেজৰিৱালৰ ক’ৰ’নাৰ পৰীক্ষা কৰা হ’ব।
উল্লেখযোগ্য যে, কিছুমাহ পূৰ্বে মধ্যপ্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল আৰু বিজেপিৰ শিৱৰাজ সিং চৌহানে পুনৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।