মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোনালে অসমত মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি দিয়া এটা মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ সময়তে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ণ ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মমিনুল আৱালে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় যে, কংগ্ৰেছ¸ এআইইউডিএফ¸ বাওঁপন্থী দল আৰু একাংশ ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যত ধৰ্মীয় ৰহণ সনাৰ চেষ্টা চলাই আছে। মুছলমান মানেই মোগল নহয়।
আৱালে তেওঁলোকৰ লক্ষ্য ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশী মূলৰ মুছলমানৰ ভোট গোটোৱা বুলিও অভিযোগ কৰে।
তেওঁ আৰু লয় “মুখ্যমন্ত্ৰীয়ে মোগল শব্দ ব্যৱহাৰৰ জৰিয়তে সেইসকল লোকৰ কথা কৈছে যিসকলে অসমৰ ভাষা¸ কৃষ্টি-সংস্কৃতি¸ ঐতিহ্য-পৰম্পৰাত নিৰন্তৰ আঘাত হানিছে। খিলঞ্জীয়া অসমীয়াক আগ্ৰাসীৰূপত আক্ৰমণ কৰিছে। অবৈধভাৱে অসমত প্ৰবেশ কৰি সত্ৰ¸ ৰাষ্ট্ৰীয় উদ্যান¸ জনজাতীয় খণ্ড-আবেষ্টনীৰ মাটি বেদখল কৰিছে।”
আনহাতে, এই আগ্ৰাসনত পৃষ্ঠপোষকতা কৰাসকলো মোগলৰেই বংশধৰ বুলি কটাক্ষ কৰি আৱালে কয় “অসমৰ মানুহে নজনাকৈ অসম চুক্তি কৰি ৫৫ লাখৰো অধিক অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানেৰে জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও মোগলৰ শাৰীতে পৰে।”
আৱালে লগতে কয় যে ভাষা¸ কৃষ্টি পৰম্পৰাৰ বিপৰীতে গৈ লেবাহতীয়া (বাওঁপন্থী) চিন্তা-চৰ্চাৰে অসমত নতুন ধাৰাৰ সৃষ্টি কৰিব বিচৰাসকলো মোগল।
বিজেপি নেতাগৰাকীয়ে আৰু কয় “মুখ্যমন্ত্ৰীয়ে কোনো জাতি¸ ধৰ্ম¸ সম্প্ৰদায়ৰ পৰিৱৰ্তে অসমৰ কৃষ্টি-সংস্কৃতিৰ বিৰুদ্ধে ফন্দি পতাসকলকহে মোগল বুলি ক’ব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌৰৱ গগৈ¸ বদৰুদ্দিন আজমল¸ ৰকিবুল হুছেইন¸ ৰিপুন বৰা আৰু কৃষক নেতাও মোগল হ’ব পাৰে।”
”মোগলৰ বিৰুদ্ধে বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীয়ে লাচিতৰ লগত যুদ্ধ কৰিছিল¸ লাচিতৰ দেহৰক্ষীও আছিল মুছলমান,” ইতিহাসৰ উদাহৰণ দাঙি ধৰি আৱালে পুনৰ কয়।
”স্বাধীনতা আন্দোলন¸ ভাষা আন্দোলন¸ বিদেশী বহিষ্কাৰ আন্দোলনতো গৰিয়া¸ মৰিয়া¸ দেশীকে ধৰি খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৰিহণা আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মোগল বুলি কোৱা নাই। পূৰ্ববংগীয় মুছলমানৰ লগত তেওঁলোকৰ সম্বন্ধ আগতেও নাছিল¸ এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে,” আৱালে লগতে কয়।
নাম নোলোৱাকৈ আজমলক লক্ষ্য কৰি আৱালে লগতে কয় যে অসম সাহিত্য সভাক কেইটামান কম্পিউটাৰ দি কিনি লোৱাৰ মানসিকতাৰে কুৱেইটৰপৰা কলহ সংস্কৃতি¸ আৰৱীয় সংস্কৃতি আনি অসমত প্ৰৱৰ্তন কৰিব বিচৰাসকলে খিলঞ্জীয়া মুছলমানসকলৰ পূৰ্বপুৰুষসকল তেওঁলোকৰহে পূৰ্বপুৰুষ ।