• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমান মানেই মোগল নহয়, গৌৰৱ গগৈ¸ প্ৰফুল্ল মহন্ত¸ কৃষক নেতাও মোগলৰ শাৰীত পৰে : মমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2020 7:19 pm
মমিনুল আৱাল

মমিনুল আৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোনালে অসমত মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি দিয়া এটা মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ সময়তে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ণ ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মমিনুল আৱালে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় যে, কংগ্ৰেছ¸ এআইইউডিএফ¸ বাওঁপন্থী দল আৰু একাংশ ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যত ধৰ্মীয় ৰহণ সনাৰ চেষ্টা চলাই আছে। মুছলমান মানেই মোগল নহয়।

আৱালে তেওঁলোকৰ লক্ষ্য ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশী মূলৰ মুছলমানৰ ভোট গোটোৱা বুলিও অভিযোগ কৰে।

Apply Now

তেওঁ আৰু লয় “মুখ্যমন্ত্ৰীয়ে মোগল শব্দ ব্যৱহাৰৰ জৰিয়তে সেইসকল লোকৰ কথা কৈছে যিসকলে অসমৰ ভাষা¸ কৃষ্টি-সংস্কৃতি¸ ঐতিহ্য-পৰম্পৰাত নিৰন্তৰ আঘাত হানিছে। খিলঞ্জীয়া অসমীয়াক আগ্ৰাসীৰূপত আক্ৰমণ কৰিছে। অবৈধভাৱে অসমত প্ৰবেশ কৰি সত্ৰ¸ ৰাষ্ট্ৰীয় উদ্যান¸ জনজাতীয় খণ্ড-আবেষ্টনীৰ মাটি বেদখল কৰিছে।”

আনহাতে, এই আগ্ৰাসনত পৃষ্ঠপোষকতা কৰাসকলো মোগলৰেই বংশধৰ বুলি কটাক্ষ কৰি আৱালে কয় “অসমৰ মানুহে নজনাকৈ অসম চুক্তি কৰি ৫৫ লাখৰো অধিক অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানেৰে জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও মোগলৰ শাৰীতে পৰে।”

আৱালে লগতে কয় যে ভাষা¸ কৃষ্টি পৰম্পৰাৰ বিপৰীতে গৈ লেবাহতীয়া (বাওঁপন্থী) চিন্তা-চৰ্চাৰে অসমত নতুন ধাৰাৰ সৃষ্টি কৰিব বিচৰাসকলো মোগল।

বিজেপি নেতাগৰাকীয়ে আৰু কয় “মুখ্যমন্ত্ৰীয়ে কোনো জাতি¸ ধৰ্ম¸ সম্প্ৰদায়ৰ পৰিৱৰ্তে অসমৰ কৃষ্টি-সংস্কৃতিৰ বিৰুদ্ধে ফন্দি পতাসকলকহে মোগল বুলি ক’ব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌৰৱ গগৈ¸ বদৰুদ্দিন আজমল¸ ৰকিবুল হুছেইন¸ ৰিপুন বৰা আৰু কৃষক নেতাও মোগল হ’ব পাৰে।”

”মোগলৰ বিৰুদ্ধে বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীয়ে লাচিতৰ লগত যুদ্ধ কৰিছিল¸ লাচিতৰ দেহৰক্ষীও আছিল মুছলমান,” ইতিহাসৰ উদাহৰণ দাঙি ধৰি আৱালে পুনৰ কয়।

”স্বাধীনতা আন্দোলন¸ ভাষা আন্দোলন¸ বিদেশী বহিষ্কাৰ আন্দোলনতো গৰিয়া¸ মৰিয়া¸ দেশীকে ধৰি খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৰিহণা আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মোগল বুলি কোৱা নাই। পূৰ্ববংগীয় মুছলমানৰ লগত তেওঁলোকৰ সম্বন্ধ আগতেও নাছিল¸ এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে,” আৱালে লগতে কয়।

নাম নোলোৱাকৈ আজমলক লক্ষ্য কৰি আৱালে লগতে কয় যে অসম সাহিত্য সভাক কেইটামান কম্পিউটাৰ দি কিনি লোৱাৰ মানসিকতাৰে কুৱেইটৰপৰা কলহ সংস্কৃতি¸ আৰৱীয় সংস্কৃতি আনি অসমত প্ৰৱৰ্তন কৰিব বিচৰাসকলে খিলঞ্জীয়া মুছলমানসকলৰ পূৰ্বপুৰুষসকল তেওঁলোকৰহে পূৰ্বপুৰুষ ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd