• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত চোৰাং কাঠ, বাৰ্মিজ চেগুনৰ ছিণ্ডিকেটত জড়িত বিজেপি নেতা

সাত মাহ পূৰ্বে বিজেপি সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে কাঠ ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ দিয়াৰ পিছতো নীৰৱে আছে আৰক্ষী 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 3:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ পৰা সদ্য অপসাৰিত এগৰাকী নেতা আৰু এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ মাজত চলা টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চলি থকা ছিণ্ডিকেটৰ কথা ফাদিল হৈছে। 

এই টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছত ছিণ্ডিকেটৰ সৈতে জিতু দাস নামৰ ৰাজ্যিক বিজেপিৰ  সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ কথা পোহৰলৈ আহিছে। 

Apply Now

এনে সময়তে বৰ্তমানৰ বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ বুলি মন্তব্য কৰি আপ, অসমৰ  ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই ৰাজ্যত বিজেপিৰ নেতা পালিনেতা, দালালৰ ছত্ৰছায়াত চলি থকা কাঠৰ ছিণ্ডিকেটৰ তথ্য সদৰী কৰি এখন সংবাদ মেলত কয় যে – চুপাৰি, কয়লা, ব্ৰইলাৰ, ম’হৰ সমান্তৰালকৈ অসমৰ মাজেৰে চলি আছে বাৰ্মিজ চেগুন কাঠৰ বৃহৎ ছিণ্ডিকেট। এতিয়া অসমত অৰুণাচল, মিজোৰামৰ পৰা অহা কাঠৰ  ছিণ্ডিকেট চলি আছে বুলি মন্তব্য কৰি জিতুল ডেকাই কয় যে জনৈক গোবিন সৰকাৰ নামৰ কাঠ মাফিয়া এগৰাকীৰ নেতৃত্বত চলি আছে এই  ছিণ্ডিকেট। 

এই সন্দৰ্ভত যোৱা ২০২২ চনৰ ১৫ নবেম্বৰত কেইজনমান ভুক্তভোগীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দিয়া এখন অভিযোগ পত্ৰত এই ছিণ্ডিকেটৰ কথা উল্লেখ কৰিছিল। বৈধ নথি থকাৰ পিছতো কি দৰে গোবিন সৰকাৰ নামৰ কাঠৰ ছিণ্ডিকেটৰ খলনায়কজনক ধন নিদিলে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰোৱা হয় সেই কথা উল্লেখ আছে অভিযোগ পত্ৰখনত। এই  অভিযোগত সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰাৰ পিছতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ আৰক্ষী বিভাগে। এতিয়া প্ৰশ্ন হল কোন এই গোবিন সৰকাৰ? এওঁ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নে আৰ এছ এছৰ মানুহ, যাৰ নাম আৰক্ষী সঞ্চালকপ্রধানক জনোৱাৰ সাত মাহ অতিক্ৰম কৰিলে। অথচ কোনো ব্যৱস্থা লোৱা নাই। 

আনহাতে এই পত্ৰখনতেই উল্লেখ আছিল আন এগৰাকী কাঠ মাফিয়া জিতু দাসৰ নাম। ৭ মাহ পূৰ্বেই ভুক্তভোগীয়ে নাম উল্লেখ কৰা এইগৰাকী জিতু দাসৰ নাম এতিয়া ৰাজহুৱা হল শাসকীয় বিজেপি দলৰ নেতাৰ টেলিফোনিক বাৰ্তাত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ এইজন জিতু দাসৰ বিৰুদ্ধে ৭ মাহ পূৰ্বে ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যবস্থা লোৱা নাই। এই অভিযোগে  কিয় গুৰুত্ব নাপালে। 

শেহতীয়াকৈ ডিফু থানালৈ জেৰাৰ বাবে মতা এইজন জিতু দাসক আকৌ মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বিট দি তেওঁক সাক্ষী বুলিহে কৈছে। সাক্ষীক অপৰাধী সজাব নাপায় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰাই বুজা যায় অসমত ছিণ্ডিকেটৰ গুৰিবঠা আচলতে কাৰ হাতত আছে। 

আনহাতে মঙলদৈৰ এখন বিদ্যালয়ত বজৰং দলে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিতুল ডেকাই কয় যে যি সময়ত গৰমৰ বন্ধ উপলক্ষে একাংশ বিদ্যালয়ত বিভিন্ন অনুষ্ঠানে বিনামূলীয়া পাঠদান কাৰ্যসূচী সম্পন্ন কৰিছে, সেই সময়তে  চৰকাৰৰ পৰোক্ষ পৃষ্ঠপোষকতাত মঙলদৈৰ বিদ্যালয়ত বজৰং দলে চলাইছে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে দল, সংগঠনৰ নেতাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা চৰকাৰখনে মুকলিকৈ আগ্নেয়াস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া এজনো লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই কিয়? প্ৰশিক্ষণ দিবলৈ ইমানবোৰ  পিষ্টল, বন্দুক আহিল কৰ পৰা? মঙলদৈ বিদ্যালয়ত এনে প্ৰশিক্ষণ দিবলৈ আৰক্ষী প্ৰশাসনে অনুমতি দিছিল নেকি? যদি দিছিল সেই অনুমতি দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰা নাই কিয়? ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে এই প্ৰশিক্ষণ সম্পূৰ্ণ চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছিল। 

মাদ্ৰাছাত অস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া হয় বুলি বিজেপিৰ নেতাসকলে কোৱা কথা ৰাইজে শুনিছিল, কিন্তু এতিয়া বজৰং দলে বিদ্যালয়ত গুলি চলোৱাৰ প্ৰশিক্ষণ দিয়া দেখা পালে ৰাইজে। আচলতে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এনে ঘটনাৰ দ্বাৰা ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰিস্থিতি বিষাক্ত কৰাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অপচেষ্টা চলাইছে  বুলি দাবী কৰিছে আপ, অসমে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd