• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহ সমষ্টি বটদ্ৰৱাত প্ৰৱেশ নিষিদ্ধ হ’ল বিধায়িকা আঙুৰলতা ডেকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 11:50 am
Angurlata New

বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকা : ফাইল ফটো।

4.6k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কক লৈ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীয়ে বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হোৱাৰ সময়তে এইবাৰ প্ৰতিবাদকাৰীয়ে খোদ নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাক।

বহু বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত বটদ্ৰৱা সমষ্টিৰ ৰাইদঙীয়াত ৩১ জানুৱাৰিত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত কৰা প্ৰতিবাদী কাৰ্যসূচীতে এই সিদ্ধান্ত লোৱা হয়।

প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক তীব্ৰ সমালোচনা কৰে। বিধেয়কখনৰ বিৰুদ্ধে অসমৰ শিল্পী সমাজে মুকলিকৈ বিৰোধ প্ৰদৰ্শন কৰাৰ পাছতো আঙুৰলতা ডেকা কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

তেওঁলোকে আৰু কয় যে বিধায়িকা হোৱাৰ পূৰ্বে আঙুৰলতা ডেকা নিজে এগৰাকী যে শিল্পী আছিল সেই কথা তেওঁ ক্ষমতাৰ লোভত পাহৰি গৈছে। বিধেয়কখন গৃহীত হ’লে অসমৰ ভাষা-সংস্কৃতি, সাহিত্য সকলো নিঃশেষ হৈ যাব বুলি জানিও বিধায়িকাগৰাকীয়ে মনে মনে থকা কাৰ্যক ধিক্কাৰ প্ৰদান কৰাৰ লগতে বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত সংগঠন কেইটাই বিধায়িকাগৰাকীৰ বটদ্ৰৱা সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিছে।

ইফালে প্ৰতিবাদকাৰীসকলে দিনৰ ভাগত শান্তিপূৰ্ণভাৱে নগাঁও-ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ ৰাইদঙীয়াত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস, নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কনকজিৎ দাস আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিৰ সভাপতি ৰুবেল দাসক আটক কৰি থানালৈ লৈ যায় যদিও পাছত আটাইকেইজনকে ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd