• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ প্ৰতি দায়বদ্ধতা নথকা সুবিধাবাদীসকলকহে বিজেপিয়ে টিকট দিছে : তৰুণ গগৈ

“সোণোৱাল অলপ পানীৰ মাছ নহয়, হিমন্তই তেওঁক ঠগিব নোৱাৰে”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 25, 2019 5:28 pm
জীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বিজেপিক সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ফটো : য়ু বি।

জীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বিজেপিক সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোক সভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত শাসনাধিষ্ঠিত বিজেপিত স্পষ্ট হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজ। অসমৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত টিকটৰ পৰা বঞ্চিত হৈ দলৰ বহুকেইজন জ্যেষ্ঠ নেতাই ইতিমধ্যেই বিষোদগাৰ প্ৰকাশ কৰিছে। কেন্দ্ৰৰ লগতে দেশৰ অধিকাংশ ৰাজ্যতে শাসনত থকা বিজেপিৰ জ্যেষ্ঠ নেতাসকল এইদৰে বঞ্চিত হ’ব লগীয়া বিষয়টোক লৈ সমালোচনা মুখৰ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিজেপিক দেশত আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বহু নেতাক টিকটৰ পৰা বঞ্চিত কৰা বিষয়টোৰ বাবেই সমগ্ৰ দেশতেই দলটোত এতিয়া অন্তঃকন্দল চলা বুলি দাবী কৰে।

Apply Now

“দলৰ প্ৰতি দায়বদ্ধতা নথকা সুবিধাবাদীসকলক বিজেপিয়ে টিকট দিছে। এক নম্বৰী বিজেপিসকল এতিয়া আউট হৈ গ’ল। এনে উদাহৰণ বিজেপিতহে দেখা যায়”, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়।

তেওঁ লগতে বিজেপিত দলৰ মজিয়াত অসন্তুষ্টি নাই বুলি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সংবাদমেল পাতি ক’ব লগীয়া হোৱা বিষয়টোক লৈও কটাক্ষ কৰে।

ইয়াৰ উপৰি বিজেপিৰ বহুকেইজন গুণী-জ্ঞানী ব্যক্তিয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয়, “প্ৰধান মন্ত্ৰী মোদীয়ে intelligent মানুহ নিবিচাৰে। মোদীয়ে সদায় তেওঁৰ কথা শুনি থকা মানুহহে বিচাৰে”।

একেদৰে তেজপুৰৰ প্ৰাৰ্থিত্বৰ বাবে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম পঠিয়ায়ো পিছত তেওঁক বঞ্চিত কৰাক লৈও তৰুণ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক অপমান কৰিছে বুলি কয়।

ইয়াৰ উপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপ মুখ্য মন্ত্ৰী হিচাপে পদোন্নতি দিয়া হ’ব বুলি চৰ্চিত বিষয়টোত গগৈয়ে কয়, “উপ মুখ্য মন্ত্ৰী এটা অলংকাৰহে, লাভ একো নাই। ময়েই তেওঁক উপ মুখ্য মন্ত্ৰী পাতিব বিচাৰিছিলো। তেতিয়া তেওঁ সন্মানো পালেহেঁতেন। সেই সন্মান এতিয়া নাপায়”।

একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য মন্ত্ৰী হোৱাৰ সপোন সপোন হৈয়ে ৰ’ব  বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সৰ্বানন্দ সোণোৱালক মুখ্য মন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিবলৈ চেষ্টা কৰিলেও সফল হ’ব নোৱাৰিব বুলিও তৰুণ গগৈয়ে কয়।

“সোণোৱাল অলপ পানীৰ মাছ নহয়। তেওঁক ঠগিব নোৱাৰে। সোণোৱালে কথা কম কয়, নাটক বেছি কৰে। হিমন্তই কথা বেছিকৈ কয়”, তৰুণ গগৈৰ কটাক্ষ।

একেখন সংবাদমেলতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভাৰ বিজেপি প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিয়া বিষয়টোতো মুখ্য মন্ত্ৰীৰ লগতে দলটোক সমালোচনা কৰে।

“মই ১৫ বছৰ মুখ্য মন্ত্ৰী আছিলো কিন্তু কেতিয়াও কোনো প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিবলৈ মই লগত যোৱা নাছিলো। আনকি মই মোৰ ল’ৰাৰ মনোনয়ন দাখিলৰ বাবেও লগত যোৱা নাই। কিন্তু এতিয়া সৰ্বানন্দ সোণোৱালে যিদৰে প্ৰাৰ্থীসকলৰ মনোনয়নৰ সময়ত উপস্থিত হৈছে সেই কথাই ইয়াকে প্ৰমাণ কৰে যে বিজেপিৰ কৰ্মীসকল হতাশ। সেয়ে তেওঁলোকক উৎসাহ যোগাবলৈ মুখ্য মন্ত্ৰী যাব লগীয়া হৈছে”, গগৈৰ কটাক্ষ।

ইপিনে, এ আই য়ু ডি এফে কেৱল ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জতহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পাছত কংগ্ৰেছৰ সৈতে এ আই য়ু ডি এফৰ গোপন বুজাবুজি হোৱা বুলি চৰ্চিত বিষয়টো তৰুণ গগৈয়ে অস্বীকাৰ কৰে। তেওঁ কয় যে এ আই য়ু ডি এফ এতিয়া দুৰ্বল, গতিকে সকলো সমষ্টিত অৱতীৰ্ণ হোৱাৰ বাবে তেওঁলোকৰ সামৰ্থ্য নাই।

আনহাতে, বিজেপি আৰু অগপ কোনো এটা দলৰেই ৰাজ্যত শক্তিশালী স্থিতি নথকাৰ বাবেই তেওঁলোকে মিত্ৰতা কৰিব লগীয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd