NORTHEAST NOW (Assamese)

প্ৰথমে ৰাজ্যক জ্বলিব দি এতিয়া শান্তি সমদল উলিয়াব বিজেপিয়ে; লক্ষ্য CAA বিৰোধী আন্দোলনক বুদ্ধিৰে দমণ

December 18, 2019 3:17 pm · এন ই নাও নিউজ
ফাইল ফটো।

অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধনী) আইনক লৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যিক বিজেপিয়ে বিভিন্ন জিলাত শান্তি সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৭ ডিচেম্বৰত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপস্থিতিত বিভিন্ন জিলা সভাপতি আৰু বিষয়ববীয়াসকলৰ মাজত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

নাগৰিকত্ব (সংশোধনী) আইনৰ সমৰ্থনেৰে উলিয়াব বিচৰা বিজেপিৰ শান্তি সমদলে আইনখনৰ প্ৰতিবাদ কৰি থকা বিভিন্ন জাতীয় দল, সংগঠনক অসন্তুষ্ট কৰাটো স্বাভাবিক।

১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা বৈঠকখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থাকে।

বৈঠকত ৰাজ্যৰ শান্তি-শৃংখলা অটুট ৰখাৰ আহ্বানেৰে বিজেপিয়ে ২৪ ডিচেম্বৰত বুথ পৰ্যায়ত সমদল উলিওৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

বিজেপিৰ ৰাজ্য চৰকাৰখনে প্ৰথমে অসমক অস্থিৰ কৰি তুলি এতিয়া শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বানেৰে সমদল উলিওৱাৰ সিদ্ধান্তই মানুহক দলটোৰ কৰ্ম-কাণ্ডক লৈ হাঁহিবলৈ বাধ্য কৰাইছে।

এইক্ষেত্ৰত আন্দোলনৰ মাজেৰে গৈ মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ অসমৰ আন্দোলনক দমণ কৰিব বিচৰা চৰিত্ৰই নেতা গৰাকীৰ যিকোনো স্বাৰ্থৰ বিনিময়ত গাদী ৰক্ষাৰ মোহক পৰিস্ফুত কৰি তুলিছে।

উল্লেখযোগ্য যে, ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যত আৰম্ভ হোৱা তীব্ৰ প্ৰতিবাদৰ বাবে বৰ্তমানলৈ অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈছে চৰকাৰে।

Related News