NORTHEAST NOW (Assamese)

‘হিটলাৰেও অন্তত: নিজৰ ভক্ত সকলক চাকৰি দিছিল!’- কাক লক্ষ্য কৰি এই কটুক্তি কেজৰিৱালৰ!

March 25, 2022 10:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 25, 2022 12:59 pm

স্বভাৱসিদ্ধ বাকপটুতাৰে আকৌ এবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বৃহস্পতিবাৰে বিধানসভাত জাৰ্মানীৰ একনায়কত্ববাদী শাসক হিটলাৰৰ প্ৰসঙ্গ উত্থাপনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰাৰ পাছতে বিজেপিৰ নেতা-কৰ্মীক আপত যোগদান কৰিবলৈ আহ্বান জনায় কেজৰিৱালে।

উল্লেখ্য যে শেহতীয়াকৈ মুক্তি পোৱা বলিউদৰ কথাছবি ‘দ্য কাশ্মীৰ ফাইলছ্’ৰ তীব্ৰ প্ৰচাৰত নামি পৰিছে বিজেপিৰ নেতা-কৰ্মী। কেইবাখনো বিজেপি শাসিত ৰাজ্যত ছবিখন কৰমুক্ত কৰা হৈছে।

সমগ্ৰ দেশতে বিজেপি দেৱালে দেৱালে ‘দ্য কাশ্মীৰ ফাইলছ্’ৰ পোষ্টাৰ লগোৱাত ব্যস্ত বুলি উপহাস কৰি বিধানসভাত কেজৰিৱালে “ছবিৰ পোষ্টাৰ লগাবলৈ আপোনালোকে ৰাজনীতিত যোগদান কৰিছে নেকি?” বুলি প্ৰশ্ন কৰে।

“আপোনালোকৰ সন্তানে আপোনাৰ কামৰ বিষয়ে সুধিলে আপুনি কি কয়? আপুনি তেওঁলোকক কয় নেকি যে মই চিনেমাৰ পোষ্টাৰ লগাইছো!”- বিজেপিৰ নেতা-কৰ্মীক উদ্দেশ্যি এইদৰেও ব্যঙ্গ কৰে কেজৰিৱালে।

 

বিধানসভাত নিজৰ ভাষণত কেজৰিৱালে কয়, “কিছুমান লোকে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপিক ছবিখনৰ পোষ্টাৰ লগোৱাৰ দায়িত্ব দিছে।”

আনহাতে হিটলাৰৰ প্ৰসঙ্গ উত্থাপনেৰে নৰেন্দ্ৰ মোদীক উপহাস কৰি কেজৰিৱালে কয়, “হিটলাৰেও অন্ততঃ তেওঁৰ সহযোগীসকলক চাকৰি দিছিল। মোডীজীয়ে আপোনালোকৰ সন্তানক কি কাম দিছে? তেওঁ বিদ্যুৎ দিছে নেকি? তেওঁ আপোনালোকক ঔষধ দিছে নেকি?”

দিল্লীত বাৰ লাখ লোকক চাকৰি দিয়াৰ লগতে  বিদ্যালয় নিৰ্মাণ কৰিছো আৰু ঘৰে ঘৰে ঔষধ বিতৰণ কৰিছো বুলি মন্তব্য কৰি বিজেপিৰ কৰ্মীসকলক বিজেপি এৰি আপত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে কেজৰিৱালে।

 

আনহাতে কেইবাখনো বিজেপি শাসিত ৰাজ্যত কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ পাছত বিজেপিৰ বহু নেতাই দিল্লীতো ছবিখন কৰমুক্ত ঘোষণা কৰিবলৈ দিল্লী চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে।

বিজেপিৰ এই হেঁচাক প্ৰত্যাহ্বান জনাই কেজৰিৱালে কয়, “ছবিখন ইউটিউবত দি নিদিয়ে কিয়? তেতিয়া সকলোৱে বিনামূলীয়াকৈ চাব পাৰিব। যদি আপোনালোক ছবিখনৰ প্ৰতি ইমানেই উৎসাহী, বিবেক অগ্নিহোত্ৰীক ছবিখন ইউটিউবত আপলোড কৰিবলৈ কওক।”

Related News