• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা আৰু ৪ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দলসমূহে ব্যয় কৰিছে ৩ হাজাৰ ৯০০ কোটি টকা; কিমান ব্যয় বিজেপিৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 11:04 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অকল বিজেপিৰ ৪৫ শতাংশ, বাকী ২১টা ৰাজনৈতিক দলৰ ৫৫ মিলি শতাংশ৷ যোৱা লোকসভা নিৰ্বাচন আৰু চাৰিটা বিধানসভা নিৰ্বাচনত ২২টা ৰাজনৈতিক দলে মিলি প্ৰায় ৩ হাজাৰ ৯০০ কোটি টকা খৰচ কৰিছিল!

নিৰ্বাচনী প্ৰচাৰত কিমান টকা খৰচ হৈছিল সেই সন্দৰ্ভত দলসমূহে নিৰ্বাচন আয়োগক বিতং তথ্য দাখিল কৰিছে। আয়োগে সেই তথ্য নিজৰ ৱেবছাইটত আপলোড কৰিছে। কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভ নামৰ এটা সংস্থাই সেই তথ্য বিশ্লেষণৰ বাবে এক সমীক্ষা চলাইছিল। তাতেই নির্বাচনত বিপুল খৰছৰ বিষয়টো স্পষ্ট হৈ পৰিছে৷

Apply Now

লোকসভা নিৰ্বাচনত ধন খৰচ কৰা সকলো দলৰ ভিতৰত বিজেপি শীৰ্ষত আছে। কেৱল গেৰুৱা শিবিৰেই মুঠ খৰচৰ ৪৫ শতাংশ ব্যয় কৰিছিল। কংগ্ৰেছ বহু পিছ পৰি দ্বিতীয় স্থানত আছে। আনহাতে, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে তিনিটা আঞ্চলিক দল বিজেডি, ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি আৰু ডিএমকে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ, ওড়িশা, অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে এই সমীক্ষাত দাবী কৰা হৈছে যে বিজেপিৰ ব্যয় আৰু বৃদ্ধি হ’ব পাৰে। কাৰণ গোৱা, ঝাৰখণ্ড, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত বিজেপিয়ে কিমান টকা খৰছ কৰিলে সেই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰা নথি-পত্ৰ আৰু ‘স্কেন’ কৰা ছবিবোৰ ইমানেই অস্পষ্ট যে সেয়া পঢ়াটো অসম্ভৱ।

এই অধ্যয়ন অনুসৰি ৩ হাজাৰ ৯০০ কোটি টকাৰ ভিতৰত বিজেপিয়ে লোকসভা নিৰ্বাচনত প্ৰায় ১৭৩৮ কোটি টকা ব্যয় কৰিছিল। আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে ৪১ কোটি টকাৰ অলপ বেছি খৰচ কৰিছিল।

আনহাতে, কংগ্ৰেছে লোকসভা নিৰ্বাচন আৰু চাৰিখন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰায় ৬৮৭ কোটি টকা ব্যয় কৰিছে। কিন্তু চাৰিখন ৰাজ্যত পৃথকে পৃথকে কিমান খৰচ কৰিলে সেয়া জানিব পৰা হোৱা নাই। কাৰণ তেওঁলোকে পাঁচটা নিৰ্বাচনৰ সংযুক্ত খৰচৰ হিচাপ দাখিল কৰিছে।

নবীন পাটনায়কৰ দল বিজেডিয়ে কেৱল ওড়িশাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁলোকে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে প্ৰায় ৪১৬ কোটি টকা ব্যয় কৰিছিল। কিন্তু বিধানসভাত ক্ষমতা ধৰি ৰাখিব পৰা নাছিল।

বিজেডিৰ দৰে ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে অন্ধ্ৰত ক্ষমতা হেৰুৱাইছে। লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰায় ৩২৯ কোটি টকা খৰচ কৰিছিল। দক্ষিণৰ আন এটা দল ডি এম কেৰ ব্যয় হৈছে প্ৰায় ১৬২ কোটি টকা। সেইদৰে, তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত প্ৰায় ১৪৮ কোটি টকা খৰচ কৰিছিল।

কিন্তু এই সকলোবোৰ টকা কিহৰ বাবে খৰচ হৈছিল? বিভিন্ন সংবাদ মাধ্যমত বিজ্ঞাপনৰ বাবে সৰ্বাধিক ব্যয় কৰিছিল ২২টা ৰাজনৈতিক দলে। বিজ্ঞাপনৰ বাবে প্ৰায় ৯৯৩ কোটি টকা খৰচ কৰিছিল। ইয়াৰ ভিতৰত বাতৰি কাকত, ইলেক্ট্ৰনিক মিডিয়া, চেটেলাইট আৰু স্থানীয় চেনেল, ৱেবছাইটৰ বিজ্ঞাপন আৰু ‘বাল্ক’ এছএমএছৰ খৰচো অন্তৰ্ভুক্ত।

কেৱল বিজেপিয়ে সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ বাবে প্ৰায় ৬৮৫ কোটি টকা খৰচ কৰিছিল। তৃণমূল কংগ্ৰেছে ব্যয় কৰিছে ৩৬.৩ কোটি টকা। আৰু কংগ্ৰেছে ১২ কোটিৰ অলপ বেছি খৰচ কৰিছিল। ছ’চিয়েল মিডিয়াতো বিজেপিয়ে সৰ্বাধিক ৮৩ কোটিৰো অধিক ব্যয় কৰিছে। ইয়াৰ লগতে বিজেপিয়ে ‘তাৰকা প্ৰচাৰক’ৰ বাবে প্ৰায় ৩৯০ কোটি টকা ব্যয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd