• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সংখ্যালঘু প্ৰীতি’ দেখুৱাবলৈ গৈ অংকত খেলিমেলি লাগিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

জনিয়া বিধান সভা সমষ্টিৰ ৩০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যোগদান কৰিব বিজেপিত : ৰঞ্জিত দাসৰ হিচাপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2019 8:21 pm
0f168e48-132c-4e3b-97ef-e667fe0f64f8

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰতি প্ৰবল ৰূপত আকৃষ্ট হোৱা তথা বিজেপিৰ তেওঁলোকৰ প্ৰতি ‘সংখ্যালঘু প্ৰীতি’ দেখুৱাবলৈ গৈ নিজে কৰা অংকতে খেলিমেলি লগালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। আনকি জনীয়া সমষ্টিৰ ৩০ লাখ লোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিব বুলিও সদৰী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। য’ত নেকি জনিয়া বিধান সভা সমষ্টিৰ জনসংখ্যাই ১০ লাখ চুব পৰা নাই। জনিয়া সমষ্টিৰ মুঠ ভোটাৰ ১,৭৩,৪১০ গৰাকী।

প্ৰথমে এই ভুলৰ পাছতে দ্বিতীয় ভুলটো কৰিলে দাসে। এইবাৰ ৰঞ্জিত দাসৰ মুখত উত্তৰ অভয়াপুৰীৰ প্ৰসংগ। দাসৰ মতে অভয়াপুৰীতো ১০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ৰাজহুৱাকৈ যোগদান কৰিব বিজেপিত। য’ত নেকি উত্তৰ অভয়াপুৰী সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে মাথোঁ ১,৫০,৮০১ গৰাকী।

Apply Now

‘’জুন মাহৰ ভিতৰতে জনিয়া সমষ্টিত প্ৰায় ৩০ লাখতকৈয়ো অধিক সংখ্যালঘু লোকে নতুনকৈ সদস্য পদ গ্ৰহণ কৰিব। উত্তৰ অভয়াপুৰী সমষ্টিত ৰাজহুৱাকৈ ১০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সদস্যপদ গ্ৰহণ কৰিব। হাইলাকান্দি জিলা, যমুনামুখ, ৰূপহীহাট, এইসমূহ সমষ্টিতো ইতিমধ্যে সংখ্যালঘু সদস্য ভৰ্তি কৰাৰ বাবে যো-জা চলাইছে।‘‘ শিল্পগ্ৰামত অনুষ্ঠিত ‘সদস্যতা অভিযান’ৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এই হিচাপ দাঙি ধৰে ৰঞ্জিত দাসে।

ইপিনে, বৰ্তমান সমগ্ৰ অসমত ২৯ লাখ বিজেপি সদস্য থকা বুলি দাবী কৰা দাসৰ এইবাৰৰ লক্ষ্য ৪০ লাখ সদস্য। সেই উদ্দেশ্য আগত ৰাখিয়েই শিল্পগ্ৰামত জিলা ভিত্তিক ৪ জনীয়া আহ্বায়ক-সহ আহ্বায়কৰ এখন সমিতি গঠন কৰি দিয়া হয়।

দাসে কয়, ‘‘৪০ লাখ সদস্য ভৰ্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰত্যেক তিনিবছৰৰ মূৰত ২০ শতাংশকৈ বৃদ্ধি কৰাৰ এক প্ৰক্ৰিয়া আছে। সেই অনুসৰি বৰ্তমানৰ ২৯ লাখ বিজেপিৰ সদস্যৰ পৰা ৪০ লাখলৈ বৃদ্ধি কৰিব লাগিব। জিলা পৰ্য্যায়ত আহ্বায়ক, সহ আহ্বায়কক লৈ ৪ জনীয়া একোখন সমিতি গঠন কৰি দিয়া হৈছে।‘’

আনহাতে, পূৰ্বেও নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত ৰঞ্জিত দাসে কৰা সমীক্ষা মিলি যোৱা বুলি দাবী কৰা দাসে শণিবাৰে পুনৰ কয়, ‘’জনিয়া সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ অহাটো নিশ্চিত। মই যি নিৰ্বাচনৰ খবৰ দিওঁ আগতীয়াকৈয়ে দিওঁ।‘’

তদুপৰি, মিছন-১০০ৰে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে বুলি সদৰী কৰি বিজেপিয়ে অতি কমেও ৯০ খন আসন লাভ কৰিব বুলি ‘ন’ দি কয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

ইপিনে, তৰুণ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মিছন-৮০’ৰ কথাটো সাংবাদিকে দাসত সোধাত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো বুলি কয়।

‘’তৰুণ গগৈয়ে নেতৃত্ব লোৱা-নোলোৱাক লৈ কথা নাই, কাৰণ তেওঁ নেতৃত্বত থাকোঁতেই শিলচৰৰ আসনখনত হাৰিলে। তাৰ পাছত তেওঁ মুখেৰে ওলোৱা কথাৰ প্ৰতিক্ৰিয়া দিব নিবিচাৰো। তৰুণ গগৈ মোৰ দেউতাৰ বয়সৰ ব্যক্তি, গতিকে কথাৰ তাৰতম্য হ’ব পাৰে। গতিকে এইবিলাক কথাত প্ৰতিক্ৰিয়া দি মনোকষ্ট নিদিয়াই ভাল।‘’ প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ সন্দৰ্ভত দাসে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd