DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘সংখ্যালঘু প্ৰীতি’ দেখুৱাবলৈ গৈ অংকত খেলিমেলি লাগিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

জনিয়া বিধান সভা সমষ্টিৰ ৩০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যোগদান কৰিব বিজেপিত : ৰঞ্জিত দাসৰ হিচাপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2019 8:21 pm
0f168e48-132c-4e3b-97ef-e667fe0f64f8

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰতি প্ৰবল ৰূপত আকৃষ্ট হোৱা তথা বিজেপিৰ তেওঁলোকৰ প্ৰতি ‘সংখ্যালঘু প্ৰীতি’ দেখুৱাবলৈ গৈ নিজে কৰা অংকতে খেলিমেলি লগালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। আনকি জনীয়া সমষ্টিৰ ৩০ লাখ লোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিব বুলিও সদৰী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। য’ত নেকি জনিয়া বিধান সভা সমষ্টিৰ জনসংখ্যাই ১০ লাখ চুব পৰা নাই। জনিয়া সমষ্টিৰ মুঠ ভোটাৰ ১,৭৩,৪১০ গৰাকী।

প্ৰথমে এই ভুলৰ পাছতে দ্বিতীয় ভুলটো কৰিলে দাসে। এইবাৰ ৰঞ্জিত দাসৰ মুখত উত্তৰ অভয়াপুৰীৰ প্ৰসংগ। দাসৰ মতে অভয়াপুৰীতো ১০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ৰাজহুৱাকৈ যোগদান কৰিব বিজেপিত। য’ত নেকি উত্তৰ অভয়াপুৰী সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে মাথোঁ ১,৫০,৮০১ গৰাকী।

‘’জুন মাহৰ ভিতৰতে জনিয়া সমষ্টিত প্ৰায় ৩০ লাখতকৈয়ো অধিক সংখ্যালঘু লোকে নতুনকৈ সদস্য পদ গ্ৰহণ কৰিব। উত্তৰ অভয়াপুৰী সমষ্টিত ৰাজহুৱাকৈ ১০ লাখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সদস্যপদ গ্ৰহণ কৰিব। হাইলাকান্দি জিলা, যমুনামুখ, ৰূপহীহাট, এইসমূহ সমষ্টিতো ইতিমধ্যে সংখ্যালঘু সদস্য ভৰ্তি কৰাৰ বাবে যো-জা চলাইছে।‘‘ শিল্পগ্ৰামত অনুষ্ঠিত ‘সদস্যতা অভিযান’ৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এই হিচাপ দাঙি ধৰে ৰঞ্জিত দাসে।

ইপিনে, বৰ্তমান সমগ্ৰ অসমত ২৯ লাখ বিজেপি সদস্য থকা বুলি দাবী কৰা দাসৰ এইবাৰৰ লক্ষ্য ৪০ লাখ সদস্য। সেই উদ্দেশ্য আগত ৰাখিয়েই শিল্পগ্ৰামত জিলা ভিত্তিক ৪ জনীয়া আহ্বায়ক-সহ আহ্বায়কৰ এখন সমিতি গঠন কৰি দিয়া হয়।

দাসে কয়, ‘‘৪০ লাখ সদস্য ভৰ্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰত্যেক তিনিবছৰৰ মূৰত ২০ শতাংশকৈ বৃদ্ধি কৰাৰ এক প্ৰক্ৰিয়া আছে। সেই অনুসৰি বৰ্তমানৰ ২৯ লাখ বিজেপিৰ সদস্যৰ পৰা ৪০ লাখলৈ বৃদ্ধি কৰিব লাগিব। জিলা পৰ্য্যায়ত আহ্বায়ক, সহ আহ্বায়কক লৈ ৪ জনীয়া একোখন সমিতি গঠন কৰি দিয়া হৈছে।‘’

আনহাতে, পূৰ্বেও নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত ৰঞ্জিত দাসে কৰা সমীক্ষা মিলি যোৱা বুলি দাবী কৰা দাসে শণিবাৰে পুনৰ কয়, ‘’জনিয়া সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ অহাটো নিশ্চিত। মই যি নিৰ্বাচনৰ খবৰ দিওঁ আগতীয়াকৈয়ে দিওঁ।‘’

তদুপৰি, মিছন-১০০ৰে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে বুলি সদৰী কৰি বিজেপিয়ে অতি কমেও ৯০ খন আসন লাভ কৰিব বুলি ‘ন’ দি কয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

ইপিনে, তৰুণ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মিছন-৮০’ৰ কথাটো সাংবাদিকে দাসত সোধাত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো বুলি কয়।

‘’তৰুণ গগৈয়ে নেতৃত্ব লোৱা-নোলোৱাক লৈ কথা নাই, কাৰণ তেওঁ নেতৃত্বত থাকোঁতেই শিলচৰৰ আসনখনত হাৰিলে। তাৰ পাছত তেওঁ মুখেৰে ওলোৱা কথাৰ প্ৰতিক্ৰিয়া দিব নিবিচাৰো। তৰুণ গগৈ মোৰ দেউতাৰ বয়সৰ ব্যক্তি, গতিকে কথাৰ তাৰতম্য হ’ব পাৰে। গতিকে এইবিলাক কথাত প্ৰতিক্ৰিয়া দি মনোকষ্ট নিদিয়াই ভাল।‘’ প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ সন্দৰ্ভত দাসে এইদৰে কয়।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd