নিৰ্বাচনৰ সময়তে বিসম্বাদঃ গুজৰাটত ৭ বিধায়কক নিলম্বন কৰিলে বিজেপিয়ে

a bjp

১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া গুৰাটত শাসকীয় বিজেপিৰ মাজত টিকটকেন্দ্ৰিক বিসম্বাদে গা কৰি উঠিছে। এনে সময়তে গুজৰাট বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি দলৰ সাতজন বিধায়কক নিলম্বন কৰিছে। নিলম্বিত বিধায়কেইজনে আগন্তুক বিধানসভা নিভাচনত গেৰুৱা দলৰ দ্বাৰা টিকট নোপোৱাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল। গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত উক্ত সাতজন প্ৰাৰ্থীৰ সকলোৱে টিকট বিচাৰিছিল।

কিন্তু বিভিন্ন কাৰণত বিজেপিয়ে তেওঁলোকক টিকট দিয়া নাছিল। ইয়াতে ক্ষুণ্ণ হৈ তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিছে। “দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে এই বিধায়কসকলক ছয় বছৰৰ বাবে নিলম্বিত কৰা হৈছে,” বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে আজি এইদৰে বিবৃতি প্ৰকাশ কৰিছে। নিলম্বিত কৰা বিজেপি নেতাসকলৰ নৰ্মদা জিলাৰ নান্দোদৰ হৰ্ষদ ভাছাভাও এজন। জুনাগড়ৰ অৰবিন্দ লাদানীকো নিলম্বিত কৰা হৈছে।সুৰেন্দ্ৰনগৰৰ ধংগদ্ৰাৰ ছত্ৰসিং গুঞ্জৰিয়া, ভালচাদৰ পাৰাদিৰ কেতন ভাই পেটেল, ৰাজকোট গ্ৰাম্যৰ ভাৰত ভাই চাৱদা, গিৰৰ সোমনাথ জিলাৰ ভেৰাভালৰ উদয় ভাই শ্বাহ আৰু আমৰেলীৰ ৰাজুলাৰ পৰা টিকট বিচৰা কৰণ ভাই বৰাই নিলম্বনৰ সন্মুখীন হৈছে।

উল্লেখ্য এইবাৰৰ বিধানসভা নিৰ্বাচনত গুজৰাটত বিজেপিয়ে ৪২ জন বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰিছে। গেৰুৱা দলটোৱে ঘোষণা কৰা ১৬০ জন প্ৰাৰ্থীৰ প্ৰথম তালিকাৰ পৰা ৩৮ জন বৰ্তমানৰ বিধায়কক বাদ দিছে। বাদ পৰাসকলৰ ভিতৰত কেইবাজনো দলৰ ডাঙৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নিতিন পেটেলো আছে।

২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৮২ খন আসনৰ ভিতৰত ৯৯ খন আসনত জয়ী হৈছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আগতে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হিচাবে ২৭ বছৰ ধৰি শাসনত আছিল। এইবাৰ প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু চি আৰ পাটিলৰ নেতৃত্বত দলটোৱে আসনৰ সংখ্যা ১৪০ অতিক্ৰম কৰাৰ লক্ষ্য স্থিৰ কৰিছে।গুজৰাট ৰাজ্যত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব। ভোটগণনা 8 ডিচেম্বৰত হ’ব।