• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ পঞ্চায়তত বিজেপিৰ জয়যাত্ৰা, গোটেই নিশা চলিব ভোট গণনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 12, 2018 8:33 pm
Supporters gathering out side the Panchyat Election poll counting hall at Sivasagar Govt HS School on 12-12-18.Pix by UB Photos

শিৱসাগৰত পঞ্চায়তৰ ভোট গণনাত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰ। বুধবাৰৰ ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ঘোষিত পাঁচখন ৰাজ্যৰ ফলাফলৰ বিপৰীতে অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয়ৰ ধৰা দেখিবলৈ পোৱা গৈছে।

শেহতীয়াভাৱে যোৱা ৫ আৰু ৯ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ বুধবাৰে হোৱা ভোটগণনাত এই ধাৰা পৰিলক্ষিত হৈছে।

Apply Now

পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ কেন্দ্ৰত গণনা আৰম্ভ হোৱাৰ পাছত এতিয়াও চলি থকা গণনা ৰাতিও অব্যাহত থাকিব।

এতিয়াও বহু পঞ্চায়তৰ ভোট গণনা বাকী আছে যদিও বৰ্তমানলৈ ৰাজ্যত শাসনত থকা বিজেপিয়েই অধিকাংশ পঞ্চায়তত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দ্বিতীয় স্থানত আৰু অসম গণ পৰিষদ তৃতীয় স্থানত আছে।

বুধবাৰে সন্ধিয়া ৬.৩০ বজাত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই এক সংবাদমেলযোগে ৰাজ্যত ভোট গণনা শান্তিপূৰ্ণভাৱে চলি থকা বুলি জানিবলৈ দিয়ে। লগতে আজি গোটেই নিশা ভোট গণনা চলি থকাৰ সম্ভৱনা আছে বুলিও সদৰী কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া পাঁচ বজালৈ ৫৮টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হৈছে। ইয়াৰে বিজেপিৰ ৩০ জন, কংগ্ৰেছৰ ১৫ জন, অগপৰ ৮ জন আৰু অন্যান্য ৩ জন প্ৰাৰ্থী বিজয়ী হৈছে।

আনুষ্ঠানিকভাৱে ঘোষিত গাওঁ পঞ্চায়তৰ সভাপতি পদৰ ৭১ জনৰ জয়লাভ কৰা তথ্য নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে। ইয়াৰে বিজেপিৰ ৩৩ জন, কংগ্ৰেছৰ ২০ জন, অগপৰ ১০ জন, এ আই ইউ ডি এফৰ ২ জন আৰু অন্যান্য ৬ জন প্ৰাৰ্থী জয়যুক্ত হ’বলৈ সক্ষম হৈছে।

গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত ১০৮৯ টা ৱাৰ্ডৰ গণনা সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত বিজেপিৰ ৪৮১ জন, কংগ্ৰেছৰ ২৯৪ জন, অগপৰ ১১৫ জন আৰু অন্যান্য ১৮০ জন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

পাঁচ বজালৈ জিলা পৰিষদৰ সদস্য পদৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই বুলি ৰাজ্যিক নিৰ্বাচন আয়োগে জানিবলৈ দিছে। লগতে এই ফলাফলসমূহ ১৯খন নিৰ্বাচনী জিলাৰ বুলিহে আয়োগে প্ৰকাশ কৰে।

এই ফলাফলৰ তথ্যৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলক বাদ দিয়া বুলিও আয়োগে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ৰাজ্যখনৰ ২৬ খন জিলাৰ মুঠ ৪২০ টা জিলা পৰিষদৰ সদস্য, ২১৯৯ টা আঞ্চলিক পঞ্চায়তৰ সদস্য, ২১৯৯ টা গাওঁ পঞ্চায়তৰ সভাপতি আৰু ২১৯৯০ টা ৱাৰ্ড সদস্য পদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল।

বৰ্তমানলৈ ঘোষিত ফলাফলৰ পৰা দেখা গৈছে যে বিজেপিয়ে প্ৰতিটো পদতে বিৰোধী দল কংগ্ৰেছতকৈ প্ৰায় দুগুণ আসন লাভ কৰিছে। তাৰ বিপৰীতে ৰাজ্য চৰকাৰত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ অৱস্থা তেনেই শোচনীয় হৈ আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd