নিশাই চিকিৎসালয়ত ভৰ্তি আদৱানী, কেনে আছে ৯৬ বৰ্ষীয় নেতাগৰাকী? কি জনালে দিল্লী এইমছে?

দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী। ফটোঃ সংগ্ৰহীত।

ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক বুধবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে (এইমছ) এক বিবৃতিত কয় যে, ‘এল কে আদৱানী বৰ্তমান নতুন দিল্লীৰ এইমছত ভৰ্তি হৈ আছে। তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ। তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে।’

অৱশ্যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ সঠিক কাৰণ সন্দৰ্ভত এইমছ কৰ্তৃপক্ষই কোনো মন্তব্য কৰা নাই। সূত্ৰ অনুসৰি চিকিৎসালয়খনৰ জেৰিয়াট্ৰিক বিভাগত চিকিৎসাধীন হৈ আছে ৯৬ বছৰীয়া আদৱানী। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত সমস্যাত ভুগি আছে।

লগতে পঢ়কঃ পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা; স্পৰ্শ কৰিলে বলৰাম জাখাৰৰ অভিলেখ

বিগত কিছুদিন ধৰি কেইবাজনো শীৰ্ষ নেতাক সাক্ষাৎ কৰিছিল আদৱানীয়ে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে ৭ জুনত নতুন দিল্লীৰ আদৱানীৰ বাসগৃহত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল। চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ পূৰ্বে তেওঁ আদৱানীক সাক্ষাৎ কৰিছিল।

ইয়াৰে দুদিন পিছতে আদৱানীৰ বাসগৃহত উপস্থিত হৈছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

আদৱানীয়ে শনিবাৰে (২২ জুন) কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰে। সেই বৈঠকৰ অন্তত পুৰীয়ে আদৱানীৰ বাসগৃহলৈ গৈ তেওঁৰ আশীৰ্বাদ বিচাৰিছিল বুলি জনাইছিল।

লগতে পঢ়কঃ ২০১৩ চনৰ হত্যাকাণ্ডৰ গোচৰত ৬জন অসম আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আদৱানীক ভাৰতৰত্ন বঁটা দিয়াৰ কথা ঘোষণা কৰিছিল। অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ  পষেকৰ ভিতৰতে এই ঘোষণা কৰা হয়। আদৱানী ৰাম জনমভূমি আন্দোলনৰ ‘হোতা’ হিচাপেই পৰিচিত। সেই পৰিস্থিতিত ৰাজনৈতিক মহলে ভাৰতৰ প্রাক্তন উপ-প্ৰধানমন্ত্রীগৰাকীক ভাৰতৰত্ন বঁটা প্রদানত বিশেষ তাৎপৰ্য্য বিচাৰি পাইছিল৷