উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩-৪ খন আসনহে লাভ কৰিব, কোনে কৰিলে এই দাবী?

দেশৰ পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমগাত। বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশত এইবাৰো গেৰুৱা দলটোৱে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দাবী কৰি অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে ওলোটা ছবি এখনৰ কথাহে ক’বলৈ আৰম্ভ কৰিছে।

ইতিমধ্যে কেইবাজনো বিজেপি দলৰ পৰা নিৰ্বাচিত মন্ত্ৰীয়ে সমাজবাদী দলত যোগদান কৰাৰ সময়তে উৎফুল্লিত হৈ পৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে ।

শুকুৰবাৰে যাদৱে কয় যে এই বছৰৰ নিৰ্বাচনত শাসকীয় বিজেপি দলে মাত্ৰ ৩-৪ খন আসনহে লাভ কৰিব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণ কৰি যাদৱে কয়, “৮০ বনাম ২০” দাবীৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে বুজাইছে যে এই নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ মুঠ আসনৰ ২০ শতাংশ লাভ কৰিব আৰু বাকী ৮০ শতাংশ তেওঁৰ দললৈ যাব।”

স্বামী প্ৰসাদ মৌৰ্য আৰু আন একাংশ বিজেপি নেতাৰ আগমনৰ পিছত,গেৰুৱা দলটোৱে আনকি এই ২০ শতাংশও হেৰুওৱাৰ আশংকা থকা বুলি যাদৱে মন্তব্য কৰে।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে আদিত্যনাথ এজন গণিত শিক্ষকক নিযুক্ত কৰা উচিত বুলিও যাদৱে কটাক্ষ কৰে।
যাদৱে ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত তিনি-চতুৰ্থাংশ আসন জিকিব বুলি বিজেপিয়ে কৰি অহা দাবীক প্ৰত্যাহ্বান জনাই কয়, “তেওঁলোকে বুজাব বিচাৰিছে যে তেওঁলোকে তিনি বা চাৰিখন আসনকহে জিকিব।”

উল্লেখ্য বিজেপিৰ প্ৰাক্তন মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য আৰু ধৰম সিং চাইনীয়ে আন বিধায়কসকলৰ সৈতে শুকুৰবাৰে তেওঁলোকৰ সমৰ্থকৰ সৈতে আনুষ্ঠানিকভাৱে সমাজবাদী পাৰ্টিত যোগদান কৰিছে। মৌৰ্যই বিজেপিক ২০১৭ চনত পিছপৰা জাতিক প্ৰতাৰণা কৰি ক্ষমতালৈ অহাৰ অভিযোগ কৰিছিল।

মৌৰ্যই শেহতীয়াকৈ কৈছে যে তেওঁৰ প্ৰচেষ্টা হ’ব উত্তৰ প্ৰদেশক বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰা। তেওঁ কয় যে যোগী আদিত্যনাথ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।” মই বিজেপিক ক’ব বিচাৰো যে বিফলতাৰ গণনা আজিৰ পৰা আৰম্ভ হৈছে,” তেওঁ কয়।

সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে নেতাসকলক তেওঁৰ দললৈ স্বাগতম জনাই কয় যে ধনী লোকসকলক লাভান্বিত কৰিবলৈ বিজেপিয়ে দৰিদ্ৰ লোকসকলক লুণ্ঠন কৰি আছে। ইফালে, প্ৰাক্তন মন্ত্ৰী দাৰা সিং চৌহানেও সমাজবাদী পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

চৌহানে আৰু কেইজনমান বিধায়কৰ সৈতে দেওবাৰে সমাজবাদী পাৰ্টীত যোগদান কৰিব বুলি জানিব পৰা গৈছে।