• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্তৰ ঘোষণা : অসমত ৯ ৰ পৰা ১১ খন আসন পাব বিজেপিয়ে

বোকাখাতত ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন

উত্তম শইকীয়া by উত্তম শইকীয়া
March 10, 2019 6:33 pm
Himanta
376
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ কাৰ্যকৰ্তাৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয় ৷ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অসমৰ তত্বাৱধায়ক মহেন্দ্ৰ সিঙ, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকে ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ জনগোষ্ঠীৰ মাজত দলীয় প্ৰচাৰ চলোৱাৰ বাবেই আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছিল।

চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই আদৰণী ভাষণ দিয়া সভাখনত বিজেপি নেতা মহেন্দ্ৰ সিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালক প্ৰশংসা কৰি বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে কৰা কৰ্ম আঁচনিৰ বৰ্ননা কৰি পুনৰ বাৰ মোদী চৰকাৰ গঠন কৰাৰ সুবিধা প্ৰদান কৰিবৰ বাবে আহ্বান জনায় ৷

নিজৰ ভাষণ প্ৰসংগত সৰ্বানন্দ সোনোৱালেও পুনৰ বাৰ মোদী চৰকাৰৰ গঠনৰ শ্লোগানেৰে উপস্থিত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি সকলক আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবৰ বাবে প্ৰকাৰন্তে আহ্বান জনায় ৷ ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত অসমৰ চাহ জনগোষ্ঠীয়ে অতি কম সময়তে ৮ লাখ বেংক একাউন্ট খুলি অভিলেখ স্থাপন কৰাৰ বাবে অসমৰ চাহ জনগোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে মুখ্য মন্ত্ৰীৰ সভা ত্যাগৰ পাছতেই হেলিকপ্টাৰেৰে সভাস্থলিত পলমকৈ উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েঞ্চ আৰু বিজেপিয়ে মিলি উত্তৰ-পূবৰ ২৫ খন আসনৰ ভিতৰত ১৯ ৰ পৰা ২১ খন আসন আৰু অসমত ৯ৰ পৰা ১১ খন আসন বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানতে চাহ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাটৰ নেতা সঞ্জয় কৃষ্ণ তাঁতী প্ৰমুখ্যে একাংশ লোকে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

এই সভাত শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, খুমটাইৰ বিধায়ক মৃনাল শইকীয়া, তিনচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে চাহ মৰ্চাৰ সমূহ বিষয় ববীয়া উপস্থিত থাকে ৷

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd