৮১ নং লাহৰীঘাট সমষ্টিত দেওবাৰে পুৰণি বিজেপি কৰ্মীক দলীয় টিকটৰ পৰা বঞ্চিত কৰি ধূমকেতু সদৃশ এজন ন বিজেপিক প্ৰাৰ্থীত্ব প্ৰদান কৰাকলৈ সমষ্টিটোৰ গেৰুৱা দলৰ তৃণমূল কৰ্মীসকলৰ মাজত এতিয়া প্ৰতিবাদ জুই জ্বলিব ধৰিছে।
দেওবাৰে সমষ্টিটোৰ অঞ্চলে অঞ্চলে গেৰুৱা দলটোৰ কৰ্মীসকলে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
সমষ্টিটোৰ বৰিবন্ধাত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ৰাজপথত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাৰ লগতে ‘ৰঞ্জিত দাস গ’বেক,’ ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক,’ ‘দলীয় প্ৰাৰ্থী কাদিৰোজ্জামান জিন্না মুৰ্দাবাদ’ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
একেদৰে গৰৈমাৰীকে ধৰি আনকেইবা ঠাইতো দলীয় কৰ্মীসকলে ৰাজ্যিক বিজেপি আৰু প্ৰাৰ্থী কাদিৰোজ্জামান জিন্নাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
আনকি লাহৰীঘাট সমষ্টিত ব্যাপক ধনৰ লেনদেনত ৰাজ্যিক বিজেপিয়ে বিজেপিৰ প্ৰবীণ নেতাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিৰ পাবত গজা ১৪ দিনীয়া নেতা কাদিৰোজ্জামান জিন্নাক টিকট প্ৰদানৰ অভিযোগ তুলিছে প্ৰতিবাদী কৰ্মীসকলে। কাদিৰোজ্জামান জিন্না অঞ্চলসমূহত সোমালে বেয়া পৰিস্থিতিৰ সন্মুখীন কৰাৰো ভাবুকি আহিছে।
উল্লেখযোগ্য যে দীৰ্ঘদিনে সমষ্টিটোত দলীয় সাংগঠনিক কাম কাজেৰে সুখ দুখৰ সময়ত দলীয় কৰ্মীৰ লগত থকা ব্যক্তি কেইগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান নকৰি কোনো দিনে সমষ্টিবাসীৰ দূৰৰে কথা নিজা অঞ্চলবাসীকো বিপদৰ সময়ত দেখা নিদিয়া, দলীয় কৰ্মীক চিনি নোপোৱা গণ ভিত্তিহীন ব্যক্তিক গেৰুৱা দলটোৰ ৰাজ্যিক বিজেপি নেতৃত্বই দলীয় টিকট দি কেনেদৰে সমষ্টিটো উদ্ধাৰ কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে।
ইফালে সমষ্টিটোত দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক, বিস্তাৰকসকলক নিয়োগ কৰি কণা হাঁহক পতান দিয়াৰ দৰে সমষ্টিটোত নাম গোন্ধ নথকা, সমষ্টিবাসীয়ে, দলে চিনি নোপোৱা এজন ব্যক্তিক ৰাজ্যিক বিজেপিৰ নেতৃত্বই দলীয় টিকট প্ৰদান কৰাক লৈ কৰ্মীসকলৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে।
ৰাজ্যিক বিজেপিৰ এই কাৰ্যক সমষ্টিটোৰ তৃণমূল কৰ্মীসকলে মানি লোৱা নাই আৰু অচিৰেই প্ৰাৰ্থী সলনি কৰিবলৈ দাবী জনাইছে। অন্যথা সমষ্টিটোৰ গেৰুৱা দলৰ তৃণমূল কৰ্মীসকলে উপযুক্ত প্ৰাৰ্থীৰ অভাৱত ন’টাত ভোট প্ৰদান কৰি ৰেকৰ্ড সৃষ্টি কৰিব বুলিও সকীয়াই দিয়ে।