বিজেপিয়ে অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে তৎপৰ হৈ অহাৰ সময়তে কলকাতাত এগৰাকী জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰীক বিজেপিত যোগদান কৰাই তেওঁলোকৰ এই লক্ষ্যক আৰু এক মাত্ৰা প্ৰদান কৰিলে।
বুধবাৰে কলকাতাত বাংলাদেশৰ প্ৰখ্যাত অভিনেত্ৰী অঞ্জু ঘোষে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ উপস্থিতিত বাংলাদেশৰ অভিনেত্ৰীগৰাকীয়ে দলটোত যোগদান কৰে। কিন্তু অভিনেত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে স্বাভাৱিকতে তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে।
সাংবাদিকে বাংলাদেশী অভিনেত্ৰীগৰাকীক নাগৰিকত্ব সম্পৰ্কে সোধা প্ৰশ্ন তেওঁ এৰাই চলিছে। ১৯৮৯ চনত মুক্তি লাভ কৰা অঞ্জু ঘোষ অভিনীত ‘বেদেৰ মেয়ে জোৎস্না’ নামৰ ছবিখনে বাংলাদেশৰ লগতে সমগ্ৰ অসম তথা পশ্চিমবংগত খলকনি তুলিছিল। ইয়াৰ পাছতে কলকাতালৈ আহি অভিনেত্ৰীগৰাকীয়ে কলকাতাত থাকি বাংলা ছবিত অভিনয় কৰিবলৈ লয়।
বাংলাদেশী অভিনেত্ৰীগৰাকীৰ বিজেপিত যোগদান অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ প্ৰতি বিজেপিৰ এক ভেঙুচালি বুলিও ক’ব পাৰি। কিয়নো প্ৰবল বিধেয়ক বিৰোধী আন্দোলনৰ মাজত লুকাই থকা অসমীয়া জাতীয়তাবাদৰ সত্ত্বাকো যেন ই উপহাস কৰিলে।
৬৩ বছৰীয়া বাংলাদেশী অভিনেত্ৰীগৰাকীক বিজেপিয়ে দললৈ আনি বিধেয়ক বিৰোধীসকলক এই কথা বুজাই দিলে নেকি যে হিন্দু বাংলাদেশী সংস্থাপনৰ তেওঁলোকৰ যি দৃঢ় সিদ্ধান্ত তাক ৰূপায়ন কৰাৰ কাম এইদৰেই আৰম্ভ কৰা হ’ল।
স্বাভাৱিকতে, বাংলাদেশী অভিনেত্ৰী অঞ্জু ঘোষৰ যোগদানৰ পাছত দেশখনৰ আন আন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত নাগৰিকেও আহি যদি বিজেপিত যোগদান কৰিব খোজে তেতিয়াহ’লে কোনোৱে বাধা দিব পাৰিবনে? বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি এইদৰে ভাবুকিৰ সৃষ্টি কৰা নাইনে?
অসমত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে চলি থকা দীঘলীয়া সংগ্ৰামখন এনেদৰেই লাহে লাহে মৰহি যাবলৈ ওলোৱা নাইনে? অগপই বিজেপিৰ আগত আত্মসমৰ্পণ কৰাৰ পাছত বিৰোধিতা কৰিব পৰা আঞ্চলিক ৰাজনৈতিক দল নোহোৱা হ’ল।
আনহাতে, আছুকে ধৰি বিধেয়কবিৰোধী আন জাতীয়তাবাদী দল-সংগঠনসমূহে বিজেপিৰ এনে একনায়কত্ববাদক প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তি গোটাবই পৰা নাই। সেয়েহে, বিজেপিয়ে এইদৰে লাহে লাহে তেওঁলোকৰ হিন্দু বাংলাদেশী সংস্থাপনৰ লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হৈছে!