কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি অধ্যক্ষ অমিত শ্বাহৰ সৈতে ৰাজনাথ সিঙৰ বাসগৃহত মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰে এখন জৰুৰী বৈঠকত মিলিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আলোচনা কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখনত পৰিস্থিতি জটিল হৈ থকাৰ সময়তে বিধেয়কখনক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত মত বিৰোধ হোৱাৰ কথা জানিব পৰা গৈছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে দলৰ একাংশ কেন্দ্ৰীয় নেতাই শীঘ্ৰে বিধেয়কখনত অনুমোদন জনোৱাৰ পক্ষত আছে যদিও আন একাংশ নেতাই অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বিধেয়কখন বাতিল কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে।
ইপিনে, মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰৰ বৈঠকত বিধেয়কখন সন্দৰ্ভত আলোচনা হোৱাৰ কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছে যদিও জানিব পৰা মতে বৈঠকত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষাৰ সিদ্ধান্ত লোৱা হয়।
আনহাতে, অহা ২০ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জেপিচিৰ বৈঠকত সদস্যই বিধেয়কখনৰ পৰা বাংলাদেশক অঁতৰাই ৰখাৰ বাবে একাংশ সদস্যই আগবঢ়োৱা প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰাৰ প্ৰতিবাদত অসমত খিলঞ্জীয়া দল-সংগঠনৰ লগতে ৰাইজে বিধেয়কখন বাতিল কৰাৰ দাবীৰে প্ৰতিবাদী আন্দোলন চলাই থকাৰ মাজতে জেপিচিৰ সদস্য অসমৰ কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতা, তৃণমূল কংগ্ৰেছৰ সাংসদ তথা জেপিচিৰ সদস্য সৌগত ৰয়, সাংসদ স্বপন দাসগুপ্ত আদিয়ে বিধেয়কখনৰ আওতাৰপৰা বাংলাদেশক বাদ দিয়াৰপৰামৰ্শ আগবঢ়াইছে। এই সন্দৰ্ভত ২০ নৱেম্বৰৰ জেপিচিৰ বৈঠকত আলোচনা বিতং হোৱাৰ সম্ভাৱনা আছে।
জেপিচিৰ সদস্য তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই শনিবাৰে কয় যে বিধেয়কৰ আওতাৰপৰা বাংলাদেশক আঁতৰোৱাৰ সম্পৰ্কত কোনো আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই। যদি বিধেয়কখনৰ পৰা বাংলাদেশক আঁতৰাবই লাগে তেতিয়াহ’লে বিধেয়কখনৰ কোনো মূল্যই নাথাকিব।
আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ বাসভৱনত অনুষ্ঠিত বৈঠকত এন আৰ চি বিষয়ক লৈ আলোচনা হোৱা বুলিহে জানিব দিয়ে।
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে বিধেয়কখনক লৈ এটা দোদল্যমান পৰিস্থিতিৰ সন্মুখীন হৈছে। বিধেয়কখন গৃহীত কৰা মানেই অসমত বিজেপিৰ ভেটি উছন হোৱাৰ পথ মসৃন হোৱা বুলি দলৰ বিশ্লেষকসকলে মত পোষণ কৰিছে।
সেয়ে বিধেয়কখনক লৈ যিমান পাৰি সময় লোৱাৰ কিবা নীতি গ্ৰহণ কৰিব পাৰি নেকি সেয়া বিচাৰি উলিওৱাৰ বাবে যত্নপৰ হৈছে একাংশ দলৰ শীৰ্ষ নেতা।