• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ বিপাঙত বিজেপিৰ শীৰ্ষ নেতৃত্ব : হাতৰ পৰা এৰি দিব খোজা নাই অসমক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2018 11:39 am
CM-with-Home-Minister

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ বৈঠক। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি অধ্যক্ষ অমিত শ্বাহৰ সৈতে  ৰাজনাথ সিঙৰ বাসগৃহত মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰে এখন জৰুৰী বৈঠকত মিলিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আলোচনা কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখনত পৰিস্থিতি জটিল হৈ থকাৰ সময়তে বিধেয়কখনক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত মত বিৰোধ হোৱাৰ কথা জানিব পৰা গৈছে।

Apply Now

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে দলৰ একাংশ কেন্দ্ৰীয় নেতাই শীঘ্ৰে বিধেয়কখনত অনুমোদন জনোৱাৰ পক্ষত আছে যদিও আন একাংশ নেতাই অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বিধেয়কখন বাতিল কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে।

ইপিনে, মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰৰ বৈঠকত বিধেয়কখন সন্দৰ্ভত আলোচনা হোৱাৰ কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছে যদিও জানিব পৰা মতে বৈঠকত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদনলৈ অপেক্ষাৰ সিদ্ধান্ত লোৱা হয়।

আনহাতে, অহা ২০ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জেপিচিৰ বৈঠকত সদস্যই বিধেয়কখনৰ পৰা বাংলাদেশক অঁতৰাই ৰখাৰ বাবে একাংশ সদস্যই আগবঢ়োৱা  প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰাৰ প্ৰতিবাদত অসমত খিলঞ্জীয়া দল-সংগঠনৰ লগতে ৰাইজে বিধেয়কখন বাতিল কৰাৰ দাবীৰে প্ৰতিবাদী আন্দোলন চলাই  থকাৰ মাজতে জেপিচিৰ  সদস্য অসমৰ কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতা, তৃণমূল কংগ্ৰেছৰ সাংসদ তথা জেপিচিৰ সদস্য সৌগত ৰয়, সাংসদ স্বপন দাসগুপ্ত আদিয়ে বিধেয়কখনৰ আওতাৰপৰা বাংলাদেশক বাদ দিয়াৰপৰামৰ্শ আগবঢ়াইছে। এই সন্দৰ্ভত ২০ নৱেম্বৰৰ জেপিচিৰ বৈঠকত আলোচনা বিতং হোৱাৰ সম্ভাৱনা আছে।

জেপিচিৰ সদস্য তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই শনিবাৰে কয় যে বিধেয়কৰ আওতাৰপৰা বাংলাদেশক আঁতৰোৱাৰ সম্পৰ্কত কোনো আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই। যদি বিধেয়কখনৰ পৰা বাংলাদেশক আঁতৰাবই লাগে তেতিয়াহ’লে বিধেয়কখনৰ কোনো মূল্যই নাথাকিব।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ বাসভৱনত অনুষ্ঠিত বৈঠকত এন আৰ চি বিষয়ক লৈ আলোচনা হোৱা বুলিহে জানিব দিয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে বিধেয়কখনক লৈ এটা দোদল্যমান পৰিস্থিতিৰ সন্মুখীন হৈছে। বিধেয়কখন গৃহীত কৰা মানেই অসমত বিজেপিৰ ভেটি উছন হোৱাৰ পথ মসৃন হোৱা বুলি দলৰ বিশ্লেষকসকলে মত পোষণ কৰিছে।

সেয়ে বিধেয়কখনক লৈ যিমান পাৰি সময় লোৱাৰ কিবা নীতি গ্ৰহণ কৰিব পাৰি নেকি সেয়া বিচাৰি উলিওৱাৰ বাবে যত্নপৰ হৈছে একাংশ দলৰ শীৰ্ষ নেতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd